SEBA Class 11 Assamese Chapter 5 লাচিত ফুকন Short Answer | চমু প্ৰশ্ন উত্তৰ |

লাচিত ফুকন

অধ্যায় ৫


চমু প্ৰশ্নউত্তৰঃ

১১। দেৱকান্ত বৰুৱা কিমান চনত মৃত্যু হয়?

উত্তৰঃ দেৱকান্ত বৰুৱা ১৯৯৬ চনত মৃত্যু হয়।

২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখন হৈছে- ‘সাগৰ দেখিছা’ ।

৩। আধুনিক অসমীয়া কবিতাৰ ‘দুৱাৰ মুকলি কৰোঁতা’ বুলি কাক খ্যাত?

উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ ‘দুৱাৰ মুকলি কৰোঁতা বুলি খ্যাত দেৱকান্ত বৰুৱা।

৪। দেৱকান্ত বৰুৱাক ‘দোমোজাৰ কবি’ বুলি কিয় হয়?

উত্তৰঃ ৰোমাণ্টিক যুগৰ শেষ আৰু আধুনিক কবিতাৰ দুৱাৰডলিৰ কবি বাবেই দেৱকান্ত বৰুৱাক ‘দোমোজাৰ কবি’ বুলিও কোৱা হয়।

৫। ‘লাচিত ফুকন’ কবিতাটো কি কবিতা?

উত্তৰঃ ‘লাচিত ফুকন’ কবিতাটো এটা বীৰত্বব্যঞ্জক দেশপ্ৰেমমূলক কবিতা।
৬। অসমীয়া ভাষাত পোন প্ৰথমতে কোনজন কবিয়ে দৈনন্দিন কথিত ভাষাৰ ৰূপ প্ৰয়োগ কৰে।

উত্তৰঃ অসমীয়া ভাষাত পোন প্ৰথমতে দেৱকান্ত বৰুৱাই দৈনন্দিন কথিত ভাষাৰ ৰূপ প্ৰয়োগ কৰে।

৭। ইব্রাহিমে কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ তেওঁ দেৱ পূজাৰ বাবে বুকুৰ অতিকে আপোন নিজ পুত্ৰক খঞ্জৰৰে বুকুত আঘাত হানিছিল।


১। দেৱকান্ত বৰুৱা কিমান চনত জন্ম হয়?

উত্তৰঃ দেৱকান্ত বৰুৱা ১৯১৪ চনৰ নগাঁৱত জন্ম হয়।

৮। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজী কবিৰ কবিতাৰ আৰ্হি দেখা যায়? সেই আৰ্হিক কি বুলি কোৱা হয়?

উত্তৰঃ দেৱকান্ত বৰৱাৰ কবিতাত ইংৰাজ কৰি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ আৰ্হি দেখা যায়। সেই আৰ্হিক নাটকীয় স্বগতোক্তিয়ে আৰ্হি বুলি কোৱা হয়।

৯। কবি দেৱকান্ত বৰুৱাৰ এটি পৰিচয় দাঙি ধৰা।

উত্তৰঃ একমাত্র ‘সাগৰ দেখিছা’ নামৰ কাব্যগ্রন্থখনেৰেই অসমীয়া কবিতাৰ জগতত এখন বিশেষ আখন দখল কৰিবলৈ সমৰ্থবান হোৱা দেৱকান্ত বৰুৱাৰ জন্ম হয় ১৯১৪ চনত। নগাঁও কলংপাৰৰ খৰঙি বৰুৱাৰ ঘৰত জন্মা বৰুৱাদেৱে কাশী বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰিছিল আৰু ভাৰতীয় ৰাজনীতিত যোগদান কৰি ভাৰতীয় কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতিৰ পদো অলংকৃত কৰিছিলগৈ। ইংৰাজী কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বগতোক্তি বা নিৰ্দনোক্তিৰ ( dramatic monologue) আদর্শ তেওঁ অসমীয়া কবিতাত প্ৰয়োগ কৰিছিল। অকল যে গাঁঠনিগত দিশতে তেওঁ নতুনত্ব আনিছিল তেনে নহয়, বৰং ভাব-চিন্তাৰ ফালৰ পৰাও তেওঁ একঘেয়ামী হৈ পৰা ৰোমাণ্টিক কবিতাৰ মাজলৈ এটা পৰিৱৰ্তন আনিছিল। সেইবাবেই তেওঁ ৰোমাণ্টিক যুগৰ শেষ প্ৰাস্তত অৱস্থান কৰিও নিজকে ক্রান্তি বা দোমোজাৰ কবি হিচাপে প্ৰতিষ্ঠা কৰি গৈছ। অসমীয়া কবিতাৰ আলোচনাত দেৱকান্ত বৰুৱাৰ এই নাটকীয়া ছন্দশিল্প আৰু ভাবৰ নতুনত্বই সদায় এটা বিশেষ গুরুত্ব পাহ আহিছে আৰু কবিতাপ্রেমিৰ বাবে সিয়েই আজিও বৰুৱাৰ কবিতাৰ আদৰ্শৰ ঘাই কেন্দ্ৰ হৈ আছে।

১০। নাটকীয় স্বগতোক্তি সম্পর্কে আভাস দিয়া।

উত্তৰঃ নাটকত মাজে সময়ে চৰিত্ৰ একোটাৰ বক্তব্য কথা-বতৰা মাজেৰে প্ৰকাশ নকৰি অকলে অকলে আত্মভাষণৰ দ্বাৰা প্ৰকাশ কৰা হয়। তাকে নাটকীয় স্বগতোক্তি বোলা হয়। যি কোনো চৰিত্ৰ একোটাৰ মানসিক ক্রিয়া-প্রতিক্রিয়া ৰূপায়ণ বিশেষভাবে সহায় কৰে এই স্বগতোক্তি । ইয়াৰ দ্বাৰা নাট্যকাৰে দৰ্শকবৃন্দক চৰিত্ৰ কিছুমানৰ মনৰ নিগূঢ়তম প্ৰদেশৰ লগত পৰিচয় কৰাই দিয়ে। ইয়াৰ উপৰিও সংলাপৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰা কথা কিছুমানো এই স্বগতোক্তিয়ে পৰিস্কাৰকৈ বুজাই দিয়ে। স্বগতোক্তিত চৰিত্ৰবোৰে নিজকে নিজে সশব্দে চিন্তা কৰে আৰু দৰ্শকে সেইবোৰ শুনিবলৈ পায়। আনহাতে স্বগতোক্তিৰ অবিহনে চৰিত্ৰ একোটাৰ মানসিক একোটাৰ মানসিক বিশ্লেষণ কৰাটো কষ্টকৰ, তেনেকৈ ইয়াৰ মাত্ৰাধিক্যই চৰিত্ৰ একোটা নিষ্প্রভ কৰি পেলায়, লগতে কাহিনীভাগৰ গতিও মন্থৰ কৰি পেলায়। ছেক্সস্পীয়েৰৰ নাটক সমূহত স্বগতোক্তিৰ প্ৰচুৰ প্ৰয়োগ কৰা দেখা যায়। নাটকীয় স্বগতোক্তি থকা নাটকর উত্তপ্ত নিদর্শন। আধুনিক নাট্যকাৰে স্বগতোক্তিৰ ব্যৱহাৰক সিমান গ্রহণযোগ্য বুলি নাভাবে। তেওঁলোকৰ মতে ই সম্পূর্ণ বিশৃঙ্খল প্রণালী আৰু সম্পূর্ণ অনাটকীয়। ইবছেনৰ সময়ৰ পৰাই নাটক স্বগতোক্তিৰ ব্যৱহাৰ প্ৰয়োভৰ কমি আহিছে।

১২। চমুটোকা লিখা।

(ক) ইব্ৰাহিমৰ কাহিনী

উত্তৰঃ ইব্ৰাহিমৰ কাহিনীঃ ইব্ৰাহিম বা আব্ৰাহম হ’ল বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী। ঈশ্বৰে সপোনত দিয়া নিৰ্দেশ মতে তেওঁ নিজ পুত্ৰ ইছমাইলক কোৰবাণি বা বলিদান দিছিল। অৱশ্যে, ঈশ্বৰে ইব্ৰাহিমৰ ত্যাগৰ পৰীক্ষাহে লৈছিল। গতিকে ইছমাইলৰ মৃত্যু হোৱা নাছিল। বলিদান থলীত এটি ভেৰাৰ মৃতদেহহে দেখা গৈছিল। মহাভাৰতৰ চৰিত্ৰ মহাবীৰ কৰ্ণৰো সদৃশ ত্যাগৰ কাহিনী এটা প্ৰচলিত আছে।

১৪। জয়শ্ৰী শব্দৰ অৰ্থ কি?

উত্তৰঃ জয়শ্ৰী শব্দৰ অৰ্থ হৈছে- শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান।

১৫। দুৰ্মদ শব্দৰ অৰ্থ কি?

উত্তৰঃ দুৰ্মদ শব্দৰ অৰ্থ হৈছে- অতি পৰাক্ৰমী, দুৰ্ধৰ্ষ।

১৬। খঞ্জৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ খঞ্জৰ শব্দৰ অৰ্থ হৈছে- তৰোৱাল।

১৭। নবী শব্দৰ অৰ্থ কি?

উত্তৰঃ নবী শব্দৰ অৰ্থ হৈছে- ঈশ্বৰৰ বাণী বহন কৰি আনোতা, মহাপুৰুষ।

১৮। নকল-নবীছ শব্দৰ অৰ্থ কি?

১৩। মাতুল শব্দৰ অৰ্থ কি?

উত্তৰঃ মাতুল শব্দৰ অৰ্থ হৈছে- মামা, মোমাই।

উত্তৰঃ নকল-নবীছ শব্দৰ অৰ্থ হৈছে- আৰ্হি চাই কাকত আদি লেখা কেৰাণী।

১৯। মক্ফাইট শব্দৰ অৰ্থ কি?

উত্তৰঃ মক্ফাইট শব্দৰ অৰ্থ হৈছে- ব্যংগ যুঁজ।

২০। টলমল শব্দৰ অৰ্থ কি?

উত্তৰঃ টলমল শব্দৰ অৰ্থ হৈছে- ইফাল-সিফাল কৰা, অস্থিৰ দীপ্তি, জ্বলমল।

২১। ভৰি শব্দৰ অৰ্থ কি?

উত্তৰঃ ভৰি শব্দৰ অৰ্থ হৈছে- এতোলা পৰিমাণ (সোণ-ৰূপ আদিৰ জোখৰ ক্ষেত্ৰত ব্যৱহাৰ হয়)।

২৩। কোঙা শব্দৰ অৰ্থ কি?

উত্তৰঃ কোঙা শব্দৰ অৰ্থ হৈছে- হাত-ভৰি লৰাই ফুৰিব নোৱৰা।

২৭। চিভিল- পিনাল- ক’ড শব্দৰ অৰ্থ কি?

উত্তৰঃ চিভিল- পিনাল- ক’ড শব্দৰ অৰ্থ হৈছে- দেৱানী দণ্ডবিধি আইন।

২৪। আবগাৰী শব্দৰ অৰ্থ কি?

উত্তৰঃ আবগাৰী শব্দৰ অৰ্থ হৈছে- আবকাৰী, মদ বা ৰাগিয়াল বস্তু সম্পৰ্কীয়।

২৫। গ্লানি শব্দৰ অৰ্থ কি?

উত্তৰঃ গ্লানি শব্দৰ অৰ্থ হৈছে- অপযশ, বদনাম, কলংক।

২৬। লোকেল ব’ৰ্ড শব্দৰ অৰ্থ কি?

উত্তৰঃ লোকেল ব’ৰ্ড শব্দৰ অৰ্থ হৈছে- চহৰৰ প্ৰশাসনৰ বাবে গঠন কৰা স্থানীয় প্ৰশাসনিক গোট।

২২। থিত শব্দৰ অৰ্থ কি?

উত্তৰঃ থিত শব্দৰ অৰ্থ হৈছে- স্থিৰ, ধীৰ, স্থিতি, অৱস্থান।

Author: Pompi Hazarika

Post ID: DABP005975 

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping