🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SEBA Class 9 Science Chapter 3 অণু আৰু পৰমাণু Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 অণু আৰু পৰমাণু

Chapter 3

১) পদাৰ্থৰ বিভাজ্য়তাৰ ধাৰণাটো ভাৰতত কিমান খ্ৰী. পূ. মানত বিবেচনা হৈছিল?
উত্তৰঃ খ্ৰী. পূ 500 চন মানত ।

 ২) পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য় কণাবোৰক কোনে পৰমাণু নাম দিছিল?
উত্তৰঃ ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে।।

৩) খ্ৰীষ্টীয় কিমান শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল?
উত্তৰঃ খ্ৰীষ্টীয় ওঠৰ শতিকাৰ শেষলৈ।

৪) তলৰ কোনজন ব্য়ক্তিয়ে ৰাসায়নিক সংযোগৰ দুটা গুৰুত্বপূৰ্ণ বিধি উপস্থাপন কৰি ৰাসায়নিক বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল?
উত্তৰঃ এণ্টইনি এল লেভয়ছিয়াৰে।

৫) হাইড্ৰেজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত-
উত্তৰঃ 1:8।

৬) এম’নিয়াম নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত সদায়েই-
উত্তৰঃ 14:3।

৭) তলৰ কোনজন ব্য়ক্তিয়ে স্থিৰানুপাত বিধিটো এনেদৰে উপস্থাপন কৰিছিল?
উত্তৰঃ জোছেফ প্ৰাউষ্ট নামৰ ব্য়ক্তিজনে।

৮) জন ডেল্টনৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ 1766 চনত।

৯) তলৰ কোনবিধ গ’ল্ড মৌলৰ চিহ্ন ?
উত্তৰঃ Au।

১০) কোনজন বিজ্ঞানীৰ মতে প্ৰতিটো মৌলৰে এক বিশিষ্ট পাৰমাণৱিক ভৰ থাকে?
উত্তৰঃ জন ডেল্টন।

১১) তলৰ কোনজন ব্ৰিটিছ ৰসায়নবিদে প্ৰকৃতিৰ ওপৰত এক মৌলিক তত্ত্ব আগবঢ়াইছিল?
উত্তৰঃ জন ডেল্টন।

১২) জন ডেল্টনে কোনখন দেশত জন্ম লাভ কৰিছিল?
উত্তৰঃ ইংলেণ্ডত।

১৩)  মৌলবোৰৰ বাবে এক সুনিৰ্দিষ্ট অৰ্থবহ চিহ্ন ব্য়ৱহাৰ কৰা প্ৰথম বিজ্ঞানী জনৰ নাম আছিল-
উত্তৰঃ জন ডেল্টন।

১৪) মৌল এটাৰ অণুবোৰ কিহেৰে গঠিত?
উত্তৰঃ পৰমাণুৰে গঠিত।

১৫) 16g অক্সিজেনত কিমান ম’ল পৰমাণু থাকে?
উত্তৰঃ 1ম’ল।

১৬) 18u পানীত কেইটা পানীৰ অণু থাকে?
উত্তৰঃ 1টা।

১৭)  ম’ল শব্দটো অৱতাৰনা কৰা বিজ্ঞানীজনৰ নাম কি?
উত্তৰঃ উইলহেল্ম অষ্টৱাল্ড।

Type: Dimpi Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop