🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Book Chapter 23 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ Question Answer | Sankardev School |

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ

পাঠ নং- ২৩

১। এটা শব্দেৰে উত্তৰ দিয়াঃ

(ক) ভাৰতৰ্ষৰ শাসনব্যৱস্থা গণতান্ত্ৰিক নে ৰাজতান্ত্ৰিক ?

উত্তৰঃ ভাৰতৰ্ষৰ শাসনব্যৱস্থা গণতান্ত্ৰিক।

(খ) ভোটদানৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে?

উত্তৰঃ ভোটদানৰ অধিকাৰ মৌলিক অধিকাৰ নহয়।

(গ) এটা দহবছৰীয়া ল’ৰাই ভোট দিব পাৰেনে ?

উত্তৰঃ এটা দহবছৰীয়া ল’ৰাই ভোট দিব নোৱাৰে।

(ঘ)  দেশৰ বাবে মৃত্যুবৰণ কৰাজনক কি বুলি কোৱা হয় ?

উত্তৰঃ দেশৰ বাবে মৃত্যুবৰণ কৰাজনক ছহিদ বুলি কোৱা হয়।

২। খালী ঠাই পূৰণ কৰাঃ

(ক) শিক্ষা গ্ৰহণৰ অধিকাৰ শিশুৰ মৌলিক অধিকাৰ।

(খ) ১৯৪৭ চনত ভাৰত স্বধীন হয়।

(গ) ১৮ বছৰ বয়স হ’লেহে ভোটদানৰ অধিকাৰ লাভ কৰিব পাৰি।

(ঘ) প্ৰতিনিধিৰদ্বাৰা চলোৱা গণতান্ত্ৰিক শাসনক পৰোক্ষ গণতন্ত্ৰ বোলে।

৩। দুটা বা তিনিটা শব্দেৰে উত্তৰ দিয়াঃ

(ক) গণতন্ত্ৰৰ দুটা মূল নীতি উল্লেখ কৰা।

উত্তৰঃ গণতন্ত্ৰৰ দুটা মূল নীতি হৈছে 一 স্বাধীনতা আৰু সমতা।

(খ) স্বাধীনতা সংগ্ৰামৰ দুজন ছহিদৰ নাম লিখা।

উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ দুজন ছহিদৰ নাম হৈছে 一 কনকলতা বৰুৱা আৰু কুশল কোৱঁৰ।

(গ) স্বাধীনতা সংগ্ৰামৰ দুটা আদৰ্শৰ নাম লিখা।

উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ দুটা আদৰ্শৰ নাম হৈছে 一 

(ঘ) দুবিধ ৰাজহুৱা সম্পত্তিৰ নাম লিখা।

উত্তৰঃ দুবিধ ৰাজহুৱা সম্পত্তিৰ নাম হৈছে 一 ৰাস্তা-ঘাট আৰু চিকিৎসালয়।

– Hiru Moni Bora

Post ID : DABP006218 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop