🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Science Book Chapter 7 Answer | Sankardev School Class 5 Science Book Chapter 7 বিভিন্ন পৰিৱেশৰ প্ৰাণী Question Answer |

বিভিন্ন পৰিৱেশৰ প্ৰাণী 

পাঠ ৭

১। খালী ঠাই পূৰ কৰাঃ

(ক) মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল ডাঠ আৰু নোমল

(খ)মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য় কাঁইট থাকে।

(গ) মেৰু অঞ্চলত থকা পেংগুইন দল বান্ধি থাকে।

(ঘ) বেছিকৈ জাৰ পৰিলে মাইকী ভালুকে বৰফত গাঁত খান্দি কেইবা মাহো সোমাই থাকিব পাৰে।

(ঙ) গৰম জলবায়ুৰ পৰিৱেশত বিস্তীৰ্ণ তৃণভূমি অঞ্চল থাকে।

(চ) হৰিৎকণা থকাৰ বাবে উদ্ভিদৰ ৰং সেউজিয়া।

(ছ) মাছে ফিছাৰ ৰ সহায়ত পানীত সাতুৰিব পাৰে।

(জ) ভেকুলী এবিধ উভচৰ প্ৰাণী।

(ঝ) মাংসহাৰী চৰাইৰ ভৰিৰ নখ দীঘল হয়।

(ঞ) কেঁচু, শহাপহু আদি প্ৰাণীয়ে গাতৰ ভিতৰত বাস কৰে।

২। উত্তৰ দিয়াঃ

(ক) পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ গছ-গছনি, বায়ু, পানী আৰু মাটিৰে পৰিৱেষ্টিত চৌপাশকে পৰিৱেশ বোলা হয়।

(খ) মৰুভূমিত থকা উদ্ভিদৰ গাত কাঁইট থাকে কিয়?

উত্তৰঃ মৰুভূমিৰ গা-গছ মঙহাল, আৰু ইহঁতে গা-গছত পানী জমা কৰি ৰাখে। সেই উদ্ভিদ তাত থকা জীৱ-জন্তুৱে খাই অনিষ্ট কৰিব নোৱাৰাকৈ মৰুভূমিৰ উদ্ভিদৰ গাত কাঁইট থাকে।

(গ) মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে?

উত্তৰঃ উটৰ পিঠিত থকা কুঁজটোত বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখে। মৰুভূমিত বহুদিনলৈ খাদ্য় আৰু পানীৰ অভাৱ হ’লেও ইহঁতে শৰীৰত জমা হৈ থকা পানীৰে বহুদিনলৈ চলিব পাৰে।

(ঘ) পৃথিৱীত কিমান বিধৰ কেকটাছ আছে?

উত্তৰঃ পৃথিৱীত এহেজাৰ বিধৰ কেকটাছ আছে।

(ঙ) মৰুভূমিৰ প্ৰাণীয়ে গৰম কেনেদৰে সহ্য় কৰিব পাৰে লিখা।

উত্তৰঃ মৰুূমিৰ প্ৰাণীবোৰৰ শৰীৰ মৰুভূমিৰ শুকান, গৰম পৰিৱেশত থকাৰ বাবে উপযোগীকৈ গঠিত হয়।

(চ) শীতল ঠাইৰ প্ৰাণীৰ বৈশিষ্ট্য় লিখা ।

উত্তৰঃ শীতল পৰিৱেশত থকা প্ৰাণীবোৰে সাগৰৰ চৰাই খাই বাচি থাকে। ইহঁতৰ শৰীৰ দীঘল আৰু ঘন নোমেৰে ঢকা। ভৰিৰ তলতো নোম থাকে।

(ছ) বল্গা হৰিণ ক’ত পোৱা যায়?

উত্তৰঃ বল্গা হৰিণ উত্তৰ আমেৰিকা আৰু মেৰু অঞ্চলত পোৱা যায়।

(জ) তৃণভূমি অঞ্চলত কোনবোৰ প্ৰাণী বাস কৰে?

উত্তৰঃ তৃণভূমি অঞ্চলত সিংহ, জেব্ৰা, জিৰাফ, হাতী আদি বাস কৰে।

(ঝ) মাছে কিহৰ সহায়ত পানীত উশাহ লয়?

উত্তৰঃ মাছে ফুলৰ সহায়ত উশাহ লয়।

(ঞ) পানীত হোৱা কেইবিধমান  উদ্ভিদৰ নাম লিখা।

উত্তৰঃ পানীত হোৱা কেইবিধমান উদ্ভিদৰ নাম হৈছে – মেটেকা, পদুম ফুল, ভেট ফুল আদি।

(ট) উভচৰ প্ৰাণীৰ বৈশিষ্ট্য় কি?

উত্তৰঃ উভচৰ প্ৰাণীৰ বৈশিষ্ট্য় হৈছে – ইহঁতৰ গাৰ গঠন সকলো পৰিৱেশতে খাপ খাই থাকিব পৰাকৈ গঠিত। 

(ঠ) চৰাইৰ শৰীৰিক গঠন বৰ্ণনা কৰা।

উত্তৰঃ বতাহত উৰি থাকিব পৰাকৈ ডেউকা থাকে। ইহঁতে চিকাৰ কৰি খাব পৰাকৈ দীঘল ঠোঁট থাকে।

(ড) কেইবিধমান মাটিত বগাই যোৱা প্ৰাণীৰ নাম লিখা।

উত্তৰঃ কেইবিধমান মাটিত বগাই যোৱা প্ৰাণীৰ নাম ঘৰিয়াল, জেঠী, সাপ আদি।

(ঢ) অভিযোজন কাক বোলে?

উত্তৰঃ পৰিৱেশৰ লগত জীৱই খাপ খাবলৈ যত্ন কৰাকে অভিযোজন বোলে।

২। শুদ্ধ /অশুদ্ধ লিখা

(ক) সাগৰফেনা মৰুভূমিত হোৱা এবিধ উদ্ভিদ।

উত্তৰঃ শুদ্ধ।

(খ) বগা ভালুক গৰম ঠাইত বাস কৰা এবিধ প্ৰাণী।

উত্তৰঃ অশুদ্ধ।

(গ) মেৰু অঞ্চলত পেংগুইন বিলাক দলবান্ধি থাকে।

উত্তৰঃ শুদ্ধ।

(ঘ) আফ্ৰিকাৰ তৃণভূমিত দুটা খড়্গ থকা গঁড় পোৱা যায় ।

উত্তৰঃ শুদ্ধ।

(ঙ) ভেকুলী উভচৰ প্ৰাণী নহয়।  

উত্তৰঃ অশুদ্ধ।

Mampi Kakati

Post ID :DABP006253

*****

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop