🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 11 মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ

অধ্যায় ১১

১। ভাৰতবৰ্ষ কোন বংগৰ ৰজাসকলে বহুদিন ধৰি শাসন কৰিছিল?

উত্তৰঃ মৌৰ্য বংগৰ ৰজাসকলে বহুদিন ধৰি শাসন কৰিছিল।

২। পহ্লৱসকলক আঁতৰাই কুশানসকলে ভাৰতত কি স্থাপন কৰিছিল?

উত্তৰঃ আধিপত্য স্থাপন কৰিছিল।

৩। পোন প্ৰথমে ভাৰতবৰ্ষখন কোনে শাসন কৰিছিল?

উত্তৰঃ গ্ৰীক বা যৱনসকলে ভাৰতবৰ্ষখন শাসন কৰিছিল।

৪। শুংগ বংগ কিয় প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ পুষ্যমিত্ৰ শুংগই মৌৰ্য বংগৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰি শুংগ বংগ প্ৰতিষ্ঠা কৰিছিল।

৫। পুষ্যমিত্ৰ শুংগ কি ধৰ্ম গ্ৰহণৰ সমৰ্থক আছিল?

উত্তৰঃ বাহ্মণ্য ধৰ্মগ্ৰহণৰ সমৰ্থক আছিল।

৬। শুংগ বংগ কেইজন ৰজাই প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ দহজন ৰজাই প্ৰতিষ্ঠা কৰিছিল।

৭। শুংগ বংশৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ দেৱভূমি বা দেৱাভূমি আছিল।

৮। কোনজন মন্ত্ৰীয়ে দেৱভূতিক হত্যা কৰোৱাই মগধৰ সিংহাসনত অধিকাৰ লাভ কৰে?

উত্তৰঃ বাসুদেৱ নামৰ মন্ত্ৰী এজনে।

৯। কান্ব বংশ কাক বোলে?

উত্তৰঃ বাসুদেৱে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক কান্ব বংশ বুলি কোৱা হয়।

১০।  সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ সাতবাহনসকলৰ ৰাজবংশৰ প্ৰতিষ্ঠাতা হ’ল সিমূক।

১১। সাতবাহনসকলে ভাৰতৰ কোন দিশে অঞ্চলত ৰাজ্য গঢ়ি তুলিছিল?

উত্তৰঃ দক্ষিণ দিশত অঞ্চল ৰাজ্য গঢ়ি তুলিছিল।

১২। সিমূক এজন কি ৰজা আছিল?

উত্তৰঃ শক্তিশালী ৰজা আছিল।

১৩। সিমুকৰ মৃত্যুৰ পাছত কোন সাতবাহনসকলৰ ৰজা হৈছিল?

উত্তৰঃ সিমুকৰ মৃত্যৰ পাছত সাতবাহনসকলৰ ৰজা হৈছিল কৃষ্ণ।

১৪। সিমুকৰ ভাতৃৰ নাম কি আছিল?

উত্তৰঃ সিমুকৰ ভাতৃৰ নাম আছিল কৃষ্ণ।

১৫।  কাক সাতবাহনসকলৰ সপ্তদশ ৰজা বুলি জনা যায়?

উত্তৰঃ হলা সাতবাহনসকলৰ সপ্তদশ ৰজা বুলি জনা যায়।

১৬।  আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্ৰথমজন গ্ৰীক ৰজা কোন আছিল?

উত্তৰঃ আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্ৰথমজন গ্ৰীক ৰজা আছিল ডিমিট্ৰিয়াছ।

১৭। ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ কাৰ বিশেষ অৱদান আছে?

উত্তৰঃ ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ সাতবাহনসকলৰ বিশেষ অৱদান আছে।

১৮। কোনজন ৰজাই প্ৰকৃত ভাষাতেই গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ সাতবাহনসকলৰ হলা  নামৰ এজন ৰজাই প্ৰকৃত ভাষাতেই গ্ৰন্থ ৰচনা কৰিছিল।

১৯। চেদী ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ চেদী ৰাজবংশৰ প্ৰতিষ্ঠাতা হ’ল মহামেঘ।

২০। গ্ৰীকসকলক ভাৰতবৰ্ষক কি বুলি কোৱা হয়?

উত্তৰঃ যৱন বুলি কোৱা হয়।

 Type Susmita Kakati

Post ID: DABP005441

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop