মৌলিক প্ৰয়োজন | AJB Class 6 Social Science Chapter 7 | MCQ Question Answer Solution |

মৌলিক প্ৰয়োজন

Chapter-7

(১) মানুহৰ মৌলিক প্ৰয়োজন কেইবিধ ?

ক) ৩ বিধ

খ) ৪ বিধ

গ) ২ বিধ

উত্তৰঃ ক) ৩ বিধ।

(২) মানুহৰ মৌলিক প্ৰয়োজন কেইটা কি কি ?

ক) ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, সাজ-পোছাক

খ) ঘৰ-দুৱাৰ, আহাৰ, সাজ-পাৰ

গ) আহাৰ আৰু পোছাক

উত্তৰঃ খ) ঘৰ-দুৱাৰ, আহাৰ, সাজ-পাৰ।

(৩) মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ কি ?

ক) তলৰ এটাও নহয়

খ) সাজ-পাৰ

গ)আহাৰ

উত্তৰঃ গ)আহাৰ।

(৪) আদিম মানুহবোৰে কি কৰি ঘূৰি ফূৰিছিল ?

ক) মানুহ মাৰি

খ) খাদ্য সন্ধানত

গ) খেতি কৰি

উত্তৰঃ খ) খাদ্য সন্ধানত।

(৫) যিবোৰ প্ৰাণীয়ে মাংস খায় তাক কি বোলে ?

ক) মাংসভোজী প্ৰাণী

খ) তৃণভোজী প্ৰাণী

গ) সৰ্বভোজী প্ৰাণী

উত্তৰঃ ক) মাংসভোজী প্ৰাণী।

(৬) যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন আদি খায় তাক কি বোলে ?

ক) মাংসভোজী প্ৰাণী

খ) সৰ্বভোজী প্ৰাণী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৭) এস্কিম’সকলৰ প্ৰধান জীৱিকা কি ?

ক) কৃষি

খ) চিকাৰ কৰা

গ) খেতি কৰি শস্য় চপোৱা

উত্তৰঃ খ) চিকাৰ কৰা।

(৮) এস্কিম’সকলৰ প্ৰধান আহাৰ কি ?

ক) ভাত

খ) ৰুটী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৯) আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ হ’ল-

ক) উটৰ মঙহ

খ) লিঁচু

গ) নাৰিকল

উত্তৰঃ গ) নাৰিকল।

(১০) আৰব মৰুভূমিত বাস কৰা জাতিটোৰ নাম কি ?

ক) তলৰ এটাও নহয়

খ) বেদুইন

গ) এস্কিম’

উত্তৰঃ খ) বেদুইন।

(১১) হিন্দুসকলে কি মাংস খোৱাটো সম্পূৰ্ণ নিষিদ্ধ ?

ক) গো-মাংস

খ) মুৰ্গী মাংস

গ) গাহৰি মাংস

উত্তৰঃ গো-মাংস ।

(১২) মুছলমানসকলে কি মাংস খাব নোৱাৰে ?

ক) গো-মাংস

খ) মুৰ্গী মাংস

গ) গাহৰি মাংস

উত্তৰঃ গ) গাহৰি মাংস।

(১৩) ঈগলু নামৰ ঘৰটো ক’ত সজা হয় ?

ক) পানীত

খ) বৰফত

গ) বালিত

উত্তৰঃ খ) বৰফত।

(১৪) মধ্য় এছিয়াত বাস কৰা কাজাকসকলৰ বৃত্তি কি?

ক) পশু পালন

খ) মীন পালন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পশু পালন।

(১৫) কাজাকসকলে কি সাজি বসবাস কৰে ?

ক) ঈগলু

খ) তম্বু

গ) চাং ঘৰ

উত্তৰঃ খ) তম্বু।

(১৬) মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ নাম কি কি?

ক) খাদ্য় বা আহাৰ

খ) ঘৰ বা মানুহ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) খাদ্য় বা আহাৰ।

(১৭) মানুহৰ মৌলিক প্ৰয়োজন তিনিবিধ নাম কি কি? 

ক) খাদ্য়, আহাৰ, মানুহ।

খ) খাদ্য়, বাসস্থান আৰু বস্ত্ৰ।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) খাদ্য়, বাসস্থান আৰু বস্ত্ৰ।

(১৮) নিয়মিত আহাৰ-পানীয়ে জীৱক কাম কৰাৰ কি দিয়ে?

ক) বাসস্থান দিয়ে।

খ) আহাৰ দিয়ে।

গ) শক্তি দিয়ে।

উত্তৰঃ গ) শক্তি দিয়ে।

(১৯) মানুহে প্ৰায় সকলো খাদ্য়কে গ্ৰহণ কৰে বাবে মানুহক কি বুলি কোৱা হয়?

ক) খাদ্য় মন্ত্ৰী

খ) সৰ্বভোজী।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) সৰ্বভোজী।

(২০) পৃথিৱীৰ মানুহৰ খাদ্য়ৰ বিভিন্নতাৰ মূল কাৰণকেইটা কি কি? 

ক) (i) পাৰিপাৰ্শ্বিক অৱস্থা, (ii) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ (iii) ধৰ্মবিশ্বাস, ঐতিহ্য়, সংস্কাৰ আদি ।

খ) (i) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ (ii) পাৰিপাৰ্শ্বিক অৱস্থা, (iii) পশু পালন আদি।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) (i) পাৰিপাৰ্শ্বিক অৱস্থা, (ii) মানুহৰ অভিজ্ঞতা আৰু ৰুচিবোধ (iii) ধৰ্মবিশ্বাস, ঐতিহ্য়, সংস্কাৰ আদি ।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop