Class 6 General Science Book Chapter 2 Answer | Sankardev School Class 6 General Science Book Chapter 2 জীৱজগত Question Answer |

জীৱজগত

পাঠ ২

১। কোষ কাক বোলে?

উত্তৰঃ কোষ হৈছে জীৱ দেহৰ গঠন আৰু কাৰ্যৰ একক।

২। তলত কোনবোৰ ম’নেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱ?

এমিবা, প্লাজম’ডিয়াম, যক্ষ্মা ৰোগৰ বীজাণু, কলেৰা ৰোগৰ বীজাণু।

উত্তৰঃ ম’নেৰা ৰাজ্য়ৰ অন্তৰ্ভুক্ত জীৱবোৰ হৈছে – এমিবা, যক্ষ্মা ৰোগৰ বীজাণু আৰু কলেৰা ৰোগৰ বীজাণু।

৩। প্ৰটিষ্টা ৰাজ্যৰ দুটা জীৱৰ নাম লিখা।

উত্তৰঃ প্ৰটিষ্টা ৰাজ্য়ৰ দুটা জীৱৰ নাম হৈছে – প্লাজম’ডিয়াম আৰু এণ্টামিবা।

৪। খালী ঠাই পূৰণ কৰাঃ

(ক) লেক্ট’বেচিলাছে দৈ প্ৰস্তুতকৰণ কাৰ্যত সহায় কৰা।

(খ) এন্টামিবা হিষ্টলিটিকাই গ্ৰহণী ৰোগ সৃষ্টি কৰে।

(গ) পেনিচিলিয়াম নামৰ ভেঁকুৰবিধৰপৰা পেনিচিলিন প্ৰস্তু কৰা হয়।

(ঘ) চাইকাছ নগ্নবীজী উদ্ভিদৰ উদাহৰণ।

(ঙ) পখিলা এবিধ সন্ধিপদী প্ৰাণী।

(চ) একাটিনা এবিধ বাগিচা বা চেঁচুকীয়া ঠাইত থকা কোমলদেহী প্ৰাণী।

(ছ) ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াই উদ্ভিদৰ শিপাত নাইট্ৰ’জেনযুক্ত যৌগ জমা কৰে।

(জ) নীলা তিমি আটাইতকৈ ডাঙৰ স্তন্যপায়ী পায়ী।

(ঝ) বাদুলি একমাত্ৰ উৰণীয়া স্তন্যপায়ী প্ৰাণী।

৫। উদ্ভিদ আৰু প্ৰাণীৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ দুটা পাৰ্থক্য় হৈছে –

(i) উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰে। আনহাতে প্ৰাণীয়ে উশাহত অক্সিজেন গেছ ব্য়ৱহাৰ কৰে।

(ii) উদ্ভিদে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰে। আনহাতে প্ৰাণীয়ে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে।

৬। প্ৰটিষ্টা ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ প্ৰটিষ্টা ৰাজ্যৰ দুটা বৈশিষ্ট্য হৈছে –

– ই এককোষী জীৱ।

– ইহঁতৰ কিছুমানে উদ্ভিদৰ লক্ষণ দেখুৱায় আৰু আন কিছুমানে নেদেখুৱায়।

৭। ভেঁকুৰ ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ভেঁকুৰ ৰাজ্যৰ দুটা বৈশিষ্ট্য হৈছে – 

– ইহঁত পৰজীৱী।

– ইহঁত সাধাৰণতে গেলা-পচা জাবৰ, গোবৰৰ ওপৰত হয়।

৮। ভেঁকুৰৰদ্বাৰা সৃষ্টি হোৱা এটা উদ্ভিদৰ বেমাৰ নাম লিখা।

উত্তৰঃ ভেঁকুৰৰদ্বাৰা সৃষ্টি হোৱা এটা উদ্ভিদৰ বেমাৰ নাম হৈছে – আলুৰ ব্লাইটৰোগ।

৯। শেলাই কোন ৰাজ্যৰ অন্তৰ্ভুক্ত?

উত্তৰঃ শেলাই ভেকুৰ ৰাজ্য়ৰ অন্তৰ্গত।

১০। একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ মাজৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ একবীজপত্ৰী আৰু  দ্বিবীজপত্ৰী উদ্ভিদৰ মাজৰ দুটা পাৰ্থক্য হৈছে – 

– একবীজপত্ৰী উদ্ভিদৰ এটাবীজপত্ৰ থাকে আনহাতে  দ্বিবীজপত্ৰী উদ্ভিদৰ দুটা বীজপত্ৰ থাকে।

– একবীজপত্ৰী উদ্ভিদৰ শিপাৰ গাঠনি গুচ্ছমূল। আনহাতে দ্বিবীজপত্ৰী উদ্ভিদৰ শিপাৰ গাঠনি মুখ্য়মূল।

১১। অপুষ্পক উদ্ভিদৰ দুটা বৈশিষ্ট্য লিখা আৰু দুটা উদাহৰণ দিয়া।

উত্তৰঃ অপুষ্পক উদ্ভিদৰ দুটা বৈশিষ্ট্য হৈছে- 

– ইয়াৰ ফুল নুফুলে।

– এই উদ্ভিদবোৰ অতি নিম্নখাপৰ।

    ইয়াৰ দুটা উদাহৰণ হৈছে – ঢেঁকীয়া আৰু শেলাই।

১২। এটা ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ হৈছে – চাইকন আৰু স্পঞ্জিলা।

১৩। নিৰ্মল পানী বা খাল-বিল আদিত পোৱা একনলদেহী প্ৰাণী এটাৰ নাম লিখা।

উত্তৰঃ নিৰ্মল পানী বা খাল-বিল আদিত পোৱা একনলদেহী প্ৰাণী এটাৰ নাম হৈছে – জেলিফিছ।

১৪। মৌ -মাখি কোন পৰ্বৰ প্ৰাণী?

উত্তৰঃ মৌ -মাখী সন্ধীপদী প্ৰাণী।

১৫। বলয়ী প্ৰাণী দুটা উদাহৰণ দিয়া।

উত্তৰঃ বলয়ী প্ৰাণী দুটা উদাহৰণ হৈছে – কেচু আৰু জোক।

১৬। দুবিধ কণী দিয়া স্তন্যপায়ী প্ৰাণী নাম লিখা।

উত্তৰঃ দুবিধ কণী দিয়া স্তন্যপায়ী প্ৰাণী নাম হৈছে – একিডিনা আৰু ডাকবিল প্লেটিপাচ।

১৭। তলত দিয়াবোৰৰ দুটাকৈ বৈশিষ্ট্য লিখাঃ

(ক) কন্টকচৰ্মী প্ৰাণী (খ) বলয়ী প্ৰাণী (গ) উভচৰ প্ৰাণী (ঘ) পক্ষী (ঙ) মৎস্য (চ) গুপ্তবীজী উদ্ভিদ (ছ) উদ্ভিদ ৰাজ্য (জ) প্ৰাণী ৰাজ্য।

উত্তৰঃ

কন্টকচৰ্মী প্ৰাণীঃ 

-এই পৰ্বৰ প্ৰাণীবোৰ সাগৰীয়।

– ইহঁতৰ দেহত সৰু সৰু কাইট সদৃশ অংগ থাকে।

বলয়ী প্ৰাণীঃ 

– ইহঁত সকলো ঠাইতে থাকে।

– ইহঁতৰ দেহবোৰ বহুতো আঙঠি এটাৰ পিছত এটাকৈ লগ লাগি গঠন হোৱাৰ যেন লাগে।

উভচৰ প্ৰাণীঃ 

– এই প্ৰাণীবোৰে জীৱনৰ আদি কালছোৱা পানীত কটায়।

– ইহঁতে জলক্লোমৰ সহায়ত উশাহ নিশাহ লয়।

পক্ষীঃ 

– ইহঁতে ডেউকাৰ সহায়ত উৰি ফুৰে।

– ইহঁতৰ দেহটো পাখিৰে আবৃত।

মৎস্যঃ 

– ইহঁত পানীত বাস কৰে।

– ইহঁতে পাখিৰ সহায়ত পানীত উৰি ফুৰে।

গুপ্তবীজী উদ্ভিদঃ

– ইয়াৰ বীজবোৰ ফলৰ ভিতৰত থাকে।

– এই বীজবোৰৰ পৰা উদ্ভিদৰ সৃষ্টি হয়।

উদ্ভিদ ৰাজ্য়ঃ 

– উদ্ভিদসমূহক চাৰি ভাগত বিভক্ত কৰা হৈছে – বৃক্ষ, গুল্ম, তৃণ আৰু লতা।

– ইয়াৰ কিছুমানে ফুল আৰু ফল ধাণ কৰে আৰু আন কিছুমানে ফুল আৰু ফল ধাৰণ নকৰে।

প্ৰাণী ৰাজ্য়ঃ

– প্ৰাণী প্ৰধানত দুই ধৰণৰ পোৱা যায়- মেৰুদণ্ডী আৰু অমেৰুদণ্ডী।

– প্ৰাণীসমূহে উশাহত অক্সিজেন গেছ লয়।

১৮। দুটা সৰীসৃপ শ্ৰেণীৰ প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা সৰীসৃপ শ্ৰেণীৰ প্ৰাণীৰ উদাহৰণ হৈছে – সাপ আৰু জেঠী।

১৯। চালামাণ্ডাৰ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণী।

উত্তৰঃ চালামাণ্ডাৰ উভচৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণী।

২০।  দুবিধ সাগৰীয় একনলদেহী প্ৰাণী নাম লিখা।

উত্তৰঃ দুবিধ সাগৰীয় একনলদেহী প্ৰাণী নাম হৈছে – জেলিফিছ আৰু প্ৰৱাল।

২১ । দুবিধ সাগৰীয় কোমলদেহী প্ৰাণী নাম লিখা।

উত্তৰঃ দুবিধ সাগৰীয় কোমলদেহী প্ৰাণী নাম হৈছে – শংখ আৰু অক্টোপাছ।

২২। দুবিধ নিৰ্মল পানীত পোৱা শামুকৰ নাম লিখা।

উত্তৰঃ দুবিধ নিৰ্মল পানীত পোৱা শামুকৰ নাম হৈছে – চাইকন আৰু স্পজিলা।

২৩। এবিধ খাদ্য় হিচাপে ব্য়ৱহাৰ কৰা শামুকৰ নাম লিখা।

উত্তৰঃ এবিধ খাদ্য় হিচাপে ব্য়ৱহাৰ কৰা শামুকৰ নাম  হৈছে – পাইলা।

২৪। দুবিধ সাগৰীয় মাছৰ নাম লিখা।

উত্তৰঃ এবিধ সাগৰীয় মাছৰ নাম হৈছে – শ্বাৰ্ক আৰু ক’ড।

২৫। দুবিধ বিলত পোৱা মাছৰ নাম লিখা।

উত্তৰঃ দুবিধ বিলত পোৱা মাছৰ নাম হৈছে – পুঠি আৰু খলিহনা।

২৬।। দুবিধ নদীত পোৱা মাছৰ নাম লিখা।

উত্তৰঃ দুবিধ নদীত পোৱা মাছৰ নাম ৰৌ আৰু বৰালী।

২৭। ব্ৰহ্মপুত্ৰ নদীত পোৱা স্তন্যপায়ী প্ৰাণীবিধৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীত পোৱা স্তন্যপায়ী প্ৰাণীবিধৰ নাম  হৈছে – ডলফিন বা শিহু।

২৮। বগা ভালুক ক’ত পোৱা যায়?

উত্তৰঃ বগা ভালুক মেৰুঅঞ্চলত পোৱা যায়।

২৯। ভেকুলীৰ লালুকীয়ে কিহৰ সহায়ত উশাহ লয়।

উত্তৰঃ ভেকুলীৰ লালুকীয়ে জলক্লোমৰ সহায়ত উশাহ লয়।

৩০। অমেৰুদণ্ডী প্ৰাণী আটাইতকৈ ডাঙৰ পৰ্বটো কি? ইহঁতৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ অমেৰুদণ্ডী প্ৰাণী আটাইতকৈ ডাঙৰ পৰ্বটো হৈছে – সন্ধিপদী।

    ইহঁতৰ দুটা বৈশিষ্ট্য় হৈছে – 

– ইহঁতৰ ঠেংবোৰ কেবাটাও সন্ধিযুক্ত বা জোৰা লগা।

– এই পৰ্বৰ প্ৰাণী পৃথিৱীৰ সকলো আৱাসস্থলতে পোৱা যায়।

– Hiru Moni Bora

Post ID :DABP005999

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop