SEBA Class 11 Geography Chapter 6 মাটি Short Answer | চমু প্ৰশ্ন উত্তৰ |

 মাটি

ষষ্ঠ অধ্য়ায়

১৬) মাটি খননৰ এটা প্ৰধান কাৰক কি?

উত্তৰঃ নিৰ্বনীকৰণ।

২) ৰঙা মাটি কেনেকৈ গটিত হয়?

উত্তৰঃ ফটিকাযুক্ত আগ্নেয়শিলত কম বৰষুণ হোৱা ঠাইত ৰঙা মাটি গঠিত হয়।

৩) মাটি কি?

উত্তৰঃ মাটি হ’ল জৈৱ পদাৰ্থৰ এবিধ সংমিশ্ৰণ যি পৃথিৱীৰ ওপৰিভাগত তৈয়াৰ কৰা হয়।

৪) পুৰণিকালত মাটিক প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছিল?

উত্তৰঃ পুৰণিকালত মাটিক প্ৰধানকৈ দুটা ভাগত ভগোৱা হৈছিল।

৫) ভাৰতৰ মুঠ মাটিৰ কিমান শতাংশ মাটি পলসুৱা?

উত্তৰঃ ৪০ শতাংশ মাটি পলসুৱা।

৬) লেটেৰাইট শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ লেটেৰাইন শব্দটো লেটিন ভাষাৰ শব্দ ‘লেটাৰ’ৰ পৰা আহিছে।

৭) কোনবিধ মাটিক উচৰা মাটি বোলা হয়?

উত্তৰঃ লুণীয়া মাটিক উচৰা মাটি বোলা হয়।

৮) কিহৰ ওপৰত নিৰ্ভৰ কৰি মাটিবোৰৰ গঠন আৰু টেক্সাৰ বেলেগ বেলেগ হয়?

উত্তৰঃ পৰ্বতীয়া পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি মাটিবোৰৰ গঠন আৰু টেক্সাৰ বেলেগ বেলেগ হয়।

৯) মাটি খহোৱাৰ কাৰণে শক্তিশালী কাৰক কি?

উত্তৰঃ মাটি খহোৱাৰ কাৰণে শক্তিশালী কাৰক হৈছে বতাহ আৰু পানী।

১) ক’লা মাটি থকা অঞ্চলবোৰৰ নাম লিখা।

উত্তৰঃ মহাৰাষ্ট্ৰ, মধ্য়প্ৰদেশ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু অংশবিশেষয।

১০) মাটিৰ খনন কাৰ্য কাক বোলে?

উত্তৰঃ মাটিৰ ওপৰৰ সাৰুৱা তৰপটো ধ্বংস হোৱাকে মাটিৰ খনন বোলে।

১১) মাটিৰ খনন কাৰ্যত কোনে বাধা দিয়ে?

উত্তৰঃ মাটিৰ খনন কাৰ্যত গছ-গছনিয়ে  বাধা দিয়ে।

২৩) লেটেৰাইট শব্দৰ অৰ্থ কি?

উত্তৰঃ লেটেৰাইট শব্দৰ অৰ্থ হ’ল ইটা।

১৩) কেনেকুৱা অঞ্চলত লেটেৰাইট মাটি গঠিত হয়?

উত্তৰঃ উচ্চ তাপ আৰু অধিক বৰষুণ হোৱা অঞ্চলত লেটেৰাইট মাটি গঠিত হয়।

১৪) দক্ষিণ ভাৰতৰ বহু ঠাই কি মাটিয়ে আগুৰি আছে?

উত্তৰঃ ক’লা মাটিয়ে আগুৰি আছে।

১৫) লেটেৰাইট মাটি প্ৰধানকৈ ক’ত গঠিত হয়?

উত্তৰঃ দাক্ষিণাত্য় মালভূমিৰ উচ্চ স্থানবোৰত লেটেৰাইট মাটি প্ৰধানকৈ গঠিত হয়।

১২) কোনবিধ মাটিত পটাছৰ পৰিমাণ অধিক আৰু ফচ্ফৰাচৰ পৰিমাণ অতি কম?

উত্তৰঃ পলসুৱা মাটিত।

১৭) খেতিৰ অনুপযোগী মাটিবোৰ কি হিচাপে ব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ খেতিৰ অনুপযোগী মাটিবোৰ খাঁহনি হিচাপে ব্য়ৱহাৰ কৰিব লাগে।

১৮) ‘কেন্দ্ৰীয় মাটি সংৰক্ষণ পৰিষদ’ৰ স্থাপক কোন?

উত্তৰঃ ভাৰত চৰকাৰ।

১৯) কোনবিধ মাটিত যথেষ্ট পৰিমাণে ছদিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম থাকে?

উত্তৰঃ লুণীয়া মাটিত।

২০) পিট মাটি ক’ত পোৱা যায়?

উত্তৰঃ প্ৰচুৰ বৰষুণ আৰু উচ্চ আৰ্দ্ৰতা থকা অঞ্চলত পিট মাটি পোৱা যায়।

২১) লেটেৰাইট মাটি দেখা পোৱা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ কৰ্ণাটক আৰু কেৰালা।

২১) কোনবিলাক অঞ্চলত নদীৰ খনন কাৰ্য অতি বেছি?

উত্তৰঃ অধিক বৃষ্টি হোৱা আৰু এঢলীয়া অঞ্চলবোৰত।

২২) ভাংগৰ বোৰ কি?

উত্তৰঃ ভাংগৰ বোৰ হ’ল পুৰণি পলসুৱা মাটি।

৩১) পুৰণি কালৰ মাটিৰ ভাগ দুটাৰ নাম লিখা।

উত্তৰঃ উৰ্বৰা আৰু উচাৰা।

২৪) লেটেৰাইট মাটিৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ ক্ৰান্তীয় বৰষুণে কৰা ধুই নিয়া কাৰ্য্যৰ ফলত লেটেৰাইট মাটিৰ সৃষ্টি হয়।

২৫) শুকান মাটিৰ বৰণ কেনেকুৱা?

উত্তৰঃ শুকান মাটিৰ বৰণ ৰঙাৰ পৰা মুগালৈকে আছে।

২৬) তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কেৰালা ৰাজ্য়ত থকা ৰঙা বৰণৰ লেটেৰাইট মাটি কিহৰ কাৰণে উপযোগী?উত্তৰঃ কাজুমাদামৰ দৰে গছ-শস্য়ৰ কাৰণে অতি উপযোগী।

২৭) কোনবিধ মাটিত ফচফৰাচ্, নাইট্ৰজেন আৰু জৈৱ পদাৰ্থ কমকৈ থাকে?

উত্তৰঃ ক’লা মাটিত।

২৮) পৃথিৱীৰ খোলাটোৰ আটাইতকৈ দৰকাৰী স্তৰ কি?

উত্তৰঃ পৃথিৱীৰ খোলাটোৰ আটাইতকৈ দৰকাৰী স্তৰ হৈছে মাটি।

২৯) ভাৰতীয় মাটি জৰীপ বিভাগটো কিমান চনত স্থাপন কৰা হৈছে?

উত্তৰঃ ভাৰতীয় মাটি জৰীপ বিভাগটো ১৯৫৬ চনত স্থাপন কৰা হৈছে।

৩০) উজনি আৰু মধ্য় গংগা সমতলত কেইধৰণৰ পলসুৱা মাটি গঠিত হৈছে?

উত্তৰঃ দুইধৰণৰ পলসুৱা মাটি গঠিত হৈছে।

৩৭) আমাৰ প্ৰয়োজনীয় খাদ্য় আৰু কাপোৰ কানিৰ সিংহভাগ ক’ৰ পৰা আহে?

উত্তৰঃ মাটিত গজা শস্য়ৰ পৰা।

৩২) পলসুৱা মাটি ক’ত বিস্তাৰিত হৈ আছে?

উত্তৰঃ উত্তৰৰ সমতল আৰু নদীৰ উপত্য়কাবোৰত পলসুৱা মাটি বিস্তাৰিত হৈ আছে।

৩৩) মাটি গঠন কৰা প্ৰধান কাৰকবোৰ কি কি?

উত্তৰঃ মাটি গঠন কৰা প্ৰধান কাৰকবোৰ হ’ল ভূঅবয়ব, মূল পদাৰ্থ, জলবায়ু, উদ্ভিদ জীৱ আৰু সময়।

৩৪) পলসুৱা মাটিবোৰ গহনভাৱে কি কৰা হয়?

উত্তৰঃ পলসুৱা মাটিবোৰ গহনভাৱে চাহ কৰা হয়।

৩৫) খাদৰ আৰু ভাংগৰ দুয়োবিধ মাটিতে কি থাকে?

উত্তৰঃ খাদৰ আৰু ভাংগৰ দুয়োবিধ মাটিতে ভাংগৰ থাকে।

৩৬) মিহি কণাৰ ৰঙা আৰু মুগা মাটি সাধাৰণতে কেনেকুৱা?

উত্তৰঃ সাৰুৱা, আন হাতেদি সহতা দানা যুক্ত।

৪০) লেটেৰাইট মাটিবোৰ ইটাৰ সাদৃশ কাটি লৈ কি কামত লগোৱা হয়?

উত্তৰঃ ঘৰ বন্ধা কামত লগোৱা হয়।

৩৮) পলসুৱা মাটিৰ বৰণ কেনেকুৱা?

উত্তৰঃ পাতল ধূসৰ পৰা ছা বৰণীয়া পৰ্যন্ত।

৩৯) মাটিৰ প্ৰধান বস্তুবোৰৰ নাম লিখা।

উত্তৰঃ মাটিৰ প্ৰধান বস্তুবোৰ হ’ল- ধাতব পদাৰ্থবোৰ, হিউমাছ, পানী আৰু বতাহ।

Author: Chinmay Kakati

Post Id: DABP003665

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping