বাথৌ | AJB Class 6 Assamese chapter 11 Short Question and Answer Assamese Medium |

১। বাথৌ কোন?

ক) বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা

খ) মিছিং জনগোষ্ঠীৰ ঘাই দেৱতা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা।

২। বড়ো ভাষাত ‘বড়ো’ শব্দৰ অৰ্থ কি?

ক) দেৱতা

খ) মানুহ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মানুহ।

৩। বড়োসকলৰ সংস্কৃতিৰ এটি উল্লেখযোগ্য দিশ কি?

ক) বিহু

খ) পূজা

গ) তেওঁলোকৰ ধৰ্মীয় সংস্কৃতি

উত্তৰঃ গ) তেওঁলোকৰ ধৰ্মীয় সংস্কৃতি।

৪। বাথৌক কাৰ লগত তুলনা কৰিব পাৰি?

ক) হিন্দুসকলৰ দেৱতা শিৱৰ লগত

খ) ভগৱান শ্ৰী কৃষ্ণৰ লগত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) হিন্দুসকলৰ দেৱতা শিৱৰ লগত।

৫। বাথৌক প্ৰতিনিধিত্ব কৰা বুলিভাবি বড়োসকলে কি গছক অতি পৱিত্ৰ জ্ঞান কৰে?

ক) আম গছক

খ) সিজু গছক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সিজু গছক ।

৬। বড়োসকল প্ৰধানত: কি?

ক) কৃষিজীৱী

খ) পশুপালক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কৃষিজীৱী।

৭। বড়োসকলৰ প্ৰধান আহাৰ কি?

ক) গাখীৰ

খ) ৰুটি

গ) ভাত

উত্তৰঃ গ) ভাত।

৮। বড়ো মহিলাসকল কি কৰাত বৰ কাজী?

ক) বোৱা-কটা কৰাত

খ) ৰন্ধা-বঢ়া কৰাত

গ) বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰাত

উত্তৰঃ ক) বোৱা-কটা কৰাত।

৯। কাপোৰ ব’ব নজনা ছোৱালীক তেওঁলোকে কি বুলি কয়?

ক) নজনা

খ) আলুৰি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আলুৰি।

১০। বড়ো মহিলাসকলে নাকত পিন্ধা অলংকাৰ বিধ কি?

ক) জাপখ্ৰিং

খ) তালিংলৰা

গ) গণ্ঠংনি বালি

উত্তৰঃ গ) গণ্ঠংনি বালি।

১১। বড়ো মহিলাসকলে কাণত পিন্ধা অলংকাৰ বিধ কি?

ক) খেৰা

খ) গণ্ঠংনি বালি

গ) বৌলা

উত্তৰঃ ক) খেৰা।

১২। বড়ো মহিলাসকলে হাতত পিন্ধা খাৰুক কি বুলি কয়?

ক) জাপখ্ৰিং

খ) বৌলা

গ) আছান

উত্তৰঃ গ) আছান।

১৩। উৎসৱ-পাৰ্বণৰ ভিতৰত কি উৎসৱ বড়ো-কছাৰীৰ মাজত প্ৰচলিত এক প্ৰধান জনপ্ৰিয় উৎসৱ?

ক) দূৰ্গাপূজা

খ) খেৰায়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) খেৰায়।

১৪। এই পূজা প্ৰধানত: কেইটা কাৰণত কৰা হয়?

ক) তিনিটা

খ) দুটা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) তিনিটা।

১৫। ‘দখনা’ কোনে পিন্ধে?

ক) হিন্দু মহিলাসকলে

খ) মুছলিম মহিলা সকলে

গ) বড়ো-কছাৰী মহিলা সকলে

উত্তৰঃ গ) বড়ো-কছাৰী মহিলা সকলে।

১৬। ৰাজহুৱাভাৱে কৰা খেৰায় পূজা ক’ত কৰা হয়?

ক) পথাৰৰ মাজত

খ) চোতালত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পথাৰৰ মাজত।

১৭। গছ শব্দৰ সমাৰ্থক শব্দ কি?

ক) বন

খ) বৃক্ষ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃখ) বৃক্ষ।

১৮। বড়োসকলৰ জাতীয় পানীয় বিধৰ নাম কি?

ক) জৌ

খ) আছান

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জৌ।

১৯। জুমায়ৰ ৰস কৰ পৰা তৈয়াৰ কৰা হয়?

ক) গাখীৰৰ পৰা

খ) ধানৰ পৰা

গ) বৰা চাউলৰ পৰা

উত্তৰঃ গ) বৰা চাউলৰ পৰা

২০। অপ+মান= কি?

ক) অপমান

খ) অধিকাৰ

গ) অভিবাদন

উত্তৰঃ ক) অপমান।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop