🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 7 পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি

অধ্যায় ৭

১। বৰ্ণাশ্ৰম কেইটা বৰ্ণত বিভক্ত?

উত্তৰঃ চাৰিটা বৰ্ণত বিভক্ত।

২। কেইখনমান পুৰণি সাহিত্যৰ নাম লিখা?

উত্তৰঃ কলিকাপুৰাণ, যোগিনীতন্ত্ৰ আদি।

৩। সকলো বৃত্তিৰ লোকে ক’ত বাস কৰিছিল?

উত্তৰঃ একোটা অঞ্চলত বাসবাস কৰিছিল।

৪। সমাজৰ আটাইতকৈ সৰু গোটটো কি?

উত্তৰঃ পৰিয়াল আটাইতকৈ সৰু গোটটো।

৫। বৰ্ণাশ্ৰমে কিহৰ কথা নুবুজাইছিল?

উত্তৰঃ জাতি বেদৰ কথা নুবুজাইছিল।

৬। দয়াভাগৰ বৈশিষ্ট্যসমূহ লিখা?

উত্তৰঃ জন্মসুত্ৰ অনুসৰি পূৰ্বপুৰুষ বা পিতৃৰ সম্পত্তিৰ ওপৰতপুত্ৰই কোনো ধৰণৰ দাবী তুলিবনোৱাৰে; পিতৃৰ মৃত্যুৰ পাছতহে পুত্ৰসকল এনে সম্পত্তিৰ গৰাকী হব পাৰে।

৭। অসমৰ প্ৰধান খাদ্য কি?

উত্তৰঃ ভাত হল অসমৰ প্ৰধান খাদ্য।

৮। অসমৰ কি জাতি সম্পদায়ৰ পৰিয়াল ব্যৱস্থাত কিছু পৃথক নীতি অৱলম্বন কৰা হৈছিল?

উত্তৰঃ অসমৰ জনজাতি সম্পদায়ৰ পৰিয়াল ব্যৱস্থাত কিছু পৃথক নীতি অৱলম্বন কৰা হৈছিল।

৯। পায়স কি?

উত্তৰঃ অসমীয়া মানুহৰ প্ৰিয় খাদ্য।

১০। তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সমাজলৈ কৰপৰা আহিছিল?

উত্তৰঃ খাচীসকলৰপৰা অসমীয়া সমাজলৈ তামোল-পাণ আহিছিল।

১১।  অসমৰ অৰ্থনৈতিক সমাজখন কি ভিত্তিক আছিল?

উত্তৰঃ কৃষিভিত্তিক আছিল।

১২। নহৰু আৰু পিয়াজ ভাৰতবৰ্ষলৈ কৰপৰা আহিছিল?

উত্তৰঃ মধ্য এছিয়াৰপৰা আহিছিল।

১৩।বিবাহ অনুষ্ঠানক কি অনুষ্ঠান বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ বিবাহ অনুষ্ঠানক পৱিত্ৰ সমাজিক অনুষ্ঠান বুলি গণ্য কৰা হয়।

১৪।  ধৰ্মশাস্ত্ৰত কিমান প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছিল?

উত্তৰঃ ধৰ্মশাস্ত্ৰত ৮ প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছিল।

১৫। অতীত অসমত নাৰীয়ে কি স্থান পাবলৈ সক্ষম হৈছিল?

উত্তৰঃ অতীত অসমত নাৰীয়ে সমাজত সন্মনীয় স্থান পাবলৈ সক্ষম হৈছিল।

১৬। অতীতৰপৰা অসমীয়া মহিলাৰ কি অলংকাৰ পৰিধান কৰিছিল?

উত্তৰঃ অতীতৰপৰা অসমীয়া মহিলাই সোণ, ৰূপ আৰু আন ধাতুৰ অলংকাৰ পৰিধান কৰিছিল।

১৭। অসমত প্ৰচুৰ পৰিমানে কি খেতি কৰা যায়?

উত্তৰঃ অসমত প্ৰচুৰ পৰিমানে ধান খেতি কৰা হয়।

১৮। অসমত ধান খেতিৰ প্ৰথম প্ৰচলন ক’ত কৰিছিল?

উত্তৰঃ অষ্ট্ৰো-এছিয়াটিিৰ গোষ্ঠীৰ লোকসকলে ধান খেতিৰ প্ৰচলন কৰিছিল।

১৯। অসমত প্ৰথমে কি খেতিৰ প্ৰচলন আছিল?

উত্তৰঃ অসমত প্ৰথমে ঝুম খেতিৰ প্ৰচলন আছিল।

২০। অসমক অৰ্থনৈতিক ভোটিটো সবল কৰাত কৰা যথেষ্ট অৱদান আছে?

উত্তৰঃ অসমক অৰ্থনৈতিক ভোটিটো সবল কৰাত ধানৰ যথেষ্ট অৱদান আছে।

Type Susmita Kakati

Post ID :DABP005428

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop