🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 22 আমাৰ চৌপাশৰ বজাৰ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

আমাৰ চৌপাশৰ বজাৰ

অধ্যায় ২২

১। বজাৰ বুলিলে কি বুজা?

উত্তৰঃ এটুকুৰা নিৰ্দিষ্ট ঠাই-যত আমি আমাৰ প্ৰয়োজনসমূহ সামগ্ৰী পাব পাৰো তাকে বজাৰ বোলে।

২।  মানৱ জীৱনত কিহৰ প্ৰচলন বেছি?

উত্তৰঃ মুদ্ৰাৰ প্ৰচলন বেছি।

৩। বিনিময় প্ৰথা কাক বোলে?

উত্তৰঃ নিজে উৎপাদন কৰা বস্তু বা সামগ্ৰীৰ ৰাহি হোৱা অংশখিনি প্ৰয়োজন অনুযায়ী আন এজনৰ ওপৰঞ্চি হোৱা অংশৰ লগত সাল-সলনি কৰাকে বিনিময় প্ৰথা বোলে।

৪। বিনিময় প্ৰথা বজাৰ ব্যৱস্থাৰ এটা কি?

উত্তৰঃ বজাৰৰ এটা পুৰণি ব্যৱস্থা।

৫। জোনবিল মেলাত কি কৰা হয়?

উত্তৰঃ এজনৰ সামগ্ৰীৰ লগত আন এজনৰ সলনি কৰে।

৬। সাপ্তাহিক বা অৰ্ধ-সপ্তাহিক বজাৰ কাক বোলে?

উত্তৰঃ সাপ্তাহিক বজাৰ সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত আৰু অৰ্থ-সপ্তাহিক বজাৰ সপ্তাহৰ দুটা নিৰ্দিষ্ট দিনত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহে তাকে সপ্তাহিক বা অৰ্থ-সপ্তাহিক বজাৰ বোলে।

৭। জোনবিল মেলা কেতিয়া হয়?

উত্তৰঃ মাঘ বিহুৰ কেইদিনমানৰ পিছত জোনবিল মেলা হয়।

৮। বজাৰ কিমান প্ৰকাৰৰ আছে?

উত্তৰঃ বজাৰ বিভিন্ন প্ৰকাৰৰ হয়। যেনে দৈনিক বজাৰ, সাপ্তাহিক বজাৰ, অৰ্থ-সাপ্তাহিক বজাৰ, খুচুৰা বজাৰ, পাইকাৰী বজাৰ, শ্বপিং মল ইত্যাদি।

৯। মুদ্ৰা বুলি ক’লে কি বুজা?

উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে যিটো বস্তু সকলোকে গ্ৰহণ কৰে আৰু যি একে সময়তে মূল্যৰ জোখ আৰু সঞ্চায়ৰ ভঁৰাল হিচাপে কামকৰে তাকেই মুদ্ৰা বুলি কোৱা হয়।

১০। গুৱাহাটীৰ বেলতলা বজাৰ নগৰ অঞ্চলৰ বৃহস্পতি আৰু দেওৱাৰে কি বজাৰ বহে?

উত্তৰঃ এখন অৰ্ধ-সামাজিক বজাৰ বহে।

১১। ই-বজাৰ কি?

উত্তৰঃ ই-বজাৰ হল ইন্টানেটৰ বিকাশৰ পাছত চাইবাৰ জগতত বিকশি উঠা এক ধৰণৰ বজাৰ ব্যৱস্থা।

১২। শ্বপিং মল কি?

উত্তৰঃ শ্বপিং মল হল এটা ডাঙৰ ঘৰত থকা বজাৰ – য’ত আমাৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগেৰী বিভিন্ন কক্ষত আকৰ্ষণীয় তথা সুবিধাজনকভাৱে সজায় থোৱাকে শ্বপিং মল বোলে।

১৩। দৈনিক বজাৰক কি বুলি কোৱা হয়?

উত্তৰঃ স্থায়ী বজাৰ বুলি কোৱা হয়।

Type Susmita Kakati

Post ID: DABP005843

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop