Class 12 Education Chapter 5 | Short Question and Answer | স্মৃতি, মনোযোগ আৰু আগ্ৰহ | Class 12 Education | Short Question and Answer Assamese Medium Education | চমু প্ৰশ্ন উত্তৰ |

Chapter 5

স্মৃতি, মনোযোগ আৰু আগ্ৰহ

চমু প্ৰশ্ন উত্তৰঃ

(a) তলৰ উক্তিসমূহ সত্য নে অসত্য লিখাঃ

1. স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান।

উত্তৰঃ সত্য।

2. আমি ৰাতিতকৈ দিনৰ ভাগত বেছিকৈ পাহৰোঁ।

উত্তৰঃ সত্য।

3. স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন।

উত্তৰঃ সত্য।

4. শক্তিতত্ত্ববাদীসকলে স্মৃতিক এক বিশেষ মানশিক শক্তি বুলি অভিহিত কৰিছে।

উত্তৰঃ সত্য।

5. আমি একে সময়তে এটাতকৈ বেছি বস্তুৰ ওপৰত মনোযোগ দিব নোৱাৰোঁ।

উত্তৰঃ সত্য।

6. শিক্ষণৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন।

উত্তৰঃ সত্য।

7. প্ৰত্যভিজ্ঞা পূৰ্ব অভিজ্ঞতাৰ উপস্থিতিতহে সম্ভৱ।

উত্তৰঃ সত্য।

8.  স্মৃতি অনুশীলনৰ দ্বাৰা উন্নত কৰিব নোৱাৰি।

উত্তৰঃ অসত্য।

9. ভাল স্মৃতি বাবে সুস্থ স্বাস্থ্যৰ আৱশ্যক।

উত্তৰঃ সত্য।

10. বন্ধকৰণ হৈছে বিস্মৃতিৰ এটা কাৰণ।

উত্তৰঃ সত্য। 

11. স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া।

উত্তৰঃ  সত্য।

12. স্মৃতিৰ বাবে বিৰত পদ্ধতি, খণ্ড পদ্ধতিতকৈ বেছি উপযোগী।

উত্তৰঃ সত্য়।

13. সংবেদনাত্মক অভিজ্ঞতাৰ অবৰ্তমান প্ৰত্যভিজ্ঞা সম্ভৱ নহয়।

উত্তৰঃ সত্য।

14. যেতিয়া পুৰণি কোনো স্মৃতিয় নতুন স্মৃতি লাভ কৰাত বাধা দিয়ে তাক দমন কাৰ্য বোলে।

উত্তৰঃ অসত্য।

15. বিস্মৃতি স্থায়ী বা ক্ষণস্থায়ী হ’ব পাৰে।

উত্তৰঃ সত্য।

16. স্মৃতিৰ বাবে বিৰত পদ্ধতিতকৈ অবিৰত পদ্ধতি অধিক সহয়কাৰী।

উত্তৰঃ সত্য।

17. অৰ্থহীন শব্দ মনত সহজ।

উত্তৰঃ অসত্য।

(b) খালী ঠাই পূৰণ কৰাঃ

1. অতীত অভিজ্ঞতাক তাৰ উপস্থিতিৰ বাছনি কৰি লোৱাকেই ________ বোলা হয়।

উত্তৰঃ প্ৰত্যভিজ্ঞা।一

2. ______ অতীত উদ্দীপনাৰ উপস্থিতিতহে সম্ভৱ হয়।

উত্তৰঃ স্মৃতি।

3. প্ৰত্যতিজ্ঞাৰ ক্ষেত্ৰত বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকিব লাগে _____ প্ৰক্ৰিয়াত।

উত্তৰঃ স্মৃতি।

4. কিছু শিকাৰ পিছত বিৰতি লোৱাকে _______ বোলা হয়।

উত্তৰঃ ব্যৱহৃত পদ্ধতি।

5.  সময়ত ব্যৱধান হৈছে _______ কাৰণ।

উত্তৰঃ বিস্মৃতি।

6. স্মৃতি ছাপক ________ বুলি জনা যায়।

উত্তৰঃ এনগ্ৰাম।

7. দৈহিক কাৰণত হোৱা বিস্মৃতিক _______ বোলা হয়।

উত্তৰঃ অপক্ষয়।

8. এজন ব্যক্তিয়ে বহুদিন লগ নোপোৱা এজন বন্ধুক চিনাক্ত কৰিলে। তেওঁ এই কামটো ________ ৰ সহায় কৰিছে।

উত্তৰঃ প্ৰত্য়বিজ্ঞা।

9. পশ্চাদমুখী প্ৰতিৰোধ হৈছে _______ এটা কাৰণ।

উত্তৰঃ বিস্মৃতিৰ।

10. স্মৃৃতি তিনিটা ভিন্ন তথা পৰম্পৰ সম্বন্ধযুক্ত উপাদান আছে। এইকেইটা হ’ল  শিক্ষণ, সংৰক্ষণ আৰু _________ । 

উত্তৰঃ প্ৰত্যভিজ্ঞা।

11. বাৰ্গচনৰ মতে স্মৃতি দুবিধ, এবিধ হ’ল যথাৰ্থ স্মৃতি আৰু আনবিধ ________ স্মৃতি।

উত্তৰঃ অভ্যাস।

12. যেতিয়া নতুন শিক্ষণে পুৰণি শিক্ষণৰ স্মৃতি ৰক্ষাৰ বাধাৰ সৃষ্টি কৰে তাক ________ বোলে।

উত্তৰঃ পশ্চাৎমুখী প্ৰতিৰোধ।

13. সচেতন আৰু পূৰ্ব অভিজ্ঞতাৰ পুনৰাভিব্যক্তিকৰণ কৰা প্ৰক্ৰিয়াকেই ______ বোলে।

উত্তৰঃ স্মৃতি।

14. বিস্মৃতি হৈছে সচেতন মনক প্ৰতিৰক্ষা কৰা এক প্ৰক্ৰিয়া এই সংজ্ঞা দিছিল ________ । 

উত্তৰঃ চিগমাগু ফ্ৰয়েডে।

15. এজনী শিক্ষয়িত্ৰীয়ে এটা কবিতা পঢ়োৱাৰ সময়ত একেজন কবিৰ আন এটা কবিতা মুখস্থ মাতিলে যিটো তেখেত শিশুকালত পঢ়িছিল। এইটো হৈছে ________ স্মৃতি।

উত্তৰঃ অনুষংগমূলক।

16. ________ বিশ্বাস কৰে যে স্মৃতি অনুশীলনৰ দ্বাৰা উন্নত কৰিব পাৰি।

উত্তৰঃ উইলিয়াম মেকডুগেলে।

(c) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিৰতৰ)

1. সচেতন মনৰ পৰা দুখদায়ক অতিজ্ঞতাবোৰ অচেতন মনলৈ পঠিওৱা প্ৰক্ৰিয়াটোক কি বোলা হয়?

উত্তৰঃ বিস্মৃতি।

2. আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ক) ছন্দৰ প্ৰয়োগ।

3. পূৰ্ব অভিজ্ঞতাক সংৰক্ষণ কৰাত সহায় কৰা দুটা উপাদানৰ নাম উল্লেখ কৰা।

উত্তৰঃ অভিজ্ঞতা আহৰণ আৰু পুনঃস্মৰণ।

3. পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূসমূহ পুনঃস্পৰ্শ কৰা প্ৰক্ৰিয়াটোৰ নাম লিখা।

উত্তৰঃ স্মৃতি প্ৰক্ৰিয়া।

(d) চমু প্ৰশ্ন উত্তৰঃ

১। ‘আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা।’ 一উক্তিটো তলৰ কোনগৰাকী ব্যক্তিৰ?

উত্তৰঃ মেকডুগাল।

২। দুই প্ৰকাৰৰ আগ্ৰহ উল্লেখ কৰা।

উত্তৰঃ দুই প্ৰকাৰৰ আগ্ৰহ হ’ল一 প্ৰত্যক্ষ আগ্ৰহ বা স্বাভাৱিক আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ।

৩। বৃ্দ্ধ বসয়ত এজন ব্যক্তিয়ে অধিক পাহৰে কিয়?

উত্তৰঃ ক্লান্তি, অৱসাদ আৰু স্নায়ুৱিক দুৰ্বলতা আদিৰ বাবে সোনকালে পাহৰে।

৪। পৰীক্ষাগৃহত পৰীক্ষাৰ্থীয়ে প্ৰথম অৱস্থাত স্মৃতি প্ৰয়োগত অসুবিধা অনুভৱ কৰে। কাৰণ কি?

উত্তৰঃ পৰিৱৰ্তিত পৰিৱেশ।

৫। ‘শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰতিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। 一উক্তিটো কাৰ? 

উত্তৰঃ গেইটচ।

৬। মনোযোগৰ দুটা চৰ্ত উল্লেখ কৰা।

উত্তৰঃ মনোযোগৰ দুটা চৰ্ত হ’ল一 ব্যক্তিনিষ্ঠ চৰ্ত আৰু বস্তুনিষ্ঠ চৰ্ত।

(e) খালী ঠাই পূৰ কৰায।

1. ______ হৈছে মানসিক প্ৰস্তুতি।

উত্তৰঃ মনোযোগ।

2. যি আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হ’ব তাকেই _____ অগ্ৰহ বোলে।

উত্তৰঃজন্মগত আগ্ৰহ।

3. মনোযোগ হৈছে মানসিক প্ৰক্ৰিয়া, আনহাতে, আগ্ৰহ হৈছে মানসিক _________ ।

উত্তৰঃ সংগঠন। 

4. মাকৰ শিশুৰ প্ৰতি থকা আগ্ৰহ হৈছে ______ আগ্ৰহ।

উত্তৰঃ সুপ্ত।

5. মনোযোগৰ আগ্ৰহৰ ________ অৱস্থা।

উত্তৰঃ সক্ৰিয়।

6. চিন্তা-ভাবনাৰ ওপৰত দিয়া মনোযোগক _______ বোলা হয়।

উত্তৰঃ  তাবাত্মক মনোযোগ।

7. মনোযোগৰ হৈছে কোনো এটা বস্তুৰ ওপৰত ________ৰ নিবদ্ধকৰণ।

উত্তৰঃ মনৰ।

8. যি মনোযোগৰ বাহ্যিক কোনো বাধাৰ অবিহনে দিয়া যায় তাক ________ মনোযোগ বোলে।

উত্তৰঃ ইচ্ছাকৃত।

9. যি মনোযোগৰ উদ্দীপকৰ আকৰ্ষণীয়তাৰ বাবে দিয়া হয় তাক _________ মনোযোগ বোলে।

উত্তৰঃ ইচ্ছাবিৰোধী। 

10. এজন কিশোৰৰ বিপৰীত লিংগৰ প্ৰতি থকা আগ্ৰহক, ________আগ্ৰহ বোলে।

উত্তৰঃ সুপ্ত।

11. ‘আগ্ৰহ মনোযোগৰ পুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা।’ এই উক্তিটো আগবঢ়াইছিল________ ।

উত্তৰঃ মেকডুগেল।

12. ৰাতিপুৱাৰ দৈনিক বাতৰি কাকতৰ প্ৰতি আমাৰ থকা আগ্ৰহ ________।

উত্তৰঃ ক্ষণস্থায়ী।

13. আগ্ৰহ মনোযোগৰ _______অৱস্থা আৰু মনোযোগ আগ্ৰহৰ ______ অৱস্থা।

উত্তৰঃ সুপ্ত, সক্ৰিয়।

14. উদ্দীপকৰ তীব্ৰতা মনোযোগৰ ______ কাৰণ।

উত্তৰঃ বস্তুনিষ্ঠ।

(f) তলৰ উক্তিসমূহ সত্য নে অসত্য লিখা।

1. মনোযোগ হৈছে ”কোনো চিন্তনীয় বস্তু মনৰ মাজত স্পষ্টভাৱে দাঙি ধৰা এক প্ৰক্ৰিয়া।”

উত্তৰঃ সত্য।

2. ”আগ্ৰৰ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয়া অৱস্থা” 一উক্তিটো কৈছিল মেকডুগেলে।

উত্তৰঃ সত্য। 

3.  সৰু শিশুৱে ইচ্ছাকৃত মনোযোগ দিব নোৱাৰে।

উত্তৰঃ অসত্য।

4. আগ্ৰহ হৈছে মানসিক কাৰ্য লগতে আগ্ৰহ হৈছে মানসিক সংগঠন।

উত্তৰঃ সত্য।

5. শিশুৰ মনোযোগ সাধাৰণতে ইচ্ছাবিৰোধী প্ৰকৃতিৰ হয়।

উত্তৰঃ সত্য।

6. মনোযোগ আৰু সচেতন একে।

উত্তৰঃ সত্য।

7. আমি এটা সময়ত এটাতকৈ বেছি বস্তুত মনোযোগ দিব পাৰোঁ।

উত্তৰঃ অসত্য।

8. আগ্ৰহ স্থানী বা অস্থায়ী বিধৰ হ’ব পাৰে।

উত্তৰঃ সত্য।

9. বিভ্ৰমে সদায়ে মনোযোগক বাধা দিয়ে।

উত্তৰঃ সত্য।

10. যি মনোযোগত ইচ্ছা প্ৰকাশ কৰাৰ প্ৰয়োজন নাথাকে তাক ইচ্ছা বিৰোধী মনোযোগ বোলে।

উত্তৰঃ সত্য। 

11. অমনোযোগিতাই মনোযোগৰ অনুপস্থিতিকেই সূচায়।

উত্তৰঃ সত্য।

12. আগ্ৰহ সদায় জন্মগত।

উত্তৰঃ অসত্য।

13. পুনৰাবৃত্তিয়ে আগ্ৰহ বৃদ্ধি কৰে।

উত্তৰঃ সত্য।

14. মনোযোগ হৈছে মানসিক প্ৰক্ৰিয়া।

উত্তৰঃ সত্য।

15. মনোযোগৰ আভ্যন্তৰীণ উপাদানসমূহ হৈছে ব্যক্তিনিষ্ঠ।

উত্তঃ সত্য।

16. মানসিক স্বাস্থ্য মনোযোগৰ এটা চৰ্ত।

উত্তৰঃ সত্য।

17. আমি একে সময়তে দুটা বস্তুত মনোযোগ দিব নোৱাৰোঁ

উত্তৰঃ সত্য।

18. বৈসাদৃশ্য হৈছে মানোযোগৰ এটা এটা বস্তুনিষ্ঠ কাৰণ।

উত্তৰঃ সত্য।

19. খোজকঢ়াৰ সময়ত আমি সম্পূৰ্ণৰূপে অসমনোযোগী হোৱাটো সম্ভৱ নহয়।

উত্তৰঃ সত্য।

20. আমাৰ মনোযোগৰ ক্ষেত্ৰত আৱেগৰ কোনো প্ৰভাৱ নাই।

উত্তৰঃ অসত্য। 

21. আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে, কিন্তু মনোযোগে আগ্ৰহ সৃষ্টি কৰিব নোৱাৰে।

উত্তৰঃ সত্য।

22. আগ্ৰহ হৈছে গতিশীল মানসিক প্ৰক্ৰিয়া।

উত্তৰঃ সত্য। 

23. মনোযোগ হৈছে উদ্দেশ্যধৰ্মী কাৰ্য।

উত্তৰঃ সত্য।

24. আগ্ৰহ হৈছে স্থায়ী মানসিক সংগঠন।

উত্তৰঃ অসত্য।

25. কোনোৱে এটা বস্তুৰ ওপৰত অধিক সময় ধৰি মনোযোগ দিব নোৱাৰে।

উত্তৰঃ সত্য।

26. আগ্ৰহ সামৰিক প্ৰভাৱৰ পৰা মুক্ত।

উত্তৰঃ অসত্য।

29. আৰ্জিত আগ্ৰহ সাৰ্বজনীন প্ৰকৃতিৰ। 

উত্তৰঃ অসত্য।

(g) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিতৰত)

1. ”মনোযোগৰ আৰু আগ্ৰহ দুটাই  এটা মুদ্ৰাৰ ইপিঠি-সপিঠি।” কোনে কৈছিল? 

উত্তৰঃ জে. এছ. ৰচে কৈছিল।

2. আগ্ৰহৰ ইংৰাজী লেটিন প্ৰতিশব্দ ”Interest” ৰ অৰ্থ কি?

উত্তৰঃ ‘আগ্ৰহ’ শব্দটোৰ লেটিন শব্দৰ অৰ্থ হ’ল ”It concerns” or ”it matters” অৰ্থাৎ কিবা ক্ষেত্ৰত গুৰুত্ব থকা বা কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা।

3. ইচ্ছাকৃত মনোযোগৰ ভাগ দুটা কি কি?

উত্তৰঃ ইচ্ছাকৃত মনোযোগৰ ভাগ দুটা হ’ল ম্পষ্ট মনোযোগ আৰু অস্পষ্ট মনোযোগ।

4. মনোযোগ এটা ব্যক্তিনিষ্ঠ কাৰণ লিখা? 

উত্তৰঃ মনোযোগৰ এটা ব্যক্তিনিষ্ঠ কাৰণ হ’ল আগ্ৰহ।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping