Chapter 12
পৰমাণু
অনুশীলনী
12.1 তলৰ প্ৰতিটো উক্তিৰ শেষত দিয়া ইংগিতৰ আলমত শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ—
(ক)ৰাডাৰফ’ৰ্ডৰ আৰ্হিত পৰমাণুৰ আকাৰ যিমান থমছনৰ আৰ্হিত— (তাতকৈ বহু ডাঙৰ/তাৰ সমান/তাতকৈ বহু সৰু)।
(খ)ভূমিস্তৰত— আৰ্হিত ইলেকট্ৰনবোৰ সুস্থিৰ সাম্য অৱস্থাত থাকে, আনহাতে— আৰ্হিত ইলেকট্ৰনবোৰে সদায় এটা লব্ধ বল অনুভৱ কৰে । (থমছনৰ/ৰাডাৰফ’ৰ্ডৰ)।
(গ)— আৰ্হি অনুসাৰে ধ্ৰুপদী পৰমাণু এটা ধ্বংস হোৱাটো অৱশ্যম্ভাৱী । (থমছনৰ/ৰাডাৰফ’ৰ্ডৰ)।
(ঘ)— আৰ্হি অনুযায়ী পৰমাণুৰ ভৰ প্ৰায় সুষমভাৱে বিস্তৃত; আনহাতে— আৰ্হি অনুযায়ী ই অতিশয় অসুষমভাৱে বিস্তৃত । (থমছনৰ/ৰাডাৰফ’ৰ্ডৰ)।
(ঙ)— আৰ্হিমতে পৰমাণুৰ প্ৰায়খিনি ভৰ ধনাট্মক আধানযুক্ত অংশটোতে থাকে । (ৰাডাৰফ’ৰ্ডৰ/উভয় আৰ্হি)।
12.2 ধৰা হওঁক, সোণৰ পাতল পাত এটাৰ পৰিৱৰ্তে গোটা হাইড্ৰ’জেনৰ পাত এটা ব্যৱহাৰ কৰি আলফা কণিকাৰ বিচ্ছুৰণৰ পৰীক্ষাটো তোমাক নতুমকৈ কৰি চোৱাৰ সুযোগ দিয়া হ’ল । (14 K উষ্ণতাৰ তলত হাইড্ৰ’জেন গোটা অৱস্থাত থাকে) তাকে কৰিলে কি ফলাফল আশা কৰিব পাৰি ?
12.3 হাইড্ৰ’জেন বৰ্ণালীৰ পাশ্চেন শ্ৰেণীত নিম্নতম কি তৰংগদৈৰ্ঘ্য পোৱা যায় ?
12.4 এটা পৰমাণুৰ দুটা শক্তিস্তৰৰ মাজত শক্তিৰ পাৰ্থক্য 2.3 e V । উচ্চ স্তৰটোৰ পৰা নিম্ন স্তৰটোলৈ পৰমাণুটোৰ সংক্ৰমণ ঘটিলে যি বিকিৰণ নিৰ্গত হ’ব তাৰ কম্পনাংক কিমান !
12.5 হাইড্ৰ’জেন পৰমাণুৰ ভূমিস্তৰৰ শক্তিৰ পৰিমাণ- 13.6e V. । স্তৰটোত ইলেকট্ৰনটোৰ গতি শক্তি আৰু স্থিতি শক্তিৰ পৰিমাণ কিমান ?
12.6 প্ৰথমতে ভূমিস্তৰত থকা হাইড্ৰ’জেন পৰমাণু এটাই এটা ফ’টন শোষণ কৰি n= 4 স্তৰলৈ উত্তেজিত হ’ল । ফ’টনটোৰ তৰংগদৈৰ্ঘ্য আৰু কংম্পনাংক নিৰূপণ কৰা ।
12.7 (ক)ব’ৰৰ আৰ্হি প্ৰয়োগ কৰি হাইড্ৰ’জেন পৰমাণুৰ n= 1, 2, আৰু 3 স্তৰত ইলেকট্ৰন দ্ৰুতি নিৰ্ণয় কৰা । (খ) এই স্তৰসমূহৰ প্ৰতিটোৰে কক্ষীয় পৰ্য্যায়কাল হিচাপ কৰি উলিওৱা ।

12.9 কোঠালিৰ উষ্ণতাৰ তকা গেছীয় হাইড্ৰ’জেনক 12.5 eV শক্তিৰ ইলেকট্ৰন ৰশ্মি এটাৰে আঘাত কৰা হ’ল । ফলত তাৰ পৰা কোন শ্ৰেণীৰ তৰংগদৈৰ্ঘ্য নিৰ্গত হ’ব ?

অতিৰিক্ত প্ৰশ্নাৱলী
12.11 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া— এই প্ৰশ্ন সমূহে থমছনৰ আৰ্হি আৰু ৰাডাৰফ’ৰ্ডৰ আৰ্হিৰ মাজৰ পাৰ্থক্য অধিক স্পষ্টকৈ বুজাত সহায় কৰিবঃ—







(ক)সেই শক্তিস্তৰত ইলেকট্ৰনটোৰ গতিশক্তি কিমান ?
(খ)সেই শক্তিস্তৰত ইলেকট্ৰনটোৰ স্থিতিশক্তি কিমান ?
(গ)সেই স্থিতি শক্তিৰ শূন্য অৱস্থান সলনি কৰা হয় তেন্তে ওপৰৰ কোনটো উতেতৰ সলনি হ’ব ?

12.17 যি পৰমাণুত এটা প্ৰ’টনৰ চাৰিওফালে ঋণাত্মকভাৱে আহিত আৰু ইলেকট্ৰনৰ ভৰৰ 2 0 7 গুণ ভৰবিশিষ্ট মিউৱন (µ) কণিকা এটা ঘূৰি থাকে তাক মিউৱনীয় হাইড্ৰ’জেন পৰমাণু নাম দিয়া হৈছে । মিউৱনীয় হাইড্ৰ’জেন পৰমাণু এটাৰ প্ৰথম ব’ৰ ব্যাসাৰ্ধ আৰু ভূমিস্তৰ শক্তি নিৰ্ণয় কৰা ।