🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 General Science Book Chapter 6 Answer | Sankardev School Class 5 Science Book Chapter 6 আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ Question Answer |

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ

পাঠ ৬

মৌখিক কাৰ্যঃ

১। আমাৰ মুখত সন্মুখৰ ফালে দাঁতৰ নাম কি? এই দাঁতবোৰে কি কাম সমাধান কৰে ?

উত্তৰঃ আমাৰ মুখত সন্মুখৰ ফালে দাঁতৰ নাম হৈছে – কৃন্তক। এই দাঁতবোৰে বস্তু ছিঙে।

২। পাচন তন্ত্ৰৰ সতে জড়িত তিনিবিধ আভ্য়ন্তৰীণ অংগৰ নাম কোৱা।

উত্তৰঃ পাচন তন্ত্ৰৰ সতে জড়িত তিনিবিধ আভ্য়ন্তৰীণ অংগৰ নাম হৈছে – পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰ।

৩। শৰীৰৰ সকলো অংগলৈ তেজ কঢ়িওৱা অংগতন্তৰ নাম কি?

উত্তৰঃ শৰীৰৰ সকলো অংগলৈ তেজ কঢ়িওৱা অংগতন্তৰ নাম হৈছে – পৰিবহণ তন্ত্ৰ।

৪। ৰেচন তন্ত্ৰৰ কাম কি?

উত্তৰঃ আমি গ্ৰহণ কৰা খাদ্য়বোৰ হজম হোৱা অংশৰ পৰা বৰ্জনীয় দ্ৰব্য়সমূহ উলিয়াই পেলোৱাই হৈছে ৰেচন তন্ত্ৰৰ কাম।

৫। স্বাভাৱিক অৱস্থাত দুই মিনিটত আমি কিমানবাৰ উশাহ- নিশাহ লওঁ।

উত্তৰঃ স্বাভাৱিক অৱস্থাত দুই মিনিটত আমি ২৪ বাৰৰ পৰা ২৮ বাৰ পৰ্যন্ত উশাহ-নিশাহ লওঁ।

লিখিত কাৰ্যঃ

১। ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱাঃ

‘ক’ অংশ ‘খ’ অংশ
মুত্ৰবাহিকাক্ষুদ্ৰান্ত্ৰ
বৃহদান্ত
হৃদযন্ত্ৰ
কুকুৰ দাঁত
তৰল বৰ্জনীয় পদাৰ্থৰ চলন পাচন হোৱা খাদ্যৰ শোষন কৰেপাচন হোৱা খাদ্যৰ পৰা পানী শোষণ কৰে
ৰক্ত সঞ্চালয়ন কৰে
টুকুৰা কৰা দাঁত

২। শুদ্ধ উত্তৰত (√) চিন দিয়া 

১। পৰিবহণ তন্ত্ৰৰ সৈতে জড়িত অংগবোৰ হ’ল –

(ক) হৃদযন্ত্ৰ    (খ)মুত্ৰবাহিকা আৰু বৃক্ক    (গ) শ্বাসনলী আৰু ক্লোমনলী    (ঘ) পাকস্থলী আৰু খাদ্য়নলী

উত্তৰঃ হৃদযন্ত্ৰ।

২। আমাৰ শৰীৰত বৃক্কৰ কাম হৈছে –

(ক) ৰক্তৰ পৰা তৰল বৰ্জনীয় পদাৰ্থ শোধন কৰে।

(খ) ৰক্তৰ পৰা গোটা বৰ্জনীয় পদাৰ্থ শোধন কৰে।

(গ)ৰক্তৰ পৰা গোটা আৰু তৰল উভয় পদাৰ্থবোৰ শোধন কৰা।

(ঘ) ৰক্তৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোধন কৰা।

উত্তৰঃ ৰক্তৰ পৰা তৰল বৰ্জনীয় পদাৰ্থ শোধন কৰে।

৩। ধমনী আৰু সিৰাৰ মাজৰ পাৰ্থক্য় লিখা।

উত্তৰঃ ধমনী আৰু সিৰাৰ মাজৰ পাৰ্থক্য় হৈছে – ধমনীবোৰত উক্সিজেনযুক্ত তেজ পোৱা যায়। আনহাতে সিৰাবোৰত কাৰ্বন-ডাই-অক্সাইডযুক্ত তেজ পোৱা যায়।

৪। আমাৰ শৰীৰৰ প্ৰতিটো অংগলৈ কেনেদৰে ৰক্ত পৰিবহণ হয় লিখা।

উত্তৰঃ আমাৰ দেহৰ হৃদপিণ্ডৰ পৰা তেজ বিভিন্ন অংগলৈ সিৰা আৰু ধমনীৰ সহায়ত আদান-প্ৰদান কৰা হয়। ধমনীয়ে হৃদপিণ্ডৰ পৰা ধমনীৰ যোগেদি শৰীৰৰ বিভিন্ন অংগলৈ অক্সিজেনযুক্ত তেজ পঠিওৱা হয়। আৰু সিৰাৰ যোগেদি বিভিন্ন অংগৰ পৰা কাৰ্বন-ডাই-অক্সাইডযুক্ত তেজ অনা হয়।

৫। কুকুৰ দাঁত আৰু জামিদাঁত বা গুৰিদাঁতৰ কামৰ পাৰ্থক্য় কি?

উত্তৰঃ কুকুৰ দাঁত আৰু জামিদাঁত বা গুৰিদাঁতৰ কামৰ পাৰ্থক্য় হৈছে – কুকুৰ দাঁতৰ দ্বাৰা বস্তু টুকুৰা-টুকুৰ কৰা হয়। আনহাতে জামিদাঁত বা গুৰিদাঁতৰ সহায়ত বস্তু চোবাই গুৰি কৰা হয়।

৬। পাচন তন্ত্ৰৰ কাৰ্যত জিভাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ জিভাই খাদ্য়বস্তুত লালটি মিহলোৱাৰ লগতে চোবাই গিলালৈকে সহায় কৰে। জিভাই খাদ্য়বস্তুৰ তিতা, মিঠা, জলা, টেঙা আদিৰ সোৱাদ অনুভৱ কৰাতো আমাক সহায় কৰে।

৭। শ্বাস তন্ত্ৰৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আমি যেতিয়া উশাহ লওঁ বায়ু শ্বাসনলীয়েদি ভিতৰলৈ সোমায়। উশাহ-নিশাহৰ সময়ত আমাৰ বুকু আৰু হাওঁফাওঁ প্ৰসাৰণ আৰু সংকোচন হয়।তেজে হাওঁফাওঁত সোমোৱা বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰে। আৰু এই  অক্সিজেন তেজৰ সৈতে মিহলি হয় আৰু শৰীৰৰ প্ৰতিটো অংশলৈ প্ৰবাহিত হয়। এই অক্সিজেনৰ সহায়ত হজম হোৱা খাদ্য়ৰ পৰা শক্তি হয় আৰু ই শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদনত ব্য়ৱহাৰ হয়।

৮। আমাৰ শৰীৰৰ মুঠতে কিমান ডাল হাড় আছে।

উত্তৰঃ আমাৰ শৰীৰৰ মুঠতে ২০৬ ডাল হাড় আছে।

৯। কিহৰ সহায়ত আমি শৰীৰৰ অংগবোৰ লৰচৰ কৰিব পাৰো লিখা।

উত্তৰঃ হাড়বোৰ জোৰাৰ সহায়ত আমি শৰীৰৰ অংগবোৰ লৰচৰ কৰিব পাৰো।

১০। মগজুক কিহে ৰক্ষণাবেক্ষন দিয়ে?

উত্তৰঃ মগজুক লাউখোলাই ৰক্ষণাবেক্ষন দিয়ে।

১১। শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি?

উত্তৰঃ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হৈছে – উৰ্বস্থি বা কৰঙণৰ হাড়ডাল।

১২। কশেৰুকা কাক বোলে?

উত্তৰঃ ৰাজহাড়ডাল গঠন হোৱা সৰু সৰু হাড়বোৰক কশেৰুকা বোলে।

১৩। ৰাজহাড় সুস্থ, সবল কৰি ৰাখিবলৈ আমি কি কৰা উচিত?

উত্তৰঃ ৰাজহাড় সুস্থ, সবল কৰি ৰাখিবলৈ আমি বহোঁতে বা ঠিয় হওঁতে পোন হৈ থাকিব লাগে।

১৪। আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কোন অংশত থাকে ?

উত্তৰঃ আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কাণত অংশত থাকে।

-Hiru Moni Bora

Post ID : DABP006239

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop