🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

২ শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়ণৰ গুৰুত্ব | অধ্যায় ৪ | একাদশ শ্ৰেণী শিক্ষা । উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি | প্ৰশ্ন আৰু উত্তৰ । Class 11 Education | 1st year question and Answer Assam | অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । Assam Board Question and Answer | HS Question and Assam

Lesson 4

২ শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়ণৰ গুৰুত্ব

১ ) ৰচনাত্মক বা দীঘলীয়া প্রশ্নঃ

(ক) শিক্ষামনোবিজ্ঞান বুলিলে কি বুজায় ? সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা  । 

উত্তৰঃ   শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব , নীতিসমূহ , শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে।

মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা প্ৰভেদ সমূহ হল – 

১.মনোবিজ্ঞান এবিধ তত্ত্ব প্ৰধান বিষয় । এই বিষয়ে সমগ্রিক ভাবে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্ব সমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা , সেয়েহে ই শিক্ষা ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতি সমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে।

২. মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসীমা ব্যাপক আনহাতে শিক্ষা মনোবিজ্ঞানৰ পৰিসীমা সীমিত ।

৩. মনোবিজ্ঞানে মানৱ আচৰণ এক সমগ্রিক ৰূপত অধ্যয়ন কৰে। আনহাতে শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ্থীৰ আচৰণহে অধ্যয়ন কৰে।

৪. অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ দীঘলীয়া ইতিহাস আছে অৰ্থাত ই এক পুৰণি বিষয়। আনহাতে তুলনামূলকভাৱে চাবলৈ গলে শিক্ষা মনোবিজ্ঞানৰ ধাৰা মনোবিজ্ঞানতকৈ নবীন ।

খ ) শিক্ষামনােবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা , শিক্ষাত মনােবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পর্কে  চমুকৈ লিখা ।

উত্তৰঃ স্কীনাৰ মতে ; শিক্ষা মনোবিজ্ঞান , মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান কাৰ্য আৰু শিক্ষণ সম্পৰ্কে আলোচনা কৰে ।

 শিক্ষাত মনােবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সমূহ তলত উল্লেখ কৰা হল- 

শিক্ষাৰ প্ৰতিটো দিশৰ লক্ষ্য  স্থিৰ কৰাৰ ক্ষেত্ৰৰ শিক্ষা মনোবিজ্ঞান ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষণ ৰ লগত জৰিত বিভিন্ন সমস্যা সমূহ অধ্যয়ন কৰে। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক দিশ অধ্যয়ন কৰাৰ উপৰিয়ো আন বিষয় যেনে পৰিৱেশ, শিক্ষক , পাঠ্যক্ৰম আদি যি সমূহৰ শিক্ষণৰ ওপৰত প্ৰভাৱ পৰে সকলো দিশক সাঙুৰি লয়। আধুনিক শিক্ষা শিশু কেন্দ্ৰিক , শিক্ষাৰ সকলো দিশতে যেনে পাঠ্যক্ৰম প্ৰস্তুত কৰণ , শিক্ষা প্ৰণালী, মূল্যায়ন আদিত মনোবৈজ্ঞানিক নীতি সমূহ প্ৰয়োগ কৰা হয় । শিশু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তি বা শিক্ষা অনুষ্ঠানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অনবদ্য । শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে। শিক্ষণ কি , শিক্ষণ প্ৰক্ৰিয়া কেনে ধৰণে সংঘটিত হয় , কি কি  বিষয়ে শিক্ষণ প্ৰক্ৰিয়া ফল প্ৰসু হোৱাত সহায় কৰে আদিৰ বিষয়ে জ্ঞান  শিক্ষা মনোবিজ্ঞানে দিয়ে। শিক্ষণৰ পৰিৱেশে ছাত্ৰ ছাত্ৰীৰ মানসিকতা , আচৰণ তথা সম্পূৰ্ণ শিক্ষণ প্ৰক্ৰিয়াত গুৰুতত্বপূৰ্ন প্ৰভাৱ পেলায় । শিক্ষণ পৰিৱেশে  শিক্ষানুষ্ঠানৰ পৰিৱেশ , শ্ৰেণীৰ পৰিৱেশ আদিক সামৰি লয় । শিক্ষণৰ উপযুক্ত  পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্ব পূৰ্ণ। শিক্ষাৰ শিক্ষা প্ৰদান কেনকে কৰা হব, কেনে পৰিবেশ হোৱা প্ৰয়োজন , শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত এই সকলো দিশক শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়। 

গ ) শিক্ষামনােবিজ্ঞানৰ পৰিসৰ সম্বন্ধে লিখা ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল । কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয় । মনোবিজ্ঞানৰ এই শাখাই শিক্ষাৰ লগত জঢ়িত সকলো মানব আচৰণ বিজ্ঞান সন্মত ভাৱে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল –

১. শিক্ষাৰ্থী – শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি , অৱনতি ত প্ৰভাৱ পেলায় । ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।

২. পৰিবেশৰ ভূমিকা – শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে – গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ , সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

৩. শিক্ষণ- শিক্ষা দান পদ্ধতি – শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

৪. অচেতন মনৰ অধ্যয়ন – মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হল – সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ । শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায় । মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত  কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে।  আৰু এনে আচৰণৰ কেন্দ্ৰ হল অচেতন মন । সেয়েহে  মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।

 ৫. পৰিমাপ কৰণ আৰু মূল্যায়ন – শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ আন দুটা গুৰুত্ব পূৰ্ণ বিষয় বস্তু হৈছে পৰিমাপ কৰণ আৰু মূল্যায়ন । শিক্ষাৰ্থীৰ ভিন ভিন মানসিক শক্তি সমূহ ৰ বিজ্ঞান সন্মত পৰিমাপ কৰণ আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মূল্যায়ন অতি প্ৰয়োজনীয়। সেয়েহে মনোবিজ্ঞানে এই দুয়োবিধ বিষয় পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।

শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।

 ঘ ) ‘ এজন কৃতী শিক্ষকৰ বাবে মনােবিজ্ঞানৰ জ্ঞান অতি প্রয়ােজনীয়’- উক্তিটিৰ বিশেষত্ব ব্যাখ্যা কৰা ।

                                   বা 

এজন শিক্ষকৰ বাবে মনােবিজ্ঞান অধ্যয়নৰ প্রয়ােজন কিয় ? – বহলাই লিখা ।

উত্তৰঃ   শিক্ষকৰ বাবে মনােবিজ্ঞান অধ্যয়নৰ প্রয়ােজন হোৱা কাৰণ সমূহ হল –

. শিশু সকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায় । কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম । গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞান অধ্যয়ন শিক্ষকক সহায় কৰে

২.   শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় ।   মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা  মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

৩. – শিক্ষণ এক জটিল প্ৰক্ৰিয়া। শিক্ষা ব্যবস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত । মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে । সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ  মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন । 

৪. সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয় । মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে ।

৫. ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ  এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।

ঙ ) শিক্ষামননাবিজ্ঞান অধ্যয়নৰ কেইটিমান পদ্ধতিৰ বিষয়ে লিখা ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান অধ্যয়ন ৰ পদ্ধতি সমূহ হল :- 

১.অন্তদৰ্শন পদ্ধতি- মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি সমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতকৈ পুৰণি আৰু ই অতীত মনোবিদ সকলৰ মাজত যথেষ্ট জন প্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্ত দৰ্শন পদ্ধতি । 

২.নৈদানিক পদ্ধতিঃ সাধাৰণতে এজন ব্যক্তি সমযোজনৰ ক্ষেত্ৰত দেখা দিয়া আচৰণ জনিত সমস্যা সমূহৰ অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে নৈদানিক পদ্ধতি । নৈদনিক পদ্ধতিৰ মূল উদ্দেশ্য হল এজন ব্যাক্তিৰ এক সমস্যা বিষয় বস্তু হিচাপে লৈ অধ্যয়ন কৰি তেওঁলোকৰ সমস্যা সমূহ চিনাক্ত কৰণ কৰা আৰু নিৰাময়ৰ অৰ্থে পৰামৰ্শ আগবঢ়োৱা।

৩. নিৰীক্ষণ পদ্ধ্তিঃ শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ এক জন প্ৰিয় আৰু উপযোগী পদ্ধতি হৈছে নিৰীক্ষণ  পদ্ধতি।নিৰীক্ষণ   পদ্ধতিয়ে ব্যাক্তিৰ প্ৰদৰ্শিত ব্যাহিক আচৰণ সমূহ নিৰীক্ষণ ৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। এই পদ্ধতিয়ে বিশ্বাস কৰে যে যিহেতু শৰীৰ মনৰ অবিচ্ছেদ্য সম্বন্ধ আছে, আমাৰ মানসিক অৱস্থা, ভাব, অনুভূতি আদি বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰতিক্ৰিয়া , তথা আচৰণ আদিৰ যোগেৰে প্ৰকাশ পায়। গতিকে এই সমূহৰ প্ৰণালীবদ্ধভাবে নিৰীক্ষণ কৰা হয়, তেতিয়াহে মনৰ স্বৰূপ বুজিব পৰা যায়। বিজ্ঞানসন্মত ভাবে নিৰীক্ষণ কৰাৰ অৰ্থে নিৰীক্ষণ কাৰি অভিজ্ঞ আৰু প্ৰশিক্ষণ প্ৰাপ্ত হব লাগিব।  নিৰীক্ষণ  ৰ ভিন্ন প্ৰকাৰৰ হব পাৰে যেনে – প্ৰত্যক্ষ আৰু পৰোক্ষ , স্বাভাৱিক আৰু কৃত্ৰিম, পৰিকল্পিত আৰু অপৰিকল্পিত আদি । 

৪.ঘটনা বিৱৰণী পদ্ধতিঃঘটনা বিৱৰণী পদ্ধতিত এজন বিশেষ ব্যক্তিক বিষয় বস্তু ভ হিচাপে লৈ অধ্যয়ন কৰা হয়। যিবিলাক শিশু সমস্যা যুক্ত তেওঁলোকক অধ্যয়নৰ বিষয় বস্তু হিচাপে লোৱা হয়। শিশুৰ শিক্ষণৰ অক্ষমতা বা অসুবিধা , আবেগিক অস্থিৰতা , আচৰণ জনিত সমস্যা আদি দেখা যায়। ঘটনা বিৱৰণী পদ্ধতিৰ জৰিয়তে এনে শিশু চিনাক্ত কৰণ কৰি অতি সাৱধানেৰে অধ্যয়ন কৰা হয়। শিশুটি সম্বন্ধীয় নানা ধৰণৰ তথ্য পাতি যেনে শিশুৰ অতীত জীৱনৰ বুৰঞ্জী, তেওঁৰ জীৱনত ঘটা বিশেষ ঘটনা যি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে আদি বিতংকৈ অধ্যয়ন কৰা হয়। আৰু শিশুটিৰ বৰ্তমানৰ শাৰীৰিক, মানসিক, আবেগিক, সামাজিক স্থিতি সম্বন্ধে বিচাৰ বিবেচনা কৰা হয়।ঘটনা বিৱৰণী পদ্ধতি জৰিয়তে অতি প্ৰতিভাশালী শিশুৰ কেতবোৰ সমস্যা সমাধানত বিশেষ ভাৱে সহায় কৰে।

৫. প্রক্ষিপ্ত প্দ্ধতিঃ প্রক্ষিপ্ত প্দ্ধতি হৈছে এনে এবিধ মনো বিশ্লেষণকাৰী উপায় যাৰ দ্বাৰা অচেতন মন সম্বন্ধে অধ্যয়ন কৰিব পাৰি । মানৱ মনৰ সচেতন আৰু অৱচেতন মনৰ উপৰিও আন এটা দিশ আছে যাক অচেতন মন বুলি কোৱা হয়। মানুহৰ বহুতো চিন্তা, ভাবনা, ভাৱ- অনুভূতি ইচ্ছা, আদি এই অচেতন মনত দমন হৈ থাকে । আৰু অচেতন মনৰ অবদমিত বিষয় সমূহ বিষয়ে জনাত প্রক্ষিপ্ত প্দ্ধতি বিশেষ ভাৱে প্ৰয়োজন । এই পদ্ধতি ৰ সহায়ত এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা অস্বাভাৱিক আচৰণ অন্তৰালত নিহিত হৈ থকা কাৰণ সমূহ ৰ প্ৰকাশ কৰাত সহায় কৰে । প্রক্ষিপ্ত প্দ্ধতি বিভিন্ন প্ৰকাৰ সমূহ হল – চিয়াঁহী পৰীক্ষা ( inkblot test ) , মুক্ত অনুসংগ ( free association),  বাক্য পূৰ্ণ কৰণ ( sentence completion ) ।

২ ) চমু প্রশ্নঃ

ক ) তলৰ বাক্যসমূহ ব্যাখ্যা কৰা-

শিক্ষামনােবিজ্ঞান এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ বিভিন্ন মানসিক প্ৰক্ৰিয়া আৰু আচৰণ অধ্যয়ন কৰে । মানৱ প্ৰকৃতি আৰু আচৰণ অধ্যয়ন কৰাটো এক কঠিন আৰু জটিল কাম । কাৰণ মানুহৰ আচৰণ সমূহ পৰিবৰ্তনশিল । ব্যক্তিৰ মন আৰু আচৰণ সমূহ পৰিবৰ্তন হৈ থাকে। সেয়েহে আচৰণ সম্বন্ধে কোনো আগতীয়া সিদ্ধান্ত লব নোৱাৰি । শিক্ষা মনোবিজ্ঞানে কেবল ব্যক্তিৰ  বাস্তব সময়ৰ আচৰণ সমূহ অধ্যয়ন কৰে ।  আৰু সেই বাবে শিক্ষামনােবিজ্ঞান এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান বুলি কোৱা হয় ।

 শিক্ষামনােবিজ্ঞান মনােবিজ্ঞানৰ এক প্রায়ােগিক শাখা ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানে শিক্ষণ সম্বন্ধীয় মানৱ আচৰণ তথা শিক্ষা, শিক্ষাদান প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাব পেলোৱা মানসিক ক্ৰিয়া সমূহৰ বিষয়ে অধ্যয়ন কৰে   ।  শিক্ষা মনোবিজ্ঞানে। মনোবিজ্ঞানৰ  নীতি আদৰ্শ সমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বাবে শিক্ষা মনোবিজ্ঞানক প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা বুলি কোৱা হয় ।

 শিক্ষামনােবিজ্ঞানে প্রাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান সাধাৰণতে শিক্ষা প্ৰদান ব্যবস্থাৰ লগত জৰিত। শিক্ষা মনোবিজ্ঞনে ছাত্ৰ ছাত্ৰী ৰ শৈক্ষিক দিশত দেখা দিয়া বিভিন্ন সমস্যা আৰু শৈক্ষিক পৰিৱেশৰ লগত জৰিত ছাত্ৰ ছাত্ৰী ৰ আচৰণ সমূহ অধ্যয়ন কৰে । শিক্ষা মনোবিজ্ঞানে শিক্ষণৰ ক্ষেত্ৰত বহু ধৰণৰ নীতি, তথ্য আদি উদ্ভাৱন কৰিছে আৰু শ্ৰেণী কক্ষৰ শিক্ষণ কাৰ্য বেছি ফল প্ৰসু কৰাৰ বাবে এই বোৰ প্ৰয়োগ কৰা হয়। শিক্ষা মনোবিজ্ঞান কেবল শিক্ষণ আৰু শিক্ষাদান ৰ পৰিস্থিতিত শিক্ষাৰ্থীয়ে দেখুওৱা আচৰণ সমূহ অধ্যয়ন কৰে   । ই বিকাশৰ শেষৰ স্তৰ সম্বন্ধে অধ্যয়নত গুৰুত্ব নিদিয়ে   সেয়েহে শিক্ষামনােবিজ্ঞানে প্রাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে ।

 অন্তদর্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ অন্তদৰ্শন পদ্ধতি – মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি সমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতকৈ পুৰণি আৰু ই অতীত মনোবিদ সকলৰ মাজত যথেষ্ট জন প্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্ত দৰ্শন পদ্ধতি । এই পদ্ধতি দাঙি ধৰা মনোবিদ সকলৰ মতে মনো দৈহিক ক্ষেত্ৰত এজন ব্যক্তিয়ে যি অভিজ্ঞতা অনুভৱ কৰে যি সকলো মানুহৰ একে ধৰণৰ হোৱা দেখা যায়। যেনে দুখ, সুখ, আনন্দ, অনুভূতি আদি।  অন্ত দৰ্শন পদ্ধতিয়ে বিশ্বাস কৰে যে আনৰ মন আৰু মানসিক ক্ৰিয়া সমূহৰ বিষয়ে জ্ঞান লাভৰ বাবে ব্যক্তিয়ে নিজৰ মন আৰু মানসিক অৱস্থাৰ বিষয়ে অনুসন্ধান কৰাটো প্ৰয়োজন । 

খ) পেস্তলজীক কিয় শিক্ষামনােবিজ্ঞানৰ পিতৃ বুলি বিবেচনা কৰা হয় । 

উত্তৰঃ  শিক্ষা মনোবিজ্ঞান হৈছে এক প্ৰায়োগিক মনোবিজ্ঞান । চুইজাৰলেণ্ডৰ  বিখ্যাত দাৰ্শনিক জে. এইচ .  পেস্তলজী পোন প্ৰথম বাৰৰ বাবে শিক্ষাত মনোবিজ্ঞানৰ ধাৰণা  আৰু নীতি প্ৰয়োগ কৰিছিল । মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতি সমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা মনোবিজ্ঞানৰ শাখাটোৰ উৎপত্তি হৈছে । সেয়েহে পেস্তলজী ক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ।

ঘ ) প্রক্ষিপ্ত পদ্ধতিৰ সুবিধা অসুবিধা সম্পর্কে লিখা । 

উত্তৰঃ প্রক্ষিপ্ত পদ্ধতিৰ সুবিধা সমূহ হলঃ

১. মনো চিকিৎসক সকলৰ বাবে প্রক্ষিপ্ত পদ্ধতি সমূহ অতিশয় প্ৰয়োজনীয়। কাৰণ এই বিলাকৰ সহায়ত মানসিক ৰোগ চিনাক্ত কৰণ আৰু নিৰাময় ব্যবস্থা কৰিব পাৰি ।

২. প্রক্ষিপ্ত পদ্ধতিৰ সহায়েৰে এজন লোকৰ ব্যক্তিত্ব ৰ সম্পূৰ্ন আভাস পাব পাৰি ।

প্রক্ষিপ্ত পদ্ধতিৰ অসুবিধা সমূহ হল – 

১. প্রক্ষিপ্ত পদ্ধতি মূলতে ব্যক্তিধৰ্মী বাবে স্কুলৰ পৰামৰ্শ দাতা সকলৰ বাবে ই উপযোগী নহয় । 

২. প্রক্ষিপ্ত পদ্ধতি সময় সাপেক্ষ । ইয়াৰ পৰা লদ্ধ হোৱা তথ্য সমূহ ৰ বিশ্লেষণ কৰাতো এক কঠিন কাম ।

ঙ ) এজন শিক্ষকে কিয় শিক্ষার্থী আৰু পাঠ দুয়ােৰে বিষয়ে জনা উচিত চমুকৈ লিখা ।

উত্তৰঃ  শিক্ষণ প্ৰক্ৰিয়া টোৰ লগত দুটা বিষয় জৰিত হৈ আছে। এটা হৈছে শিক্ষাৰ্থী আৰু আনটো হৈছে পঠনীয় বিষয় । প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয় বস্তুৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধে জ্ঞান থকাটো প্ৰয়োজন । আৰু ইয়াৰ বাবে শিক্ষক সকলে মনোবিজ্ঞান অধ্যয়ন কৰাটো প্ৰয়োজন । শিক্ষক এজনে শিক্ষাৰ্থীৰ মানসিক অৱস্থা তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা প্ৰদান কৰিব লাগে । তেতিয়াহে শিক্ষা প্ৰক্ৰিয়া টো ফলপ্ৰসু হয়। আৰু শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি তেওঁলোকৰ বাবে পঠনীয় বিষয় সমূহ বাছনি কৰি শিক্ষা প্ৰদান কৰিব লাগে । শিক্ষকে শিক্ষাৰ্থী আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিষয় বস্তুৰ জ্ঞান থাকিলে শিক্ষা প্ৰক্ৰিয়া টো সফল হৈ উঠিব।  

৩ ) খালী ঠাই পূৰ কৰাঃ

ক) আধুনিক শিক্ষা মনোবিজ্ঞান ভিত্তিক   ।   

খ) শিক্ষামনােবিজ্ঞান    প্ৰায়োগিক   মনােবিজ্ঞানৰ এক শাখা । 

গ ) শিক্ষাত মনােবিজ্ঞানৰ নীতি প্রয়ােগ কৰা প্রথম ব্যক্তিজন হ’ল   পেস্তালজী  

 ঘ) শিক্ষামনােবিজ্ঞানে শিক্ষাৰ no  নির্ণয় নকৰে 

 ঙ ) ৰুচোৰ শিক্ষাবিষয়ক প্রসিদ্ধ গ্রন্থখনৰ নাম  এমিল ( Emile)             । 

তলত দিয়া উক্তিকেইটিৰ শুদ্ধতা / অশুদ্ধতা নির্ণয় কৰা- 

ক ) প্রক্ষিপ্ত পদ্ধতিৰ সহায়েৰে ব্যক্তিৰ বাহ্যিক আচৰণ অধ্যয়ন কৰা হয় । 

উত্তৰঃ শুদ্ধ 

খ ) শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে মনােবিজ্ঞানে , দর্শনে নহয় । 

উত্তৰঃ অশুদ্ধ 

গ ) শিক্ষামনােবিজ্ঞানে ঘাইকৈ শিক্ষার্থীৰ আচৰণ অধ্যয়ন কৰে । 

উত্তৰ : শুদ্ধ 

ঘ ) পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যােগ্যতা বিচাৰ কৰিব পাৰি । 

উত্তৰঃ অশুদ্ধ 

ঙ ) শিক্ষামনােবিজ্ঞান আৰু মনােবিজ্ঞান এবিধ আনবিধৰ পৰিপূৰক । 

উত্তৰঃ শুদ্ধ 

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop