🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 12 গুপ্ত সাম্ৰাজ্যৰ উত্থান Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

গুপ্ত সাম্ৰাজ্যৰ উত্থান

অধ্যায় ১২

১। গুপ্ত বংশৰ প্ৰথম ৰজা কোন আছিল?

উত্তৰঃ শ্ৰীগুপ্ত আছিল।

২। গুপ্ত বংশৰ সৰ্বমুঠ কিমান জন ৰজাই ৰাজত্ব কৰিছিল?

উত্তৰঃ ১২ জন ৰজাই ৰাজত্ব কৰিছিল।

৩। শ্ৰীগুপ্তই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল?

উত্তৰঃ ২৭৫খ্ৰীঃৰ পৰা ৩০০ খ্ৰীঃলৈ ৰাজত্ব কৰিছিল।

৪। শ্ৰীগুপ্তৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ ঘটোৎকচ আছিল।

৫। প্ৰথম চন্দগুপ্তই কিমান চনত গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত উঠে?

উত্তৰঃ ৩২০ খ্ৰীঃত গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত উঠে।

৬। কালিদাস কোন আছিল?

উত্তৰঃ কালিদাস আছিল প্ৰখ্যাত কবি আৰু নাট্যকাৰ।

৭। স্কন্দগুপ্তৰ ৰাজত্বকালৰ এটা উল্লেখযোগ্য ঘটনা কি?

উত্তৰঃ হুনবিলাকৰ ভাৰত আত্ৰুমণ।

৮। শূন্য (০) সংখ্যাটো ব্যৱহাৰ কৰাৰ নিয়মবোৰ আৰু ইয়াৰ ধৰ্মসমূহ বিশ্বত প্ৰথমে কোনে পৰিচয় কৰাই দিছিল?

উত্তৰঃ ব্ৰহ্মগুপ্তই পৰিচয় কৰাই দিছিল।

৯। কুমাৰগুপ্তৰ মৃত্যুৰ পাছত ৪৫৫ খ্ৰীঃত কোনে সিংহাসনত আৰোহণ কৰিছিল?

উত্তৰঃ কুমাৰগুপ্তৰ মৃত্যুৰ পাছত ৪৫৫ খীঃত স্কন্দগুপ্তই সিংহাসনত আৰোহণ কৰিছিল।

১০। কালিদাসে কি ৰচনা কৰিছিল?

উত্তৰঃ অভিজ্ঞানশকুন্তলম নামৰ এখন বিশ্ববিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল।

১১। গুপ্ত যুগৰ আন এজন বিখ্যাত সাহিত্যক নাম কি?

উত্তৰঃ গুপ্ত যুগৰ আন এজন বিখ্যাত সাহিত্যক নাম হ’ল ভাস।

১২। কোনে পঞ্চতন্ত্ৰ নামৰ বিখ্যাত পুথিখন ৰচনা কৰিছিল?

উত্তৰঃ বিষ্ণু শৰ্মা নামে এজন লোকে পঞ্চতন্ত্ৰ নামৰ বিখ্যাত পুথিখন ৰচনা কৰিছিল। 

১৩। কাৰ যুগত শিল্পকলাৰ যথেষ্ট উন্নতি হৈছিল?

উত্তৰঃ গুপ্ত যুগত শিল্পকলাৰ যথেষ্ট উন্নতি হৈছিল।

১৪। গুপ্ত সাম্ৰাজ্যৰ পতনৰ কেইটা কাৰণ আছে?

উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ পতনৰ ৫টা কাৰণ আছে।

১৫। কেইজনমান বিখ্যাত জ্যোতিৰ্বিদৰ নাম লিখা?

উত্তৰঃ আৰ্যভট্ৰ, ব্ৰহ্মগুপ্ত, বৰাহমিহিৰ আছিল বিখ্যাত জ্যোতিৰ্বিদ।

Type Susmita Kakati

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop