🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 5 সম্পদ Short Question Answer | চমু প্ৰশ্ন উত্তৰ 

সম্পদ

অধ্যায়- ৫

১।  প্ৰকৃতিৰ পৰা আমি কি কি বস্তু পাওঁ?

উত্তৰঃ  পানী, মাটি, সূৰ্যৰ শক্তি আদি আমি প্ৰকৃতিৰ পৰা পাওঁ।

২। প্ৰকৃতিৰপৰা পোৱা দ্ৰব্য বা পদাৰ্থ যেতিয়া উপযোগী কৰি তোলা হয় তাক কি বুলি কোৱা হয়?

উত্তৰঃ প্ৰকৃতিৰপৰা পোৱা দ্ৰব্য বা পদাৰ্থ যেতিয়া উপযোগী কৰি তোলা হয় তাকে সম্পদ বুলি কোৱাহয়।

৩। কিমান চনত চাহ শিল্প উদ্যোগ প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৮২৩ চনত চাহ কিল্প উদ্যোগ প্ৰতিষ্ঠা হৈছিল।

৪। চাহ শিল্প কিহলৈ ৰূপান্তৰিত হ’ল?

উত্তৰঃ চাহ শিল্প এবিধ প্ৰয়োজনীয় দ্ৰব্যলৈ ৰূপান্তৰিত হ’ল।

৫। সম্পদ কেই প্ৰকাৰৰ?

উত্তৰঃ সম্পদ তিনি প্ৰকাৰৰ।

৬। অসমৰ মাটিৰ তলত কি পোৱা গৈছিল?

উত্তৰঃ কয়লা, খনিজ তেল আদি অসমৰ মাটিৰ তলত পোৱা হৈছিল।

৭। অপৰম্পৰাগত শক্তি সম্পদ কি কি?

উত্তৰঃ জৈৱ ইন্ধন,হাইড্ৰ’জেন আদি অপৰম্পৰাগত শক্তি সম্পদ।

৮। প্ৰাকৃতিক সম্পদসমূহ কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

৯। বিতৰণৰ ভিত্তিক প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

১০। জৈৱিক সম্পদবোৰ কি কি?

উত্তৰঃ উদ্ভিদ আৰু জীৱসমূহেই হ’ল জৈৱিক সম্পদ।

১১। প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে সেইকেইটা কি কি?

উত্তৰঃ জৈৱিক আৰু অজৈৱিক সম্পদ।

১২। অজৈৱিক সম্পদ কি কি?

উত্তৰঃ শিল, মাটি-পানী, খনিজ দ্ৰব্যসমূহ হৈছে অজৈৱিক সম্পদ।

১৩। বিতৰণৰ ভিত্তিক প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে সেইকেইটা কি কি?

উত্তৰঃ সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ।

১৪। সৰ্বব্যাপী সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ বস্তু সকলোতে থাকে তাকে সৰ্বব্যাপী সম্পদ বোলে।

১৫। সম্পদৰ প্ৰধান প্ৰকাৰ তিনিটা সেইকেইটা কি কি?

উত্তৰঃ (১) প্ৰাকৃতিক সম্পদ

(২) মানৱ সম্পদ

(৩) মানৱসৃষ্ট বা কৰ্ষিত সম্পদ

১৬। সৰ্বব্যাপী এটা উদাহৰণ দিয়া?

উত্তৰঃ বায়ু হ’ল সৰ্বব্যাপী এটা উদাহৰণ।

১৭। মানুহ কি শ্ৰেষ্ঠ?

উত্তৰঃ মানহ হৈছে জীৱ শ্ৰেষ্ঠ।

১৮। মানুহ কি?

উত্তৰঃ প্ৰাকৃতিক বিভিন্ন সম্পদৰ দৰে মানুহো এক অৰ্থত সম্পদ।

১৯।   মানৱসৃষ্ঠ বা কৰ্ষিত সম্পদ বুলি ক’লে কি বুজা?

উত্তৰঃ মানুহে নিজৰ জ্ঞান-বুদ্ধি আৰু কৰ্মৰদ্ধাৰা বা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশেৰে নতুনকৈ উলিওৱা সম্পসমূহকেই মানৱসৃষ্ঠ বা কৰ্ষিত সম্পদ বুলি কোৱা হয়।

২০। মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া?

উত্তৰঃ ঘৰ-দুৱাৰ, আলিবাট-দলং,কল-কাৰখানা, যানবাহন আদিবোৰ মানৱসৃষ্ট সম্পদৰ উদাহৰণ।

Type Susmita Kakati

Post ID: DABP005284

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop