🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Logic & Philosophy Book তৰ্কবিজ্ঞান প্ৰথম খণ্ড অধ্য়ায় ১ | Unit 1 | Chapter 1 | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

তৰ্কবিজ্ঞান

১। মানুহ কি জীৱ ?

উত্তৰঃ মানুহ বুদ্ধিবৃত্তিসম্পন্ন জীৱ।

২। মানুহৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য় কি ?

উত্তৰঃ সত্য়েপলদ্ধিয়েই হ’ল মানুহৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য়।

৩। তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Logic’ ।

৪। চিন্তা বুলিলে সাধাৰণতে কি বুজায় ?

উত্তৰঃ চিন্তা বুলিলে সাধাৰণতে প্ৰত্য়ক্ষ (Perception, স্মৃতি (Memory) , কল্পনা (Imagination), সামান্য় ধাৰণা বা অনুমান (General Idea or Concept), যুক্তি পদ্ধতি (Reasoning) আদি সকলোকে বুজায়।

৫। তৰ্কবিজ্ঞানক সাধাৰণতে কি বুলি কোৱা হয় ?

উত্তৰঃ তৰ্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি কোৱা হয়।

৬। বিজ্ঞান কাক বোলে ?

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বোলে।

৭। বস্তুগত সত্য়তা কাক বোলে ?

উত্তৰঃ বাস্তৱ জগতৰ বস্তু লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য় বা অনুৰূপতাৰ জৰিয়তে যি সত্য়তাত উপনীত হোৱা যায়, তাক বস্তুগত সত্য়তা বোলে।

৮। পাশ্চাত্য় তৰ্কবিজ্ঞানত আকাৰগত সত্য়তা আৰু বস্তুগত সত্য়তাৰ ভিত্তিত তৰ্কবিজ্ঞানক কেই ভাগত ভাগ কৰা হয় ?

উত্তৰঃ দুই ভাগত ভাগ কৰা হৈছে – (ক) আকাৰনিষ্ঠ তৰ্কবিজ্ঞান (Formal Logic) , আৰু বস্তুনিষ্ঠ তৰ্কবিজ্ঞান (Material Logic) আদি।

৯। কোনো অনুমান বা যুক্তি বস্তুগতভাৱে সত্য় হ’লে কি ভাৱে সত্য় হয় ?

উত্তৰঃ কোনো অনুমান বা যুক্তি বস্তুগতভাৱে সত্য় হ’লে আকাৰগতভাৱে সত্য় হয়।

১০। কলা কাক বোলে ?

উত্তৰঃ যি বিদ্য়াই কোনো নিৰ্দিষ্ট উদ্দেশ্য় সাধনাৰ বাবে জ্ঞানক ব্য়ৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে।

১১। কি সংজ্ঞাক তৰ্কবিজ্ঞানৰ যথাৰ্থ সংজ্ঞা বুলি নিৰূপণ কৰিব নোৱাৰি ?

উত্তৰঃ তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় কলাবিদ্য়া সংজ্ঞাকটোক তৰ্কবিজ্ঞানৰ যথাৰ্থ সংজ্ঞা বুলি নিৰূপণ কৰা হয়।

১২। তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি ক’লে কি বুজায় ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি ক’লে তৰ্কবিজ্ঞানৰ আলোচ্য় বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়।

১৩। কিহৰ যোগেদি মানুহে স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্ৰিয় কৰিব পাৰে ?

উত্তৰঃ মানসিক ব্য়ায়ামস্বৰূপ তৰ্কবিজ্ঞানৰ অধ্য়য়নৰ যোগেদি মানুহে স্বাভানিক চিন্তাশক্তি উন্নত আৰু সক্ৰিয় কৰিব পাৰে।

১৪। কিমান শতিকালৈকে এৰিষ্ট’টলীয় তৰ্কবিজ্ঞানে পাশ্চাত্য় জগতৰ চিন্তাত আধিপত্য় বিস্তাৰ কৰিছিল ?

উত্তৰঃ ঊনৈশ শতিকাৰ মধ্য়ভাগলৈকে এৰিষ্ট’টলীয় তৰ্কবিজ্ঞানে পাশ্চাত্য় জগতৰ চিন্তাত আধিপত্য় বিস্তাৰ কৰিছিল।

১৫। এৰিষ্ট’টলে কেতিয়া পৰম্পৰাগত তৰ্কবিজ্ঞান প্ৰণয়ন কৰিছিল ?

উত্তৰঃ এৰিষ্ট’টলে দুহাজাৰ বছৰো অধিক আগতেই পৰম্পৰাগত তৰ্কবিজ্ঞান প্ৰণয়ন কৰিছিল।

১৬। তৰ্কবিজ্ঞান কিহৰ লগত জড়িত ?

উত্তৰঃ তৰ্কবিজ্ঞান পৰোক্ষ  জ্ঞানৰ লগত জড়িত।

১৭। তৰ্কবিজ্ঞানৰ কোনো উপযোগীতা নাই বুলি কিছুমানে মন্তব্য় কৰে। তেওঁলোকৰ মতে তৰ্কবিজ্ঞান কি ?

উত্তৰঃ তেওঁৰলোকৰ মতে, তৰ্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলা নিশিকায়।

১৮। আধুনিক তৰ্কবিজ্ঞানক কি বুলি জনা যায় ?

উত্তৰঃ আধুনিক তৰ্কবিজ্ঞানক প্ৰতীকাত্মক ৰূপেও জনা যায়।

১৯। আধুনিক তৰ্কবিজ্ঞান কিহৰ লগত জড়িত ?

উত্তৰঃ আধুনিক তৰ্কবিজ্ঞানৰ বিকাশ গণিতৰ লগত জড়িত।

২০। পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজত পাৰ্থক্য় কি ?

উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজত পাৰ্থক্য় কেৱল মাত্ৰাগত বা পৰিমানগত।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop