🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পুৰণি অসমৰ ভৌগোলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয় | AJB Class 5  History Chapter 2 MCQ’s Assamese Medium | Class 5  History Chapter 2 MCQ’s Type Question Answer |

Chapter- 2

পুৰণি অসমৰ ভৌগোলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয়

1) ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসমৰ নাম কি আছিল ?

(ক) ৰংপুৰ

(খ) প্ৰাগজ্যোতিষ আৰু কামৰূপ

(গ) কামৰূপ আৰু ত্ৰিপুৰা

উত্তৰ- (খ) প্ৰাগজ্যোতিষ আৰু কামৰূপ ।

2) ৰামায়ণ আৰু মহাভাৰতৰ সময়ৰ পৰা প্ৰাগজ্যোতিষ আৰু কামৰূপ কিমান শতিকালৈ এই নামেৰে জনাজাত আছিল?

(ক) একাদ্বশ

(খ) পঞ্চম

(গ) দ্বাদশ

উত্তৰ- (গ) দ্বাদশ ।

3) কামৰূপ ৰাজ্যৰ চাৰিটা ভাগ কি কি ?

(ক) ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ

(খ) কামপীঠ, স্বৰ্ণপীঠ, সুৱৰ্ণপীঠ বা ৰত্নপীঠ

(গ) ৰত্নপীঠ, সুৱৰ্ণপীঠ, স্বৰ্ণপীঠ বা কামপীঠ

উত্তৰ- (ক) ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ ।

4) অতি পুৰণি কালত অসমত কি কি জনজাতি লোকে বসবাস কৰিছিল?

(ক) কিৰাত, ম্লেচ্ছ

(খ) খাচীয়া- জয়ন্তীয়া

(গ) তিবেতো-বাৰ্মান, মেছ

উত্তৰ- (ক) কিৰাত, ম্লেচ্ছ ।

5) বৰ্তমান খাচীয়া-জয়তীয়া পাহাৰ জিলাৰ খাচীয়া মানুহবিলাক কি গোষ্ঠীৰ আছিল?

(ক) নিৰ্গ্ৰো গোৰ্ষ্ঠীৰ

(খ) আপাটাইন গোষ্ঠীৰ

(গ) অষ্ট্ৰিক গোষ্ঠীৰ

উত্তৰ- (গ) অষ্ট্ৰিক গোষ্ঠীৰ ।

6) আহোম, খামটি, নৰা আৰু ফাকিয়াল লোকসকল কি জাতিৰ মানুহ?

(ক) নগা

(খ) টাই

(গ) কোচ

উত্তৰ- (খ) টাই ।

7) কোন ঠাইত বহি সৃষ্টিকৰ্তা ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ আদিৰ সৃষ্টি কৰিছিল?

(ক) প্ৰাগ্জ্যোতিষপুৰ

(খ) কামৰূপ

(গ) কিৰাত

উত্তৰ- (ক) প্ৰাগ্জ্যোতিষপুৰ ।

8) কোন মহাৰজা দিনৰ পৰা আমাৰ অসম দেশখন কামৰূপ হয়?

(ক) শিৱসিংহ

(খ) কামদেৱ

(গ) নৰকাসুৰ

উত্তৰ- (গ) নৰকাসুৰ ।

9) কামদেৱৰ ঘৈণীয়েকৰ নাম কি?

(ক) ৰতি

(খ) সতী

(গ) ক্ৰোধাগ্নি

উত্তৰ- (ক) ৰতি ।

10) ‘অহম’ শব্দটোৰ পৰাই এই দেশ অধিকাৰ কৰা ‘টাইসকল’ কি নামেৰে  পৰিচিত হ’ল?

(ক) অসোম

(খ) আহোম

(গ) অসমী

উত্তৰ- (খ) আহোম ।

11) কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা কি আছিল?

(ক) পশ্চিমে সাগৰ, দক্ষিণে কৰতোৱা নদী, পূৱে হিমালয় পৰ্বত আৰু দক্ষিণে দিকৰাই নৈ

(খ) দক্ষিণে হিমালয় পৰ্বত, পশ্চিমে দিকৰাই নৈ, উওৰে কৰতোৱা নদী আৰু পূৱে সাগৰ

(গ) দক্ষিণে সাগৰ, পশ্চিমে কৰতোৱা নদী, উওৰে হিমালয় পৰ্বত আৰু পূবে দিকৰাই নৈ

উত্তৰ- (গ) দক্ষিণে সাগৰ, পশ্চিমে কৰতোৱা নদী, উওৰে হিমালয় পৰ্বত আৰু পূবে দিকৰাই নৈ ।

12) অসম শব্দটো কোন লোকসকলে উদ্ভাৱন কৰিছিল?

(ক) আহোমসকল

(খ) টাইসকল

(গ) শিৱসিংহসকল

উত্তৰ- (খ) টাইসকল ।

13) মহাদেশৰ পত্নীৰ নাম কি?

(ক) সতী

(খ) ৰতি

(গ) ৰোকমিণী

উত্তৰ- (ক) সতী ।

14) মহাদেৱৰ মহা তপস্যাত কোনে ভংগ কৰিবলৈ চেষ্টা কৰিছিল?

(ক) শিৱসিংহ

(খ) কামদেৱ

(গ) নৰকাসুৰ

উত্তৰ- (খ) কামদেৱ ।

15) সতী কাৰ জিয়ৰী আছিল?

(ক) শিৱসিংহ

(খ) কামদেৱ

(গ) দক্ষ প্ৰজাপতি

উত্তৰ- (গ) দক্ষ প্ৰজাপতি ।

Type by- Bikul Mandal

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop