🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 18 নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া

অধ্যায় ১৮

১। নিৰ্বাচন কি?

উত্তৰঃ নিৰ্বাচন হ’ল এটা গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া।

২। নিৰ্বাচন কেই প্ৰকাৰৰ?

উত্তৰঃ নিৰ্বাচন দুই প্ৰকাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ।

৩। আধুনিক পৰোক্ষ গণতন্ত্ৰবোৰত চৰকাৰ গঠন কৰাৰ এটা আহিলা কি?

উত্তৰঃ নিৰ্বাচন আধুনিক পৰোক্ষ গণতন্ত্ৰবোৰত চৰকাৰ গঠন কৰাৰ এটা আহিলা।

৪। প্ৰতিনিধি নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাষ্ট্ৰখনক জনসংখ্যা কিমান ভিত্তিক সমষ্টি ভগোৱা হৈছিল?

উত্তৰঃ প্ৰতিনিধি নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাষ্ট্ৰখনক জনসংখ্যা ভিত্তিক ৫৪৩ টা সংসদীয় সমষ্টিত ভগোৱা হৈছিল।

৫। নিৰ্বাচন আয়োগ মূৰব্বীজনক কি বোলা হয়?

উত্তৰঃ নিৰ্বাচন আয়োগে মূৰব্বীজনক মূখ্য নিৰ্বাচনৰ আয়ুক্ত বোলা হয়।

৬। নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কি দলবোৰক স্বীকৃতি দিয়া হয়?

উত্তৰঃ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ ৰাজনৈতিক দলবোৰক স্বীতৃতি দিয়া হয়।

৭। ভাৰতবৰ্ষত ৰাজনৈতিক দলবোৰ কিমান ভাগত বিভক্ত আৰু কি কি?

উত্তৰঃ ভাৰতবৰ্ষত ৰাজনৈতিক দলবোৰ দুভাগত বিভক্ত সেইবোৰ হল ৰাষ্ট্ৰীয় আৰু আঞ্চলিক।

৮। কোনবোৰ দেশত ৰাজনৈতিক দল দুটাহে?

উত্তৰঃ আমেৰিকা যুক্তৰাজ্য, গ্ৰেট ব্ৰিটেইন আদি।

৯। ৰাজনৈতিক দল কি?

উত্তৰঃ ৰাজনৈতিক দল হল একে ৰাজনৈতিক ভাবাদৰ্শৰ কিছুমান সচেতন ব্যক্তিৰ গোট বা সংগঠন।

১০। ২০১৪ চনৰ নিৰ্বাচন ভাৰতবৰ্ষত কিমান শ সাধাৰণ নিৰ্বাচন?

উত্তৰঃ ২০১৪ চনৰ নিৰ্বাচন ভাৰতবৰ্ষত ১৬শ সাধাৰণ নিৰ্বাচন।

১১। বেলট পত্ৰত কি প্ৰতীক চিহ্ন থাকে?

উত্তৰঃ বেলট পত্ৰত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক চিহ্ন থাকে।

Type Susmita Kakati

Post ID: DABP005758

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop