Class 7 General Science Book Lesson 18

অনুশীলনী

১। খালী ঠাই পূৰ কৰা-

(ক) পানী-শোধন কৰাটো হৈছে _________ আঁতৰকৰণ প্ৰক্ৰিয়া।

উত্তৰ-

(খ) ঘৰবোৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক _________ বোলে।

উত্তৰ-

(গ) শুকান ________ ক সাৰ হিচাপে ব্যবহাৰ কৰা হয়।

উত্তৰ-

(ঘ) নৰ্দমাবোৰ _________ আৰু ________ দ্বাৰা বন্ধ হৈ পৰিব পাৰে।

উত্তৰ-

২) নলাৰে ওলায় যোৱা পূতিজল কি? নদী বা সাগৰলৈ পূতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা।

উত্তৰ-

৩) তেল আৰু চৰ্বীজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয়? ব্যাখ্যা কৰা।

উত্তৰ-

৪) বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা।

উত্তৰ-

৫) মলিয়ন বোকা/ গেদ কি? ইয়াক কেনেদৰে শোধিত কৰা হয়?

উত্তৰ-

৬) “নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল- মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক।“ ব্যাখ্যা কৰা।

উত্তৰ-

৭) পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক  দ্ৰব্যৰ নাম লিখা।

উত্তৰ-

৮) মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি? ব্যাখ্যা কৰা।

উত্তৰ-

৯) অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা।

উত্তৰ-

১০) এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি? চমুকৈ লিখা।

উত্তৰ-

১১) এইটো এটা শব্দত শৃংখলৰ লেখঃ

পথালিকৈ

(৩) বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক শুকান কৰি সাৰ হিচাবে ব্যৱহাৰ কৰা হয়।

(৪) বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য।

(৭) পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া।

থিয়কৈ

(১) আধুনিক প্ৰযুক্তিৰে মানুহৰ মল-মূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয় ইন্ধন।

(২) এক পানীজনিত ৰোগ।

(৫) আকাশীযান  আদিত ব্যৱহাৰ কৰা এক ধৰণৰ আধুনিক শৌচাগাৰ।

(৬) পানীক বীজাণুমুক্ত কৰিবলৈ ব্যবহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ।

উত্তৰ-

১২) অ’যনৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়ি চোৱা

(ক) জীৱৰ উশাহ-নিশাহৰ বাবে ই প্ৰয়োজন।

(খ) পানীৰ বীজাণুনাশ কৰিবলৈ ইয়াক ব্য়ৱহাৰ কৰা হয়।

(গ) ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে।

(ঘ) বায়ুত ইয়াৰ অনুপাতৰ প্ৰায় ৩%।

এই উক্তিকেইটাৰ কোনবোৰ  শুদ্ধ?

(i) (ক), (খ) আৰু (গ)

(ii) (খ) আৰু (গ)

(iii) (ক) আৰু (ঘ)

(iv) চাৰিওটা

উত্তৰ-

0
    0
    Your Cart
    Your cart is emptyReturn to Shop