🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Malika Book Chapter 4 Answer | Sankardev School Class 7 Chapter 4 ৰাজকোৱৰ ধ্ৰুৱ Question Answer |

ৰাজকোঁৱৰ ধ্ৰুৱ 

পাঠ- চাৰি 

১। সুনীতিয়ে কিহৰ কাৰণে ৰাজকাৰেং এৰি যাবলগীয়া হ’ল ? 

উত্তৰঃ- ৰজাৰ উত্তানপাদৰ বাবে সুনীতি আৰু তেওঁলোকৰ ল’ৰা ৰাজকুমাৰ ধ্ৰুৱ চকুৰ কূটা যেন হৈ পৰিল। সেইকাৰণে সুনীতিয়ে ৰাজকাৰেং এৰি যাবলগীয়া হ’ল।

২। ধ্ৰুবই দেউতাকৰ কোলাত বহিবলৈ যাওঁতে কি হৈছিল ? 

উত্তৰঃ- ধ্ৰুৱই দেউতাকৰ কোলাত বহিবলৈ যাওঁতে – হিংসাপৰায়ণা সুৰুচিয়ে টান মাৰি ধ্ৰুৱক আঁতৰাই কৈছিল – “ধ্ৰুৱ, তোমাৰ ৰজাৰ কোলাত বহিবৰ অধিকাৰ নাই, অকল মোৰ ল’ৰাইহে সেই দাবী কৰিব পাৰে ।”

৩।ধ্ৰুবই অৰণ্যলৈ কিয় গৈছিল ? 

উত্তৰঃ- ধ্ৰুৱক হিংসাপৰায়ণা সুৰুচিয়ে ৰজাৰ কোলাত বহা দেখি গালি পাৰিলে। সেইবাবে তেওঁ ভহৱানক স্তুতি কৰিবলৈ গৈছিল।

৪) ধ্ৰুৱক মন্ত্ৰ কোনে  শিকাইছিল ?

উত্তৰঃ- ধ্ৰুৱক মন্ত্ৰ মহৰ্ষি নাৰদে শিকাইছিল।

 ৫। প্রভু নাৰায়ণে ধ্ৰুৱক কি কি আশীর্বাদ প্রদান কৰিছিল ? 

উত্তৰঃ- প্ৰভু নাৰায়ণে ধ্ৰুৱক কৈছে তেওঁ জগতৰ এজন কীৰ্তিমান ৰজা হৈ ৰাজপাট ভোগ কৰিব আৰু উজ্জ্বল তৰা হৈ আকাশত জিলিকি থাকিব বুলি আশীৰ্বাদ প্ৰদান কৰিছিল।

৬।ধ্ৰুবই শ্ৰীনাৰায়ণৰ দৰ্শন পালে বুলি শুনি ৰজাই কি আদেশ জাৰি কৰিছিল ? 

উত্তৰঃ- ধ্ৰুৱই শ্ৰীনাৰায়ণৰ দৰ্শন পালে বুলি শুনি ৰজাই তেওঁৰ কৰ্মচাৰীসকলক সুনীতিৰ ঘৰলৈ পঠিয়ালে আৰু যথোচিত সন্মান সহকাৰে ৰাণী আৰু ৰাজকুমাৰ ধ্ৰুৱক ৰাজপ্ৰাসাদলৈ ঘূৰাই অনাৰ আদেশ জাৰি কৰিছিল।

৭। এই আখ্যানটোৰ পৰা কি নীতিশিক্ষা পালা লিখা । 

উত্তৰঃ- এইটো নিজে বুজি পাই লিখি ল’বা ।

Type Arup Koch 

Author By : Rajashree Bora

Post ID :DABP006390

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop