Class 6 General Science Book Chapter 9 Answer | Sankardev School Class 6 Science Book Chapter 9 মৌল, যৌগ আৰু মিশ্ৰ Question Answer |

মৌল, যৌগ আৰু মিশ্ৰ

Lesson 9

১। পদাৰ্থ কাক বোলে ? 

উত্তৰঃ  যিবোৰ বস্তুৰ নিজা ভৰ আৰু আয়তন আছে,    তাকে পদাৰ্থ বোলা হয়।                                                        

২। পদাৰ্থৰ শ্ৰেণীবিভাজন কৰা ?

উত্তৰঃ মৌল, যৌগ আৰু মিশ্ৰ।

৩। মৌল আৰু যৌগ কাক বোলে ?

উত্তৰঃ যিবিলাক পদাৰ্থক ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায় তাক মৌল বোলে।

           মৌলবোৰ নিৰ্দিষ্ট অনুপাতত লগ লাগি ৰাসায়নিকভাৱে নতুন বস্তুৰ সৃষ্টি কৰিলে তাক যৌগ বোলে। 

৪। পাৰ্থক্য দেখুৱাঃ

ক) মৌল আৰু মৌগ 

উত্তৰঃ 

‘মৌল’‘যৌগ’
(ক) যিবিলাক পদাৰ্থক ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায় তাক মৌল বোলে।(ক) মৌলবোৰ নিৰ্দিষ্ট অনুপাতত লগ লাগি ৰাসায়নিকভাৱে নতুন বস্তুৰ সৃষ্টি কৰিলে তাক যৌগ বোলে। 
(খ) লো, টিন, কয়লা আদি মৌল।(খ) পানী যৌগ।

খ) যৌগ আৰু মিশ্ৰ

উত্তৰঃ 

যৌগমিশ্ৰ
১) যৌগ হ’ল বিভিন্ন মৌলৰ পৰমাণুবোৰে এক নিৰ্দিষ্ট অনুপাতত লগ লাগি সৃষ্টি কৰা নতুন পদাৰ্থ।১) মিশ্ৰ হ’ল বিভিন্ন মৌল বা যৌগৰ সানমিহলি হোৱা থূপ বা জমাকৃত পদাৰ্থ।
২) যৌগক পৃথক কৰিলে মৌল পোৱা যায়।২) মিশ্ৰৰ পৃথকীকৰণ ঘটালে মূল উপাদানসমূহক পোৱা যায়।
৩) যৌগ সৃষ্টি হোৱাত মৌলবোৰে এক নিৰ্দিষ্ট অনুপাতত লগ লাগে।৩) মিশ্ৰত কোনো ধৰা-বন্ধা নিৰ্দিষ্ট অনুপাত নাথাকে।

গ) অণু আৰু পৰমাণু

উত্তৰঃ 

অণুপৰমাণু
১) অণু হ’ল মৌল বা যৌগৰ ক্ষুদ্ৰতম অংশ যাৰ স্বতন্ত্ৰ অস্তিত্ব আছে।১) পৰমাণু হ’ল মৌলৰ ক্ষুদ্ৰতম অংশ। যাৰ স্বতন্ত্ৰ অস্তিত্ব থাকিবও পাৰে।
২) অণুক বিভাজন কৰিব পাৰি।২) পৰমাণুক সাধাৰণতে বিভাজন কৰিব নোৱাৰি। বিভাজন ঘটালে পৰমাণুৰ ধৰ্ম নাথাকে।

ঘ) পদাৰ্থ আৰু বস্তু

উত্তৰঃ 

পদাৰ্থবস্তু
১) বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত আৰু যাৰ এটা মাত্ৰ উপাদান থাকে তাকে পদাৰ্থ বোলে ৷১) সুনিৰ্দিষ্ট গঠন আৰু আকৃতি থকা পদাৰ্থক বস্তু বোলে।
২) পদাৰ্থৰ উদাহৰণ হ’ল কাঠ, লো, প্লাষ্টিক আদি।২) বস্তুৰ উদাহৰণ হ’ল চকী, মেজ আদি।

ঙ)  দ্ৰৱ আৰু দ্ৰাব্য

উত্তৰঃ 

দ্ৰৱদ্ৰাৱ্য
১) দ্ৰৱ হ’ল পদাৰ্থৰ দ্বাৰা সৃষ্টি হোৱা যৌগ বা মৌল।১)যি পদাৰ্থ সকলোতে দ্ৰৱীভূত হয় তাক দ্ৰাৱ্য বোলে।  

চমুকৈ উত্তৰ দিয়া ?

৮। পানীৰ উতালাংক কিমান ?

উত্তৰঃ পানীৰ উতালাংক 100°C

৯। লোৰ গলনাংক কিমান ?

উত্তৰঃ লোৰ গলনাংক 1535°C

১০। চেনি আৰু পানীৰ মিশ্ৰণ কেনেকৈ পৃথক কৰিব পাৰি ?

উত্তৰঃ চেনি আৰু পানীৰ মিশ্ৰণ অৱক্ষেপন পদ্ধতিৰে পৃথক কৰিব পাৰি।

১২। এবিধ জুলীয়া মৌলৰ নাম লিখা ।

উত্তৰঃ পাৰা।

১৫। আংশিক পাতন কাক বোলে ?

উত্তৰঃ কেইবাবিধো জুলীয়া পদাৰ্থ মিহলি হৈ থাকিলে যি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি তাক আংশিক পাতন প্ৰক্ৰিয়া বোলে।

১৬। শুদ্ধ উত্তৰ দিয়াঃ

ক) পাদাৰ্থৰ ক্ষুদ্ৰতম অংশ হ’ল –

(ক) অণু  (খ) মৌল  (গ) পৰমাণু

উত্তৰঃ পৰমাণু।

খ) পানীৰ উতলাংক-

(ক) 99ডিগ্ৰীC  (খ) 101ডিগ্ৰীC  (গ) 100ডিগ্ৰীC  (ঘ) 90ডিগ্ৰীC

উত্তৰঃ 100ডিগ্ৰীC  ।

গ) পানী বৰফ হ’লে-

(অ) আয়তন একে থাকে (আ) আয়তন কমে (ই) আয়তন বাঢ়ে ।

উত্তৰঃ আয়তন বাঢ়ে ।

ঘ) তৰল আৰু গোটা দুয়োটাকে পৃথক কৰিব পাৰি –

(ক) ছেকনৰদ্বাৰা (খ) পাতনৰদ্বাৰা (গ) স্ফটিকীকৰণৰদ্বাৰা ।

উত্তৰঃ  পাতনৰদ্বাৰা।

১৭। কৃত্ৰিমভাৱে প্ৰস্তুত কৰা পাঁচবিধ মৌলৰ নাম লিখা ।

উত্তৰঃ ছিলভাৰ, টিন, পাৰা, নিকেল, 

১৮। ১০ বিধ প্ৰাকৃতিক মৌলৰ নাম লিখা ।

উত্তৰঃ ১০ বিধ প্ৰাকৃতিক মৌলৰ নাম হ’ল সোণ, কাৰ্বন, আৰ্গন, হিলিয়াম, লিথিয়াম, অক্সিজেন, হাইড্ৰজেন, কাৰ্বন-ডাই-অক্সাইড, আইৰণ, ৰূপ।

১৯। মৌলৰ এটা বিশেষত্ব লিখা ।

উত্তৰঃ মৌল হ’ল বিভিন্ন মৌল বা যৌগৰ সানমিহলি হোৱা জমাকৃত পদাৰ্থ। 

Mampi Kakati 

Post ID : DABP006076

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop