Chapter 7
শৈক্ষিক পৰিসংখ্যা বিজ্ঞান
চমু প্ৰশ্ন উত্তৰঃ
(a) শুদ্ধ নে অশুদ্ধ লিখা।
1. প্ৰথম চতুৰ্থক এনে এটা ৰাশি যাৰ তলত সামগ্ৰী ৰাশিৰ ৭৫% থাকে।
উত্তৰঃ অশুদ্ধ।
2. মধ্যমা হৈছে ভেদ্যতাৰ জোখ।
উত্তৰঃ অশুদ্ধ।
3. মধ্যমান সৰ্বোচ্চ মূল্যৰ দ্বাৰা প্ৰভাৱিত হয়।
উত্তৰঃ অশুদ্ধ।
4. মধ্যমান হৈছে শ্ৰেণী অন্তৰালৰ মাজত ৰাশি।
উত্তৰঃ শুদ্ধ।
5. ৰাশিসমূহ পৰীক্ষা কৰি গড় নিৰ্ণয় কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
6. সীমামুৰীয়া দুই-এটা সামগ্ৰীৰ আচল মান দিয়া নাথাকিলেও মধ্যমা নিৰ্ণয় কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
7. বহুভুজত বাৰংবাৰতাসমূহ OX অক্ষত বহুওৱা হয়।
উত্তৰঃ অশুদ্ধ।
8. বহুলক ৰাশিৰ প্ৰসাৰৰ দ্বাৰা প্ৰভাৱিত হয়।
উত্তৰঃ শুদ্ধ।
9. গড় হৈছে কেন্দ্ৰীয় প্ৰৱণতা এক বিশ্বাসযোগ্য জোখ।
উত্তৰঃ শুদ্ধ।
10. আমি পৰিসংখ্যা, পৰিসংখ্যাৰ পৰা পৰিসংখ্যাৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰোঁ।
উত্তৰঃ শুদ্ধ।
11. কেন্দ্ৰীয় প্ৰৱণতা হৈছে ৰাশিসমূহৰ প্ৰতিনিধিত্ব কৰা ৰাশি।
উত্তৰঃ শুদ্ধ।
12. প্ৰসাৰ হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ।
উত্তৰঃ অশুদ্ধ।
13. সৰ্বোচ্চ ৰাশি আৰু সৰ্বনিম্ন ৰাশিৰ মাজৰ ব্যৱধানক প্ৰসাৰ বোলে।
উত্তৰঃ শুদ্ধ।
14. মধ্যমা হৈছে বিতৰণৰ চৰম মানৰ প্ৰতি সংবেদনশীল।
উত্তৰঃ অশুদ্ধ।
15. বহুভুজ হৈছে সৰল ৰেখাচিত্ৰ।
উত্তৰঃ শুদ্ধ।
16. চতুৰ্থক বিচ্যুতি হৈছে ভেদ্যতাৰ জোখ।
উত্তৰঃ শুদ্ধ।
(b) খালী ঠাই পূ কৰাঃ
1. অনুমিত গড় পদ্ধতিত, অনুমিত গড় হৈছে কোনো এটা শ্ৰেণী অনতৰাল _______ ।
উত্তৰঃ মধ্যবিন্দু।
2. 3Mdn – 2M = ______
উত্তৰঃ বহুলক।
3. সকলোতে ব্যৱহৃত তিনিটা কেন্দ্ৰীয় প্ৰৱণতা হ’ল গড় ______ আৰু বহুলক।
উত্তৰঃ মধ্যমা।
4. আয়ত চিত্ৰত শ্ৰেণী অন্তৰাসমূহ ______ ৰেখাত বহুৱাব লাগে।
উত্তৰঃ OX ৰেখা।
5. প্ৰসাৰ হৈছে _______ ৰ জোখ।
উত্তৰঃ ভেদ্যতাৰ জোখ।
6. _______ উপযুক্তভাৱে এটা সৰল ৰেখা চিত্ৰ।
উত্তৰঃ বাৰংবাৰতা বহুভুজ।
7. সৰ্বোচ্চ হৈছে এটা স্তম্ভ চিত্ৰ যাৰ মাজত ব্যৱধানক ______ বোলা হয়।
উত্তৰঃ প্ৰসাৰ।
8. সামগ্ৰী ৰাশি প্ৰথম চতুৰ্থক আৰু তৃতীয় চতুৰ্থকৰ মাজত ব্যৱধানক _______ বোলা হয়।
উত্তৰঃ মধ্যমা।
9. মধ্যমা হৈছে এটা ৰাশি যাৰ তলৰ ফালে _____ % ৰাশি থাকে।
উত্তৰঃ ৫০%।
10. _______ হৈছে সামগ্ৰী শ্ৰণীত আটাইতকৈ বেছিবা থকা ৰাশি।
উত্তৰঃ বহুলক।
11. আয়ত চিত্ৰ শ্ৰেণী ব্যৱধানৰ ওপৰত অংকন কৰা ৰাশিসমূহ ________ ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰে।
উত্তৰঃ আয়তক্ষেত্ৰ।
12. _______ হৈছে এটা স্তম্ভ চিত্ৰ যাৰ মাজত ব্যৱধান নাথকে।
উত্তৰঃ আয়তচিত্ৰ।
13. বহুভূজত বাৰংবাৰতবোৰ ______ অক্ষত অংকন কৰা হয়।
উত্তৰঃ OY অক্ষত।
14. কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ পৰা ৰাশিসমূহ কেনেদৰে প্ৰসাৰিত হৈ থাকে তাক জানিবৰ বাবে ব্যহাৰ কৰা জোখক ________ বোলে।
উত্তৰঃ ভেদ্যতা বা বিচ্যুতি।
15. আয়তচিত্ৰ হৈছে _______
উত্তৰঃ সৰল ৰেখা।
16. বাৰংবাৰতা বিভাজন তালিকাত সৰ্বোচ্চ ৰাশি আৰু সৰ্বনিম্ন ৰাশিৰ মাজত ব্যৱধানক ________বোলে।
উত্তৰঃ প্ৰসাৰ।
17. যিটো ৰাশিৰ তলৰ আমি আধা ৰাশি পাঁও তাক _________ বোলে।
উত্তৰঃ মধ্যমা।