Chapter 4
আয় নিৰ্ধাৰণ
(Income Determination)
A. Very short answer question
১. সামগ্ৰিক চাহিদা কি ?
উত্তৰঃ অৰ্থনীতি এখনত চুড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি থকা মুঠ চাহিদাক সামগ্ৰিক চাহিদা বোলে ।
২. সামগ্ৰিক যোগান কি ?
উত্তৰঃ এক বিশেষ সময় কালত অৰ্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্ৰিক মূল্য বা মানেই হল সামৰ্গিক যোগান ।
৩. ‘Ceteris Paribus’ ৰ সাহিত্যক অৰ্থ কি ?
উত্তৰঃ অন্যান্য অৱস্থা স্থিৰ বা একে থাকিলে বা অপৰিৱৰ্তিত থাকিলে ।

৫. সামগ্ৰিক যোগানৰ উপাদান কেইটা উল্লেখ কৰা ।

উত্তৰঃ সামগ্ৰিক যোগানৰ উপাদান হল ভোগ আৰু সঞ্চয় ।



১৩. আমি কিয় ধৰানা কৰো যে দৰৰ পৰিবৰ্তন কেৱল দীৰ্ঘকালতহে হয় ?
উত্তৰঃ আমি ধৰি লও যে, চাহিদা আৰু যোগানৰ প্ৰতি সঁহাৰি জনাবলৈ দৰক কিছু সময়ৰ প্ৰয়োজন হয় । ইতিমধ্যে উৎপাদক কাৰীয়ে অতিৰিক্ত চাহিদা আৰু যোগানৰ অৱস্থা এৰাই চলিবলৈ তেওঁলোকৰ উৎপাদক সূচীৰ পৰিৱৰ্তন ঘটায় । উদাহৰণ স্বৰূপে যদি তেওঁলোকে অতিৰিক্ত যোগানৰ সন্মুখীন হয়, তেনেহলে তেওঁলোকে উৎপাদক হ্ৰাস কৰি মজুতৰ পৰিমান সীনিত কৰিবলৈ যত্ন কৰে । মন কৰিবলগীয়া যে ব্যক্তিগত উৎপাদনকাৰীয়ে ব্যক্তিগত ভাৱে ৰাষ্ট্ৰীয় বজাৰত দৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে , কিয়নো তেওঁ উৎপাদনৰ এটা নিচেই ক্ষুদ্ৰ গোটহে । অৰ্থনীতিৰ সামগ্নিক দৰ স্তৰৰ তেতিয়াহে পৰিবৰ্তন হব যেতিয়া বজাৰৰ সকলো দিশত অতিৰিক্ত যোগান আৰু চহীদাৰ অৱস্থা নোহোৱা কৰি দিব পৰা যাব । সেয়েহে কেৱল দীৰ্ঘকালতহে দৰৰ পৰিৱৰ্তন আশা কৰিব পাৰে ।

১৫. উপভোগ ব্যয় কি ?
উত্তৰঃ অৰ্থনীতি এখনৰ সকলো ব্যক্তিয়ে ভোগকাৰ্যত কৰা ব্যয়ক ভোগ ব্যয় বোলে । এনে ব্যয় তেওঁলোকৰ আয়ৰ ওপৰৰ নিৰ্ভৰ কৰে । নিদিষ্ট আয়ত ভোগ ব্যয় কাঢ়িলে সঞ্চয় কমিব ।
১৬. সম্ভাব্য (প্ৰত্যাশিত) আৰু প্ৰকৃত (শেহান্ত) কি ?
উত্তৰঃ উপভোগ, বিনিয়োগ, মুঠ উৎপাদন ইত্যাদি চলকবোৰৰ পৰিকল্পিত মানবোৰক সম্ভাব্য মান বা প্ৰত্যাশিত মান বুলি কোৱা হয় ।আনহাতে মুঠ ঘৰুৱা উৎপাদন, মুঠ জাতিয় উৎপাদন নিৰ্নয় কৰিবৰ বাবে উপভোগ, বিনিয়োগ ইত্যাদি যি মান ব্যৱহাৰ কৰা হয় সেয়া অৰ্থনীতিখনত কোনো বঠৰত উপভোগ, বিনিয়োগ ইত্যাদিবোৰৰ প্ৰকৃত মান ।
কিন্তু প্ৰকৃত উপভোগ উপভোক্তাজনে সেই সময়কালত কৰিব বিচৰা উপভোগতকৈ পৃথক হব পাৰে । এনেদৰে উৎপাদনকাৰী এজনে তেওঁৰ দ্ৰব্যৰ মজুত যি পৰিমানে বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছিল ঠিক সেইমতে প্ৰকৃততে বৃদ্ধি নাপাবও পাৰে । অৰ্থাৎ প্ৰকৃত বিনিয়োগ আৰু পৰিকল্পিত বিনিয়োগ একে নহবও পাৰে ।
উদ্যাহৰণস্বৰূপে এজন উৎপাদনকাৰীয়ে বছৰৰ শেখত 1000 টকা মুল্যৰ দ্ৰব্য মজুত ৰাখিব বিচাৰিছে । কিন্তু অপ্ৰত্যাশিত ভাৱে তেওঁৰ দব্যটোৰ চাহিদা ইমান বৃদ্ধি হল যে তেওঁ মজুতৰ পৰাত্ত 300 টকা মূল্যৰ দ্ৰব্য বিক্ৰী কৰিহে চাহিদা পূৰাবলৈ সক্ষম হ’ল । গতিকে বছৰৰ শেহত তেওঁৰ মজুত বৃদ্ধি পালে 1000 – 300 = 700 টকা ইয়াত 1000 টকা হ’ল সম্ভব্য বিনিয়োগ আৰু 700 টকা হ’ল প্ৰকৃত বিনিয়োগ ।

১৮. প্ৰত্যাশিত | পৰিকল্পিত বিনিয়োগৰ ধৰণাটো ব্যাখ্যা কৰা ।
উত্তৰঃ বিনিয়োগ হ’ল দৃশ্যমান মূল ধনী মজুতলৈ হোৱা সংযোজন (যেনে-যন্ত্ৰপাতি, ঘৰ, ৰাস্তা-ঘাট, তথা ভবিষ্যতে অৰ্থনীতিখনৰ উৎপাদন ক্ষমতা বঢ়াব পৰা যিকোনো আহিলা) আৰু ই উৎপাদনকাৰীৰপূৰ্বৱতী মজুতৰ পৰিবৰ্তন ঘটায় । অৰ্থনীতি এখনত উৎপাদিত যন্ত্ৰপাতি প্ৰদত্ত বছৰটোত অন্য দ্ৰব্য উৎপাদনত ব্যৱহাৰ হোৱাৰ পিছতো শেষ হৈ নাযায়, বহু বছৰধৰি এইসমূহ সেৱা আগবঢ়াই থাকে ।
নতুন যন্ত্ৰপাতি ক্ৰয় কৰাৰ দৰে বিনিয়োগ কাৰীৰ কেতবোৰ সিদ্ধান্ত গ্ৰহণ নিভৰ কৰে বিশেষকৈ বজাৰৰ সুদৰ হাৰৰ ওপৰত । কিন্তু আমি সহজভাৱে ইয়াক ধৰি লৈছো যে, প্ৰতি ষ্ঠানে প্ৰতিবছৰে একে পৰিমানৰ বিনিয়োগ কৰিবলৈ পৰিকল্পনা কৰিছে । আমি প্ৰত্যাশিত বিনিয়োগ চাহিদা এনেদৰে প্ৰকাশ কৰিব পাৰো-


২০. সামগ্ৰিক চাহিদাৰ উপাদান সমূহ কি কি ? চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ সামগ্ৰিক চাহিদাৰ মূখ্য উপাদান সমূহ হ’লঃ
(১) ব্যক্তিগত উপভোগ চাহিদা ।
(২) ব্যক্তিগত বিনিয়োগ চাহিদা ।
(৩) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা ।
(৪) নিগুট ৰপ্তানি চাহিদা (X-M)
(১) ব্যক্তিগত উপভোগ চাহিদাঃ ই ঘৰুৱা খন্তৰ ক্ৰয় কৰাৰ ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰা দ্ৰব্য আৰু সেৱাৰ মানক বুজায় । যেনেঃ খাদ্য, বাসস্থান, চিকিৎসা, সেৱা ইত্যাদিৰ প্ৰতি কৰা চাহিদা ।
(২) ব্যক্তিগত বিনিয়োগ চাহিদাঃ যন্ত্ৰপাতি গৃহ আদিৰ দৰে নতুন মূলধনী সম্পতিৰ সৃষ্টি আৰু কেঁচামালৰ ওপৰত ব্যক্তিগত উদ্যোগীসকলৰ পৰিকল্পিত ব্যয়কে ব্যক্তিগত বিনিয়োগ চাহিদা বোলে ।
(৩) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদাঃ দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা বুলিলে সমাজৰ সাধাৰন অভাৱ পূৰণ কৰিবৰ কাৰণে উপভোগ্য আৰু মুলধনী দ্ৰব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়কে বুজোৱা হয় । এই চৰকাৰে স্কুল, পৰিবহন, হাস্পাতাল, ৰাস্টাঘাট, শক্তি ইত্যাদিত কৰিবলৈ বিচৰা সৰচকে বুজায় ।
৪. নিগুট ৰপ্তানি চাহিদা (X-M): নিগুট ৰপ্তানি চাহিদা বুলিলে এশনদেশে বিদেশী দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ অতিৰিক্ত খিনিকে বুজায় । সংকেতত,
নিগুট ৰপ্তানী চাহিদা = ৰপ্তানী(X) – আমদানী(M)
২১. সামগ্ৰিক যোগান কি ? ইয়াৰ উপাদান সমুহ কি কি ?4
উত্তৰঃ এক বিশেষ সময় কালত অৰ্তনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্ৰিক মূল্য বা মানেই হ’ল সামগ্নিক যোগান । ইয়াক অৰ্থনীতি এখনৰ মুঠ উপাদানত হোৱা মুঠ ব্যয় বুলিও ক’ব পাৰো । ই হ’ল দৰা চলতে জাতীয় আয় বা উপাদান মূলতে নিগুট জাতীয় উপাদান ।
সামগ্ৰিক যোগানৰ দুটা ঘাই উপাদান হ’লঃ
(১) উপভোগ ব্যয় (C)
(২) সঞ্চয় (S)
আয়ৰ এক বৃহৎ অংশ দ্ৰব্য আৰু সেৱাৰ উপভোগত ব্যয় কৰা হয় আৰু বাকী থকা অংশ সঞ্চয় কৰা হয় । সামগ্ৰিক যোগানক তলত দিয়াৰ দৰে প্ৰকাশ কৰা হ’য়ঃ
as=c+s
অৰ্থাৎ সামগ্ৰিক যোগান = উপভোগ + সঞ্চয় ।
২২. বিনিয়োগ গুনক কি ? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰঃ বিনিয়োগ গুনকৰ দ্বাৰা বিনিয়োগ কাৰ্য বৃদ্ধি আৰু জাতীয় আয়ৰ চুড়ান্ত পৰিৱৰ্তনৰ মাজৰ সমন্ধ প্ৰকাশ কৰা হয় । এক নিৰ্দিষ্ট পৰিমানৰ বিনিয়োগ বাঢ়িলে তাৰ ফলত যি হাৰত জাতীয় আয় বৃদ্ধি হয় তাকে গুনক বোলা হয় । অৰ্থাৎ যি অনুপাতত বিনিয়োগ বাঢ়ে জাতীয় আয় তাতকৈ বেছি অনুপাতত বাঢ়ে ।
বিনিয়োগ গুনক তলত দিয়া চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পাৰি ।





উত্তৰঃ





যিহেতুকে প্ৰত্যাশিত সামগ্ৰিক চাহিদাৰ মান 3250 কোটি টকা আয় স্তৰতকৈ উৎপাদন্য কম গতিকে অতিৰিক্ত যোগানৰ সৃষ্টি হব । গতিকে Y=4000 অৰ্থনীতিখনৰ বাবে ভাৰসাম্য উৎপাদন নহয় ।
৩৪. প্ৰত্যাশিত বিনিয়োগ আৰু শেহান্ত বিনিয়োগৰ মাজৰ পাৰ্থক্য কি ?
উত্তৰঃ (১) প্ৰত্যাশিক বিনিয়োগ হ’ল পৰিকল্পিত বিনিয়োগ । আনহাতে শেহান্ত বিনিয়োগ হ’ল আচল বা প্ৰকৃত বিনিয়োগ ।
(২) এখন অৰ্থনীতিত আয়ৰ বিভিন্ন স্তৰত মানুহে যি পৰিমানৰ বিনিয়োগ আশা কৰে সেয়াই হৈছে প্ৰত্যাশিত বিনিয়োগ । আনহাতে বছৰটোত মানুহবোৰে প্ৰকৃততে যিমান বিনিয়োগ কৰে সেৱা হ’ল শেহান্ত বিনিয়োগ ।
৩৫. সক্ৰিয় চাহিদা কি ? চূড়ান্ত দ্ৰব্যৰ দৰ আৰু সুদৰ হাৰ প্ৰদত্ত অৱস্থাত তুমি কেনেকৈ স্বতন্ত্ৰ ব্যয় গুনক নিৰ্ণয় কৰিবা ?
উত্তৰঃ অৰ্থনীতিখনত সুদৰ হাৰ আৰু চুড়ান্ত সামগ্ৰীৰ দাম একে থকা অৱস্থাত সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানৰ সমান হলে তাক সক্ৰিয় চাহিদা বোলে ।
স্বতন্ত্ৰ ব্যয় গুনক হল সামগ্ৰিক উৎপাদন বা আয়ৰ পৰিবৰ্তনৰ সৈতে স্বতন্ত্ৰ ব্যয়ৰ পৰিবৰ্তনৰ অনুপাত ।

স্বতন্ত্ৰ ব্যয়ৰ হ্ৰাম বৃদ্ধিয়ে চূড়ান্ত সামগ্ৰীৰ সামগ্ৰিক উৎপাদন যথেষ্ট পৰিমানে গুনক প্ৰক্ৰিয়াৰে হ্ৰাস বৃদ্ধি কৰিব ।
৩৬. মিতব্যয়িতাৰ সাথঁৰ বুলিলে কি বুজা ?
উত্তৰঃ যদি অৰ্থনীতিখনত সকলো ব্যক্তিয়েই তেওঁ লোকৰ আয়ৰ সঞ্চয়ৰ অংশটো বৃদ্ধি কৰে (অৰ্থাৎ যদি অৰ্থনীতিৰ MPS ৰ পৰিমান বাঢ়ে) তেতিয়া কিন্তু অৰ্থনীতিখনৰ মুঠ সঞ্চয়ৰ পৰিমান বৃদ্ধি নাপায় । ইয়াৰ পৰিৱতে হয় ই হ্ৰাস পায় বা স্থিৰে থাকে । ইয়াকে মিতব্যয়িতাৰ সাথঁৰ বোলে ।