🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 5 | অধ্যায় ৫ (গোট ৩) লাচিত বৰফুকন | MCQs Short Question Answer |

Chapter 5

লাচিত বৰফুকন

1.লাচিত ফুকন কবিতাটিৰ লেখক কোন?

ক) কালিৰাম মেধী

খ) সত্যনাথ বৰা

গ) দেৱকান্ত বৰুৱা

উত্তৰঃ গ) দেৱকান্ত বৰুৱা

2. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতাপুথিখনৰ নাম লিখা?

ক) সাৰথি

খ) কদমকলি

গ) সাগৰ দেখিছা

উত্তৰঃ গ) সাগৰ দেখিছা

3. আধুনিক অসমীয়া কবিতাৰ ‘দুৱাৰ মুকলি কৰোঁতা’ বুলি কাক কোৱা হয়?

ক) দেৱকান্ত বৰুৱা

খ) পদ্মনাথ গোহাঞি বৰুৱা

গ) হোমেন বৰগোহাঞি

উত্তৰঃ ক) দেৱকান্ত বৰুৱা

4. অসমীয়া কাব্য জগতত ‘দোমোজাৰ কবি’ বুলি কাক কোৱা হয়?

ক) ৰঘুনাথ চৌধুৰী

খ) যতীন্দ্ৰ নাথ দুৱৰা

গ) দেৱকান্ত বৰুৱা

উত্তৰঃ গ) দেৱকান্ত বৰুৱা

5. ‘মক্ফাইট’ শব্দৰ অৰ্থ কি?

ক) বিয়পি পৰা

খ) অস্থিৰ দিপ্তী

গ) ব্যংগ যুঁজ

উত্তৰঃ গ) ব্যংগ যুঁজ

6. ‘লাচিত ফুকন’ কবিতাটো কি কবিতা?

ক) ধৰ্মমূলক কবিতা

খ) দেশপ্ৰেমমূলক কবিতা

গ) আধুনিক কবিতা

উত্তৰঃ খ) দেশপ্ৰেমমূলক কবিতা

7. ‘গ্লানি’ শব্দৰ অৰ্থ কি?

ক) আবকাৰী

খ) স্থিতি

গ) অপযশ

উত্তৰঃ গ) অপযশ

8. দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়?

ক) ৰবাৰ্ট ব্ৰাউনিঙ

খ) পিয়েৰ অবে’লাৰ

গ) টমাছ আকুৱাইনছ

উত্তৰঃ ক) ৰবাৰ্ট ব্ৰাউনিঙ

9. জয়শ্ৰী মানে কি?

ক) বিয়পি পৰা

খ) বিজয়ী হোৱা

গ) ছানি ধৰা

উত্তৰঃ খ) বিজয়ী হোৱা

10. দেৱকান্ত বৰুৱা কেতিয়া জন্মগ্ৰহ কৰে?

ক) ১৯১৮ চনত

খ) ১৯১৪ চনত

গ) ১৯৯৬ চনত

উত্তৰঃ খ) ১৯১৪ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop