🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ | AJB Class 6 Social Science Chapter 1 | MCQ Question Answer solution |

অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ

Chapter- 1

(১) অতি পুৰণি কালত অসমৰ নাম কি আছিল ?

ক) প্ৰাগজ্যোতিষ

খ) প্ৰাগজ্যোতিষপুৰ

গ) কামৰূপ

উত্তৰঃ ক) প্ৰাগজ্যোতিষ।

(২) বৰ্তমান কিহে তাহানিৰ প্ৰাগজ্যোতিষপুৰ আছিল ?

ক) শিৱসাগৰ

খ) গুৱাহাটী

গ) মৰিগাঁৱ

উত্তৰঃ খ) গুৱাহাটী।

(৩) কুশ ৰজাৰ পুতেকৰ নাম কি আছিল ?

ক) তলৰ এটাও নহয়

খ) হৰ্ষবৰ্ধন

গ) অৰ্মূতৰাজ

উত্তৰঃ গ) অৰ্মূতৰাজ।

(৪) প্ৰাগ শব্দৰ অৰ্থ কি ?

ক) পুৱা

খ) পূব

গ) পশ্চিম

উত্তৰঃ খ) পূব।

(৫) দক্ষ ৰজাৰ জীয়েকৰ নাম কি আছিল ?

ক) ৰুক্মিনী

খ) পাৰৱতী

গ) সতী

উত্তৰঃ গ) সতী।

(৬) দক্ষ ৰজাৰ জীয়েকক কোনে বিয়া কৰাইছিল ?

ক) শ্ৰী কৃষ্ণই

খ) ব্ৰহ্মাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৭) সতীৰ দেহৰ অংগ পৰা ঠাইবোৰক পাছলৈ কি বুলি জনা যায় ?

ক) তীৰ্থস্থান

খ) পাহাৰ

গ) মন্দিৰ

উত্তৰঃ ক) তীৰ্থস্থান।

(৮) শিৱৰ তপস্যা কোনে ভংগ কৰিছিল ?

ক) ৰতিদেৱীয়ে

খ) কামদেৱে

গ) নৰকাসুৰে

উত্তৰঃ খ) কামদেৱে।

(৯) কোনে কামদেৱক পুনৰ জীৱন দান দিবলৈ মহাদেৱক মিনতি কৰিছিল ?

ক) ব্ৰহ্মাই

খ) শ্ৰী কৃষ্ণই

গ) ৰতিদেৱীয়ে

উত্তৰঃ গ) ৰতিদেৱীয়ে।

(১০) ভষ্মীভূত কামদেৱে যি ঠাইত পুনৰ ৰূপ পাইছিল সেই ঠাইখিনিক বৰ্তমান সময়ত কি নামেৰে জনা যায় ?

ক) কামৰূপ

খ) কামপুৰ

গ) নামৰূপ

উত্তৰঃ ক) কামৰূপ।

(১১) যোগিনীতন্ত্ৰমতে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল ?

ক) ৫ টা ভাগত

খ) ৪ টা ভাগত

গ) ৬ টা ভাগত

উত্তৰঃ খ) ৪ টা ভাগত।

(১২) ‘স্বৰ্ণপীঠ’ ক’ৰ পৰা ক’লৈ বিস্তৃতি আছিল ?

ক) ভৰলী নদীৰ পৰা দিকৰাই নদীলৈ

খ) কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১৩) মহীৰঙ্গ দানৱ কোন আছিল ?

ক) দানৱ বংশৰ প্ৰথম সেনাপতি

খ)দানৱ বংশৰ প্ৰথম ৰজা

গ) দানৱ বংশৰ প্ৰথম মন্ত্ৰী

উত্তৰঃ খ)দানৱ বংশৰ প্ৰথম ৰজা।

(১৪) ভগদত্তৰ জীয়েকক কোনে বিয়া কৰাইছিল ?

ক) অৰ্জুনে

খ) ভীমে

গ) দুৰ্যোধনে

উত্তৰঃ গ) দুৰ্যোধনে।

(১৫) কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক কোনে মাৰি পেলাইছিল ?

ক) দুৰ্যোধনে

খ) নৰকাসুৰে

গ) অৰ্জুনে

উত্তৰঃ গ) অৰ্জুনে।

(১৬) আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কি আছিল?

ক) প্ৰাগজ্যোতিষ

খ) কামৰূপ

গ) প্ৰাগজ্যোতিষপুৰ

উত্তৰঃ খ) কামৰূপ।

(১৭) মহীৰংগ দানৱৰ উত্তৰাধিকাৰীসকলক কি বুলি জনা গৈছিল ?

ক) নৰকাসুৰে

খ) কামৰূপ

গ) অসুৰ বুলি জনা গৈছিল ।

উত্তৰঃ গ) অসুৰ বুলি জনা গৈছিল ।

(১৮) নৰকাসুৰক কোনে বধ কৰিছিল ?

ক) দুৰ্যোধনে

খ) শ্ৰীকৃষ্ণই বধ কৰিছিল।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) শ্ৰীকৃষ্ণই বধ কৰিছিল।

(১৯)  পুৰাণ, তন্ত্ৰ আদি পুথিবোৰত অসমৰ নাম কি বুলি উল্লেখ আছে।  

ক) নামৰূপ

খ) মৰিগাঁৱ

গ) কামৰূপ বুলি উল্লেখ আছে।

উত্তৰঃ গ) কামৰূপ বুলি উল্লেখ আছে।

(২০) নৱগ্ৰহ মন্দিৰ ক’ত  অৱস্থিত। 

ক) মৰিগাঁৱ

খ) চিত্ৰাচল পাহাৰত অৱস্থিত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চিত্ৰাচল পাহাৰত অৱস্থিত।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop