বুদ্ধিয়ক টেটোন | AJB Class 6 Assanese Chapter 12 Short Question and Answer Assamese Medium |

১। ধনে-জনে টেটোন চহকী নহ’লেও বুদ্ধিত তেওঁ কি আছিল?

ক) বৃহস্পতি

খ) শনি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বৃহস্পতি।

২। টেটোনক ঘৰৰখীয়া কৰি টেটোনৰ দেউতাক ক’লৈ গৈছিল?

ক) মাছ মাৰিবলৈ

খ) ভূঁই ৰুবলৈ

গ) হাল বাবলৈ

উত্তৰঃ গ) হাল বাবলৈ।

৩। টেটোনক ঘৰৰখীয়া কৰি টেটোনৰ মাক ক’লৈ গৈছিল?

ক) মাছ মাৰিবলৈ

খ) হাল বাবলৈ

গ) ভূঁই ৰুবলৈ

উত্তৰঃ গ) ভূঁই ৰুবলৈ।

৪। টেটোনক ঘৰৰখীয়া কৰি টেটোনৰ বায়েক ক’লৈ গৈছিল?

ক) মাছ মাৰিবলৈ

খ) ভূঁই ৰুবলৈ

গ) হাল বাবলৈ

উত্তৰঃ ক) মাছ মাৰিবলৈ।

৫। টেটোনক কিয় ঘৰৰ পৰা খেদি পঠিওৱা হৈছিল?

ক) সি ভাত ৰন্ধা নাছিল বাবে

খ) সি ভিনিয়েকক অনাদৰ কৰাৰ বাবে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সি ভিনিয়েকক অনাদৰ কৰাৰ বাবে।

৬। তগৰ কোন?

ক) ৰজাৰ জীয়ৰী

খ) মন্ত্ৰীৰ জীয়ৰী

গ) ন্যায়সোধা ফুকনৰ জীয়ৰী

উত্তৰঃ গ) ন্যায়সোধা ফুকনৰ জীয়ৰী।

৭। বুদ্ধি+অক= কি?

ক) বুদ্ধিয়ক

খ) বুদ্ধিঅক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বুদ্ধিয়ক।

৮। প্ৰত্যয় মূলত কেই প্ৰকাৰৰ?

ক) পাঁচপ্ৰকাৰৰ

খ) তিনিপ্ৰকাৰৰ

গ) দুই প্ৰকাৰৰ

উত্তৰঃ গ) দুই প্ৰকাৰৰ।

৯। কপাল ফুল শব্দৰ অৰ্থ কি?

ক) এবিধ ফুল

খ) সৌভাগ্যৰ উদয় হোৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সৌভাগ্যৰ উদয় হোৱা।

১০। ৰগৰ শব্দৰ অৰ্থ কি?

ক) ধেমালি

খ) দোষ

গ) সুখ

উত্তৰঃ ক) ধেমালি।

১১। টেটোন ল’ৰাটি কেনেকুৱা আছিল ?

ক) বুদ্ধিয়ক

খ) মৰমিয়াল

গ) চেঙেলীয়া

উত্তৰঃ গ) চেঙেলীয়া।

১২। টেটোনক ঘৰৰখীয়া কৰি থৈ যাওঁতে টেটোন হঁতৰ ঘৰলৈ কোন আহিছিল ?

ক) বায়েক

খ) ভিনিহিয়েক

গ) পেহীয়েক

উত্তৰঃ খ) ভিনিহিয়েক।

১৩। টেটোনক ঘৰৰ পৰা ওলাই দিয়াৰ পিছত সি বাটে বাটে গৈ থাকোঁতে সন্ধিয়া তাক কোনে লগ পালে ?

ক) গোটাচেৰেক চোৰে

খ) ভূতে

গ) ভগৱানে

উত্তৰঃ ক) গোটাচেৰেক চোৰে।

১৪। পিছত গোটাচেৰেক কেইটাই টেটোনক কি কৰিবলৈ দিলে ?

ক) কাম কৰিবলৈ দিলে

খ) চুৰ কৰিবলৈ দিলে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চুৰ কৰিবলৈ দিলে।

১৫। শেষত টেটোনৰ জগৰ কেইটা হ’ল ?

ক) ২ টা

খ) ৩ টা

গ) ৫ টা

উত্তৰঃ খ) ৩ টা।

১৬। টেটোনে বুঢ়ীক কি কৰিলে ?

ক) মূৰ ভাঙিলে

খ) বুকুত গুৰিয়ালে

গ) ভৰি ভাঙিলে

উত্তৰঃ খ) বুকুত গুৰিয়ালে।

১৭। টেটোনৰ  চিঞৰ কোনে শুনি তাক ভাত খাবলৈ মাতিলে ?

ক) তগৰে

খ) লিগিৰীয়ে

গ) মালতীয়ে

উত্তৰঃ) ক) তগৰে।

১৮। ৰজাৰ কথাত ন্য়ায়সোধাত কাৰ খং উঠিল ?

ক) ফুকনৰ

খ) তামুলী বৰুৱাৰ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) তামুলী বৰুৱাৰ।

১৯। জগৰ শব্দৰ অৰ্থ কি ?

ক) দোষ

খ) আন উপায়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) দোষ।

২০। উপায়ন্তৰ শব্দৰ অৰ্থ কি ?

ক) যিয়ে গোচৰ দিয়ে

খ) নিৰুপায়

গ) আন উপায়

উত্তৰঃ গ) আন উপায়।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping