SEBA Class 11 Assamese Chapter 1 Prat 3 ৰাৱণৰ বিভীষণৰ সজ উপদেশ Short Answer | চমু প্ৰশ্ন উত্তৰ |

ৰাৱণৰ বিভীষণৰ সজ উপদেশ

অধ্যায় ১

চমু প্ৰশ্নউত্তৰঃ

১০। মূৰাৰী কোন?

উত্তৰঃ মূৰাৰী হৈছে- ৰামচন্দ্ৰ।

২। মাধৱ কন্দলিক কি কবি বুলি অভিহিত কৰিছে?

উত্তৰঃ মাধৱ কন্দলিক ‘অপ্ৰমাদী’ অৰ্থাৎ ভ্ৰান্তিহীন কবি বুলি অভিহিত কৰিছিল।

৩। বিভীষণ কাৰ ভক্ত আছিল?

উত্তৰঃ বিভীষণ বিষ্ণু ভক্ত আছিল।

৪। মধুসূধন কোন?

উত্তৰঃ মধুসূধন হৈছে ৰামচন্দ্ৰ।

৫। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ মাধৱ কন্দলিয়ে চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

১। মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?

উত্তৰঃ মাধৱ কন্দলি প্ৰাক্শংকৰী যুগৰ শ্ৰেষ্ঠ কবি।

৬। ”ৰাৱণৰ বিভীষণৰ সজ উপদেশ” কাব্যাংশৰ কবি কোন?

উত্তৰঃ ”ৰাৱণৰ বিভীষণৰ সজ উপদেশ” কাব্যাংশৰ কবি মাধৱ কন্দলি।

৭। ৰাৱণৰ মাতৃৰ নাম কি?

উত্তৰঃ ৰাৱণৰ মাতৃৰ নাম নৈকেষী।

৮। ‘ৰামৰ হাতত জানো মোৰ যাইব জীৱ: কথাষাৰ। কোনে কৈছে?

উত্তৰঃ লংকাৰ ৰজা ৰাৱণে।

৯। লংকা কোনে দহন কৰিছিল?

উত্তৰঃ ৰামভক্ত হনুমানে লংকা দহন কৰিছিল।

২১। লাঞ্জ শব্দৰ অৰ্থ কি?

উত্তৰঃ লাঞ্জ শব্দৰ অৰ্থ হৈছে- নেজ।

১২। ৰামৰ সখা কোন আছিল?

উত্তৰঃ ৰামৰ সখা বান্দৰৰ ৰজা সুগ্ৰীৱ।

১৩। ইন্দ্ৰজিতে হনুমানক কিহিৰে বান্ধিছিল?

উত্তৰঃ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে বান্ধিছিল।

১৫। বিষ্ণু ভকত শব্দৰ অৰ্থ কি?

উত্তৰঃ বিষ্ণু ভকত শব্দৰ অৰ্থ হৈছে- ঈশ্বৰৰ একান্ত সেৱক।

১৬। তহিতে শব্দৰ অৰ্থ কি?

উত্তৰঃ তহিতে শব্দৰ অৰ্থ হৈছে- তাত।

১৭। ডেৱ শব্দৰ অৰ্থ কি?

উত্তৰঃ ডেৱ শব্দৰ অৰ্থ হৈছে- ডেও, জাঁপ, সামান্য জঁপিয়াই দীঘলকৈ দিয়া খোজ।

১৮। তৰি শব্দৰ অৰ্থ কি?

উত্তৰঃ তৰি শব্দৰ অৰ্থ হৈছে- পাৰ হৈ।

১৪। পাত্ৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ পাত্ৰ শব্দৰ অৰ্থ হৈছে- মন্ত্ৰী।

২০। নাগপাশ শব্দৰ অৰ্থ কি?

উত্তৰঃ নাগপাশ শব্দৰ অৰ্থ হৈছে- পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী।

২৯। মূৰাৰি শব্দৰ অৰ্থ কি?

উত্তৰঃ মূৰাৰি শব্দৰ অৰ্থ হৈছে- মূৰ নামৰ অসুৰৰ বৈৰী।

২২। দগধ শব্দৰ অৰ্থ কি?

উত্তৰঃ দগধ শব্দৰ অৰ্থ হৈছে- পোৰা।

৩০। গহ শব্দৰ অৰ্থ কি?

উত্তৰঃ গহ শব্দৰ অৰ্থ হৈছে- অহংকাৰ;  কেৰেপ, গ্ৰাহ্য।

২৩। একৈক শব্দৰ অৰ্থ কি?

উত্তৰঃ একৈক শব্দৰ অৰ্থ হৈছে- এজন এজন।

২৪। বিদিত শব্দৰ অৰ্থ কি?

উত্তৰঃ বিদিত শব্দৰ অৰ্থ হৈছে- জনা।

২৫। আন্বয় শব্দৰ অৰ্থ কি?

উত্তৰঃ আন্বয় শব্দৰ অৰ্থ হৈছে- অন্বয়, অৰ্থ, ব্যাখ্যা, মত।

১৯। উৎছন শব্দৰ অৰ্থ কি?

উত্তৰঃ উৎছন শব্দৰ অৰ্থ হৈছে- নাশ।

২৬। অগাধ শব্দৰ অৰ্থ কি?

উত্তৰঃ অগাধ শব্দৰ অৰ্থ হৈছে- বৰ গভীৰ।

২৭। অবিকল শব্দৰ অৰ্থ কি?

উত্তৰঃ অবিকল শব্দৰ অৰ্থ হৈছে- হুবহু।

২৮। মধুসূদন শব্দৰ অৰ্থ কি?

উত্তৰঃ মধুসূদন শব্দৰ অৰ্থ হৈছে- বিষ্ণুৰ এটা নাম, মধু দৈত্যক বধ কৰোঁতা।

১১। সীতা কাৰ জীয়ৰী আছিল?

উত্তৰঃ সীতা জনক ৰজাৰ জীয়ৰী।

Author: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping