Class 12 EDUCATION Chapter 5 Short Question Answer | Class 12 EDUCATION Chapter 5 স্মৃতি আৰু বিস্মৃতি Short Answer |

ক. খালী ঠাই পূৰ্ণ কৰাঃ

১।সচেতন মনত পূর্ব অভিজ্ঞতাৰ পুনৰাভি ব্যক্তিকৰণ কৰা প্ৰক্ৰিয়াকেই ——— বোলে।

উত্তৰঃ স্মৃতি।

২। অতীত অভিজ্ঞতাক তাৰ উপস্থিতিৰ বাছনি কৰি লোৱাকেই ———- বোলে।

উত্তৰ : প্ৰত্যভিজ্ঞা।

৩। প্রত্যভিজ্ঞাৰ ক্ষেত্ৰত বস্তু ইন্দ্ৰিয়গ্রাহ্য অৱস্থাত থাকিব লাগে ——— প্ৰক্ৰিয়াত।

উত্তৰ : স্মৃতি ।

৪। পৰস্পৰৰ সম্বন্ধযুক্ত বিস্মৃতিৰ তিনিটা উপাদান আছে। সেই কেইটা হ’ল : শিক্ষণ, সংৰক্ষণ আৰু ———।

উত্তৰঃ প্রত্যভিজ্ঞা।

৫। স্মৃতি চাপক ——— বুলি জনা যায়।

উত্তৰঃ এনগ্ৰাম।

৬। যেতিয়া নতুন শিক্ষণে পুৰণি শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে তাক ———- বোলে।

উত্তৰ : পশ্চাদমুখী প্ৰতিৰোধ ৷

৭। কিছু শিকাৰ পিছত বিৰতি লোৱাক ———- পদ্ধতি বোলে।

উত্তৰ : ব্যৱহৃত ।

৮। ——— বিশ্বাস কৰে যে স্মৃতিক অনুশীলনৰ দ্বাৰা উন্নীতকৰণ কৰিব পাৰি ।

উত্তৰ : উইলিয়াম মেকডুগালে।

৯।———- স্মৃতিৰ প্ৰথম স্তৰ ।

উত্তৰ : শিক্ষণ ৷

১০। সংৰক্ষণ স্মৃতিৰ ——— স্তৰ।

উত্তৰ: দ্বিতীয়।

১১। সময়ৰ ব্যৱধান হ’ল ———– কাৰণ ৷

উত্তৰ ঃ বিস্মৃতিৰ ।

১২। ———– অতীত উদ্দীপনাৰ উপস্থিতিতহে সম্ভৱ হয়।

উত্তৰ ঃ স্মৃতি ।

১৩। “বিস্মৃতি হ’ল সচেতন মনক প্ৰতিৰক্ষা কৰা এক প্রক্রিয়া”-সংজ্ঞাটো আগবঢ়াইছিল —————-।

উত্তৰ : চিগমণ্ড ফ্রয়েডে।

১৪। এগৰাকী ব্যক্তিয়ে বহুদিনৰ বিৰতিৰ পিছত বন্ধু এজনক চিনাক্ত কৰিলে। কামটো তেওঁ ———– ৰ সহায়ত কৰিছে।

উত্তৰ : প্ৰত্যভিজ্ঞা।

১৫। এগৰাকী শিক্ষকে কবিতা পঢ়ুৱাৰ সময়ত একেগৰাকী কবিৰে আন এটা কবিতা মুখস্থ মাতিলে যিটো শিক্ষকজনে শৈশৱ কালত পঢ়িছিল। এইটো হ’ল এক ———–স্মৃতি ।

উত্তৰ : অনুসংগমূলক ।

১৬। উইলিয়াম জেমচে ———— ৰ দ্বাৰাই স্মৃতি শক্তিৰ বঢ়াব পাৰি বুলি বিশ্বাস কৰে ।

উত্তৰ : অনুশীলন ।

খ. শুদ্ধনে অশুদ্ধ কোৱা :

১। অর্থহীন শব্দ মনত ৰখা অতি সহজ।

উত্তৰ : অশুদ্ধ।

২। বন্ধকৰণ হৈছে বিস্মৃতিৰ এটা কাৰণ ।

উত্তৰ : শুদ্ধ।

৩। দিনৰ ভাগত আমি ৰাতিতকৈ অধিক পাহৰো ৷

উত্তৰ : শুদ্ধ।

৪। প্রত্যভিজ্ঞা পূর্ব অভিজ্ঞতাৰ উপস্থিতিতহে সম্ভব।

উত্তৰ : শুদ্ধ।

৫। স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন ।

উত্তৰ : শুদ্ধ।

৬। বিস্মৃতি স্থায়ী বা ক্ষণস্থায়ী দুয়োটাই হ’ব পাৰে ।

উত্তৰ : শুদ্ধ।

৭। স্মৃতিক একেধৰণৰ বিশেষ মানসিক শক্তি বুলি শক্তিতত্ত্ববিদসকলে মত পোষণ কৰিছে।

উত্তৰ : শুদ্ধ।

৮। শিক্ষণ প্ৰক্ৰিয়াৰ বাবে পুনৰাবৃত্তিৰ আৱশ্যক ।

উত্তৰ: শুদ্ধ।

৯। উত্তম স্মৃতিৰ বাবে সুস্বাস্থ্যৰ প্ৰয়োজন।

উত্তৰ : শুদ্ধ ।

১০। স্মৃতি প্রক্রিয়া হ’ল যান্ত্ৰিক ।

উত্তৰ : শুদ্ধ।

৬। স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান ।

উত্তৰ : শুদ্ধ।

১১। যেতিয়া পুৰণি কোনো স্মৃতিয়ে নতুন স্মৃতি লাভ কৰাত বাধা দিয়ে তাক দমন কার্য বুলি কোৱা হয় ।

উত্তৰ: অশুদ্ধ।

১২। স্মৃতিৰ বাবে বিৰত পদ্ধতিতকৈ অবিৰত পদ্ধতি অধিক সহায়কাৰী।

উত্তৰ : শুদ্ধ।

১৩। স্মৃতি কার্যত অখণ্ড পদ্ধতি খণ্ড পদ্ধতিতকৈ বেছি উপযোগী।

উত্তৰ : শুদ্ধ।

১৪। মনত ৰখা কার্যত স্মৃতিয়ে সহায় কৰে।

উত্তৰ: শুদ্ধ।

১৫। সংৰক্ষণ ক্ষমতা হ’ল জন্মগত ৷

উত্তৰ : শুদ্ধ।

১৬। সংবেদনাত্মক অভিজ্ঞতাৰ অৱৰ্ত মানত প্রত্যভিজ্ঞা সম্ভৱ নহয়।

উত্তৰ : শুদ্ধ।

গ. চমু প্রশ্নোত্তৰ :

১। প্রত্যভিজ্ঞা মানে কি ?

উত্তৰ : অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণ কার্য সম্পূৰ্ণ হ’ল বুলি কব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপ বিলাকক আমি পূর্ব অভিজ্ঞতাৰে প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ’ল প্রত্যভিজ্ঞা । এই কাৰ্য স্মৰণ কৰাতকৈ সহজ আৰু চমু ।

২। স্মৃতিৰ প্ৰথমটো উপাদান কি ?

উত্তৰঃ স্মৃতিৰ প্ৰথমটো উপাদান হৈছে শিক্ষণ। কোনো কথা মনত পেলাবলৈ অথবা স্মৃতি হিচাপে পাবলৈ তাক পূর্বেই শিক্ষা অভিজ্ঞতাৰূপে লাভ কৰিব লাগে ৷

৩। স্নান হোৱা বুলিলে কি বুজা ?

উত্তৰঃ মনোবিজ্ঞানীসকলৰ মতে- বিস্মৃতি প্ৰধানকৈ দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ এটা হ’ল শাৰীৰিক অক্ষমতা আৰু আনটো হ’ল মানসিক অক্ষমতা। বিস্মৃতিৰ এই শাৰীৰিক বাধাগ্ৰস্ততাৰ কাৰককেই ‘ম্লান’ বুলি কোৱা হয়।

৪। প্রত্যভিজ্ঞাই পুনঃস্মৰণত সহায় কৰে’ – উদাহৰণ দি বুজাই লিখা ।

উত্তৰ : পুনঃস্মৰণ প্ৰক্ৰিয়া হ’ল অতীতত লাভ কৰা অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ কাৰ্য। আনহাতে প্রত্যভিজ্ঞাৰ দ্বাৰা স্মৃতি প্ৰক্ৰিয়া সহজ হয়। কাৰণ ইয়াত যি বস্তুৰ ক্ষেত্ৰত স্মৃতি পাবলৈ বিচৰা হয়, সি ব্যক্তিৰ ইন্দিয়গ্রাহ্য অৱস্থাত থাকে। উদাহৰণ – বস্তুনিষ্ট পৰীক্ষাত প্ৰদত্ত উত্তৰবোৰৰ মাজৰ পৰা শুদ্ধ উত্তৰটো নিৰ্বাচন কৰাৰ সময়ত পৰীক্ষাৰ্থীয়ে প্ৰত্যভিজ্ঞাৰ সহায় ল’বলগীয়া হয় ।

৫। স্মৰণতকৈ প্ৰত্যভিজ্ঞা কিয় সহজ?

উত্তৰ : প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সন্মুখত থাকে। সেইবাবে স্মৰণতকৈ প্রত্যভিজ্ঞা সহজ।

৬। এজন গাড়ীৰ ড্রাইভাৰে ট্ৰেফিক পইন্টত ৰঙা লাইটটো দেখাৰ লগে লগে গাড়ীখন ৰখাই দিয়ে। এই ক্ষেত্ৰত শিক্ষণৰ কোনটো পদ্ধতিয়ে ক্ৰিয়া কৰা যেন লাগে?

উত্তৰ ঃ অনুবন্ধন পদ্ধতি ।

৭। স্মৃতি চাপ কি ?

উত্তৰ ঃ আমাৰ পঞ্চ ইন্দ্ৰিয়সমূহে পৰিবেশৰ পৰা দৃষ্টি, শব্দ, গোন্ধ, স্বাদ, স্পর্শ আদি সংবেদন অনুভূতিৰ যি প্ৰতিৰূপ গ্ৰহণ কৰে, তাৰ একো একোটা ছাপ অথবা সাঁচ মস্তিষ্কৰ স্নায়ুকোষত পৰে। ইয়াৰ ফলত মস্তিষ্কৰ স্নায়ৱিক গাঁথনিৰ এক পৰিৱৰ্তন আৰু সংস্কাৰ সাধন হয়। এনে স্নায়ৱিক পৰিৱৰ্তন প্ৰক্ৰিয়াক ‘স্মৃতি চাপ’ বুলি কোৱা হয় ।

৮। পূর্ব অভিজ্ঞতাক সহায় কৰা দুটা উপাদানৰ নাম উল্লেখ কৰা।

উত্তৰ : পূৰ্ব অভিজ্ঞতাক সহায় কৰা দুটা উপাদানৰ নাম হ’ল –

(ক) অভিজ্ঞতা আহৰণ আৰু

(খ) পুনঃস্মৰণ।

৯। আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম লিখা।

উত্তৰ : আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম হ’ল –

(ক) ছন্দৰ প্ৰয়োগ আৰু

(খ) প্ৰতিৰূপৰ ব্যৱহাৰ।

১০। অৱদমন মানে কি ?

উত্তৰ ঃ অৱদমন হৈছে এনে এবিধ কার্য যাৰ দ্বাৰা আমাৰ দুখদায়ক অনুভূতিসমূহক জোৰ কৰি অচেতন মনলৈ পঠিয়াই দিয়া হয়। ইয়াক বিস্মৃতিৰ এটা কাৰণ বুলিও ক’ব পাৰি । আচলতে ই ইচ্ছাকৃতভাৱে পাহৰি থকা অৱস্থা ।

১১। স্মৃতি পৰিসৰ মানে কি ?

উত্তৰ : ব্যক্তি এজনৰ মানসিক শক্তিৰ সীমাবদ্ধ ক্ষমতাকেই ‘স্মৃতি পৰিসৰ’ বুলি কোৱা হয়। আন কথাত ক’বলৈ হ’লে ব্যক্তি এজনে এক নির্দিষ্ট সময়ৰ ভিতৰত এবাৰকৈ দেখি বা শুনি কোনো বস্তু মনত ৰখাৰ এক ক্ষমতা আছে। এনেদৰে মনত ৰখাৰ ক্ষমতাৰ সীমাবদ্ধতাকেই স্মৃতি পৰিসৰ’ বোলে।

১২। ‘পুনৰাবৃত্তিস্মৃতিৰ এক আৱশ্যকীয় চৰ্ত’-ব্যাখ্যা কৰা।

উত্তৰ : শিক্ষণীয় বা অতীতত আহৰণ কৰা অভিজ্ঞতাক আমাৰ স্মৃতিপটত সজীৱ কৰি ৰাখিবলৈ পুনৰাবৃত্তিৰ প্রয়োজন। পুনৰাবৃত্তিয়ে শিক্ষণীয় বিষয়ক দীর্ঘদিনলৈ মনত ৰখাত সহায় কৰে। পুনৰাবৃত্তি যিমানেই বেছি হয় শিক্ষণ অভিজ্ঞতা সিমানেই বেছি সজীৱ হৈ থাকে ।

ঘ. বহলাই উত্তৰ দিয়া ঃ

১। স্মৃতিৰ ক্ষেত্ৰত তিনিটা কি কি বিশেষ বস্তুৰ প্রয়োজন?

উত্তৰ ঃ স্মৃতি হ’বলৈ তিনিটা বিশেষ বস্তুৰ প্ৰয়োজন । সেয়া হ’ল-

(ক) শিক্ষণ ঃ কোনো অভিজ্ঞতা বা শিক্ষণ নোহোৱাকৈ সেই বিষয়ৰ স্মৃতি লাভ কৰিব নোৱাৰি। গতিকে শিক্ষণ স্মৃতিৰ বাবে প্ৰয়োজনীয় চৰ্ত ।

(খ) সংৰক্ষণ ঃ কোনো এক অভিজ্ঞতা লাভ কৰাৰ পিছত তাক সংৰক্ষণ কৰি নাৰাখিলে তাৰ স্মৃতি লাভ কৰিব নোৱাৰি। সংৰক্ষণ ক্ষমতা ব্যক্তিভেদে বেলেগ বেলেগ হয় ।

(গ)পুনঃস্মৰণ ঃ সংৰক্ষিত পূর্ব অভিজ্ঞতাক প্ৰতিৰূপৰ সহায়েৰে সচেতন মনত পুনৰুদ্ধাৰ কৰা কাৰ্যই হৈছে পুনঃস্মৰণ। ইয়াৰ অবিহনে স্মৃতি সম্ভৱ নহয়।

২। যুক্তিপূৰ্ণ স্মৃতি আৰু মুখস্থ স্মৃতি কি ?

উত্তৰ : কোনো বিষয়-বস্তু ভালদৰ শিকি, হৃদয়ঙ্গম কৰি যি স্মৃতি লাভ কৰা হয় তাকে ‘যুক্তিপূর্ণ স্মৃতি’ বোলে। উদাহৰণ স্বৰূপে বিদ্যাৰ্থীসকলে সাধাৰণ গণিতৰ সমস্যা সমাধান কৰোতে,কম্পিউটাৰ শিকোতে বা বিজ্ঞানাগাৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্রয়োগ কৰে।

আনহাতে, মুখস্থ স্মৃতি যুক্তিপূর্ণ স্মৃতিৰ বিপৰীতধর্মী। ইয়াত কেৱল মৌখিকভাবে পুনৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ ছাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। এনেদৰে মৌখিক বা পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল বাৱে এই স্মৃতিক ‘মৌখিক বা মুখস্থ স্মৃতি’ বোলা হয়। আন কথাত ক’বলৈ গ’লে কোনো বিষয়বস্তু বুজি মনত ৰখাৰ বিপৰীতে কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ কৰি যি স্মৃতি লাভ কৰা হয় তাকেই মুখস্থ স্মৃতি বুলি কোৱ হয়।

৩। অভ্যাস স্মৃতি আৰু প্ৰকৃত স্মৃতিৰ মাজত পাৰ্থক্য কি ?

উত্তৰ : অভ্যাসৰ দ্বাৰা বাৰে বাৰে অনুশীলন কৰি কোনো এটা বিষয় পুনঃ স্মৰণ কৰাৰ যি স্মৃতি তাকেই ‘অভ্যাস স্মৃতি’ বোলা হয় ।

আনহাতে দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি স্বতন্ত্রভাৱে শিক্ষণীয় বিষয়ৰ স’তে অৰ্থৰ উপলব্ধি আৰু মানসিক প্ৰচেষ্টাৰ যি প্ৰতিৰূপ মনৰ মাজত গঢ়ি তোলা হয় তাকেই ‘প্ৰকৃত স্মৃতি’ বুলি কোৱা হয়। ‘প্ৰতিৰূপ স্মৃতি’ বুলিও কোৱা হয় ।

প্রকৃত স্মৃতিৰ বাবে উচ্চমান বিশিষ্ট বৌদ্ধিক ক্ষমতাৰ প্রয়োজন। কিন্তু অভ্যাস স্মৃতিৰ ক্ষেত্ৰত উচ্চমান বৌদ্ধিক ক্ষমতাৰ প্ৰয়োজন নহয়। অভ্যাস স্মৃতিতকৈ প্ৰকৃত স্মৃতি বেছি স্থায়ী।

৪। পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ মাজত পার্থক্য কি ?

উত্তৰ : পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞা হৈছে স্মৃতিৰ দুটা উপাদান। পুনঃস্মৰণ হৈছে সংৰক্ষিত পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপৰ সহায়েৰে সচেতন মনত পুনৰুদ্ধাৰ পোৱা কাৰ্য। আহৰণ কৰা অভিজ্ঞতাসমূহ ভালদৰে সংৰক্ষণ কৰিলে পুনঃস্মৰণ কাৰ্যত অধিক সুবিধা হয় ।

আনহাতে স্মৃতিৰ শেষৰ উপাদানটো হ’ল প্ৰত্যভিজ্ঞা। অতীত অভিজ্ঞতাৰ সংৰক্ষণ অথবা পুনঃস্মৰণ হ’লে স্মৃতি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি ক’ব নোৱাৰি । সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাক পূৰ্বৰ প্ৰতিৰূপ হয়নে নহয় সেই সম্বন্ধে নিশ্চিত হোৱাটো প্ৰয়োজন ।

প্রত্যভিজ্ঞাও হৈছে মনৰ এক বিশেষ প্রক্রিয়া। ই ব্যক্তি বিশেষে বেলেগ বেলেগ হয়। প্রত্যভিজ্ঞাৰ দ্বাৰা স্মৃতি লাভ সহজ । কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণ মনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। যি বস্তুৰ স্মৃতি পাবলৈ বিচৰা হয়, সি ব্যক্তিৰ ইন্দিয়গ্রাহ্য অৱস্থাত থাকে ।

৫। স্মৃতি কি? স্মৃতিৰ উৎকৰ্ষ সাধন কৰাৰ কৌশলসমূহ কি কি ?

উত্তৰ : আমি আয়ত্ব কৰা সকলোবোৰ অভিজ্ঞতাকে মনত ধৰি ৰাখিব নোৱাৰো। অচেতন মনত সঞ্চিত হৈ থকা অভিজ্ঞতাখিনিহে আমি মনত পৰি ৰাখিব পাৰো। এই অভিজ্ঞতাক প্রয়োজন সাপেক্ষে এবং এক যান্ত্ৰিক ৰূপত সচেতনতালৈ লৈ অহাটো অথবা তাৰ পুনৰদীপন কৰা কার্যটোকেই স্মৃতি। আন কথাত ক’বলৈ হ’লে আমি যি কথা মনত ৰাখো সেয়াই স্মৃতি। স্মৃতি হৈছে এনে ধৰণৰ মানসিক প্রক্রিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰ উদ্ধাৰকৰণত সহায় কৰে।

স্মৃতিৰ উৎকৰ্ষ সাধন কৰিবলৈ ব্যৱহাৰ কৰা কৌশলসমূহ হ’ল–

(ক) অভিপ্রায় জগাই তোলা ।

(খ) সাদৃশ্যকৰণ।

(গ) পুনৰাবৃত্তিকৰণ ।

(ঘ) ছন্দৰ প্ৰয়োগকৰণ ।

(ঙ) প্ৰতিৰূপৰ প্ৰয়োগ ।

৬। তৎকালীন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতি কি ?

উত্তৰ : তৎকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান যথেষ্ট কম। কিবা এটা কথা শিকা বা অভিজ্ঞতা লাভ কৰাৰ পিছত তৎক্ষণাতেই যেতিয়া স্মৃতিৰ প্ৰয়োগ কৰিবলগা হয়, তেনে স্মৃতিক ‘তৎকালীন স্মৃতি’ বুলি কোৱা হয়। তৎকালীন স্মৃতিৰ স্থায়ীত্ব কম। দীৰ্ঘকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান অতি বেছি। অতীতৰ অভিজ্ঞতাক বহুদিন বিৰতিৰ পাছত প্রয়োজন মতে তাক পুনঃস্মৰণ কৰিবপৰা যি মানসিক ক্ষমতা তাকেই ‘দীর্ঘকালীন স্মৃতি’ বুলি কোৱা হয়। উদাহৰণস্বৰূপে এজন বয়স্ক লোকে যেতিয়া ল’ৰালি কালৰ কোনো ঘটনা মনত পোলয়, সেয়া দীর্ঘকলীন স্মৃতিৰ উদাহৰণ।

৭। ভাল স্মৃতি (উত্তম স্মৃতি) ৰ লক্ষণ (বৈশিষ্ট্য) বোৰ কি কি ?

উত্তৰঃ ভাল (উত্তম) স্মৃতিৰ কেইবাটাও লক্ষণ আছে, যথা-

(ক) ভাল স্মৃতিৰ গৰাকীয়ে অভিজ্ঞতাৰ পৰা আহৰণ কৰা যিকোনো কথাই অতি দ্রুত গতিত আয়ত্ব কৰিব পাৰে ।

(খ) ভাল স্মৃতিৰ লোকসকলে আহৰণ কৰা অভিজ্ঞতাবিলাকক দীর্ঘসময়ৰ বাবে মনৰ ভিতৰত সংৰক্ষণ কৰি ৰাখিব পাৰে ।

(গ) ভাল বা উত্তম স্মৃতিৰ লোকসকলে অতি কম সময়ৰ ভিতৰত সঠিকভাৱে চিনাক্ত কৰিব পাৰে ।

(ঘ) উত্তম স্মৃতিৰ গৰাকীয়ে স্মৃতিৰ প্ৰতিৰূপক সঠিকভাৱে উপযুক্ত সময়ত, উপযুক্ত ঠাইত ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।

৮। বিস্মৃতি কি ? ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা ।

উত্তৰ : অতীতত লাভ কৰা অভিজ্ঞতাক বৰ্তমানত পুনৰ স্মৰণ কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি। ই স্মৃতিৰ বিপৰীতধর্মী গুণ। আমি দৈনন্দিন জীৱনত বহুতো অভিজ্ঞতা লাভ কৰো যদিও প্ৰতিটো অভিজ্ঞতা মনত ৰখাৰ প্ৰয়োজন বোধ নকৰো । আমি দৰকাৰী কথাবোৰ মনত ৰাখি অদৰকাৰী কথাবোৰ পাহৰি যোৱাৰ প্ৰয়োজন আছে। অদৰকাৰী কথাবোৰ মনৰ পৰা আঁতৰাব নোৱাৰিলে দৰকাৰী কথাবোৰ মনত ৰখা কঠিন হৈ পৰে । বিস্মৃতিৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল –

(ক) প্ৰতিৰূপ সংৰক্ষণৰ অক্ষমতাই হ’ল বিস্মৃতি।

(খ) স্মৃতিৰ বাবেই বিস্মৃতিৰ প্ৰয়োজন ৷

(গ) বিস্মৃতি হ’ল শিক্ষাৰ এক যুক্তিযুক্তকৰণ কাৰ্যবিশেষ ।

(ঘ) বিস্মৃতি হ’ল স্মৃতি প্ৰক্ৰিয়াৰ এক আনুসংিগক পর্যায় ।

(ঙ) বিস্মৃতিয়ে সচেতন মনৰ প্ৰতিৰক্ষাকাৰী স্বৰূপে কাম কৰে। ই দুখদায়ক অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা মনক বচাই ৰাখে । ০০०

Type By Suman Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping