🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 3 পৃথিৱীৰ উপৰিভাগ Short Question Answer | চমু প্ৰশ্ন উত্তৰ 

পৃথিৱীৰ উপৰিভাগ

অধ্যায় ৩

১। ভূত্বকক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

২। পৰ্বত পাহাৰ ক’ত দেখা যায়?

উত্তৰঃ মহাদেশত আৰু মহাসাগৰৰ দেখা যায়।

৩। টিলা কাক বোলে?

উত্তৰঃ পাহাৰতকৈ চাপৰ অ’ত-অ’ত থিয় হৈ থকা ওখ শিলাময় খণ্ডক টিলা বুলি কোৱা হয়।

৪। ভাৰতৰ হিমালয় কিহৰ ভিতৰত সৰ্বোচ্চ পৰ্বত শ্ৰেণী?

উত্তৰঃ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পৰ্বত শ্ৰেণী।

৫। হিমালয়ৰ গড় উচ্চতা কিমান?

উত্তৰঃ ৬০৯০ মিটাৰ।

৬। ভূমিক উপত্যকা কাক বোলে?

উত্তৰঃ দুশাৰী পৰ্বত বা উচ্চভূমিৰ মাজৰ দীঘলীয়া নিম্ন সমতল ভূমিক উপত্যকা বোলা হয়।

৭। মাউণ্ট এভাৰেষ্ট বা গৌৰীশংকৰ শৃংগ কিমান ওখ?

উত্তৰঃ ৮৮৪৮ শৃংগ ওখ।

৮। পাহাৰ কাক বোলে?

উত্তৰঃ পৰ্বততকৈ চাপৰ শিলাময় ভূমিভাগক পাহাৰ বুলি কোৱা হয়।

৯। ভাৰতবৰ্ষত অধিকাংশ ৰাজ্যত কি দেখা যায়?

উত্তৰঃ পাহাৰ দেখা যায়।

১০। অসম থকা পাহাৰবোৰৰ নাম লিখা?

উত্তৰঃ নীলাচল,সন্ধ্যাচন, কলাপাহাৰ, শৰণীয়, বুঢ়াপাহাৰ, বৰাইল, চিত্ৰাচল, চৰাইদেউ, সিংহাসন অদি পাহাৰ অসমত আছে।

১১। ভাৰতৰ কোনখন মালভূমি অতি বিখ্যাত?

উত্তৰঃ দাক্ষিণাত্য মালভূমি অতি বিখ্যাত।

১২। সমভূমি কাক বোলে?

উত্তৰঃ  বিস্তীৰ্ণ, অনুচ্চ সমান ঠাইক সমভূমি বোলা হয়।

১৩। সৰু সৰু নৈবোৰক কি নামেৰে জনা যায়?

উত্তৰঃ শাখা নদী, উপনদী আদি নামেৰে জনা যায়।

১৪। অসমৰ উপনদী কেইখনৰ নাম লিখা?

উত্তৰঃ যমুনা,  সোৱণশিৰি,পাগলাদিয়া,দিখৌ, দিহিং আদি।

১৫। পৃথিৱীৰ জলমণ্ডল কেনেকৈ সৃষ্টি হ’ল?

উত্তৰঃ ভূত্বকৰ ওখোৰা-মোখোৰা স্থানবোৰৰ নিম্ন অংশবোৰত পানী জমা হৈ পৃথিৱীৰ জলমণ্ডল সৃষ্টি হৈছে।

১৬। উপসাগৰ কাক বোলে?

উত্তৰঃ বিস্তীৰ্ণ জলভাগৰ তিনিওফালে স্থলভাগ থাকে তাকে উপসাগৰ বোলে।

১৭। পৃথিৱীৰ আটাইতকৈ দ হ্ৰদটোৰ নাম কি?

উত্তৰঃ বৈকাল।

১৮। উপসাগৰ কেইখনমানৰ নাম লিখা?

উত্তৰঃ বংগোপ সাগৰ, পাৰস্য উপসাগৰ, প্ৰশান্ত মহাসাগৰ আদি।

১৯ বৈকাল হ্ৰদটো কিমান দ?

উত্তৰঃ ১৫২৮ মিটাৰ দ।

২০। বৈকাল হ্ৰদটো কিমান বৰ্গ কিলোমিটাৰ ?

উত্তৰঃ ৪০,০০,০০০ বৰ্গ কিলোমিটাৰ।

Type Susmita Kakati

Post ID: DABP004293

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop