Class 11 Logic & Philosophy Book পদ দ্বিতীয় খণ্ড অধ্য়ায় ১ | Unit 2 Chapter- 1| Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

পদ

১। পদ কাক বোলে ?

উত্তৰঃ যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য় নাইবা বিধেয় ৰূপে ব্য়ৱহৃত হয় তাকে পদ বোলে।

২। তৰ্কবিজ্ঞানক সাধাৰণতে কি বুলি অভিহিত কৰা হয় ?

উত্তৰঃ তৰ্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়।

৩। বচন কাক বোলে ?

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তিয়েই হৈছে বচন।

৪। কোনো এটা বচন বিশ্লেষণ কৰিলে তিনিটা অংশ পোৱা যায়। এই তিনিটা অংশ কি কি ?

উত্তৰঃ তিনিটা অংশ হ’ল — উদ্দেশ্য়, সংযোজক আৰু বিধেয়।

৫।  ‘গোলাপ ফুল ৰঙা হয় ‘ এই বচনটোত কোনটো কি অংশ লিখাঁ।

উত্তৰঃ ‘গোলাপ ফুল ৰঙা হয় ‘ এই বচনটোত ‘গোলাপ ফুল’ হৈছে উদ্দেশ্য়, ‘হয়’ সংযোজক

আৰু ‘ ৰঙা ‘ বিধেয়।

৬। শব্দ কাক বোলে ?

উত্তৰঃ অৰ্থযুক্ত বৰ্ণ বা বৰ্ণ সমষ্টিক শব্দ বোলে ।

৭। পদ এটা কিহেৰে গঠিত হয় ?

উত্তৰঃ পদ এটা শব্দৰ দ্বাৰাও গঠিত হ’ব পাৰে নাইবা এটাতকৈ অধিক শব্দৰ দ্বাৰাও গঠিত হ’ব পাৰে।

৮। পদৰ অৰ্থ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ পদৰ অৰ্থ দুই প্ৰকাৰৰ পৰিমাণগত আৰু গুণগত।

৯। পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থ কাক বোলে ?

উত্তৰঃ কোনো এটা পদে যি বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰে সেয়ে পদটোৰ বাচ্য়াৰ্থ। সেই বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিত গুণ বা গুণীৱলীক নিৰ্দেশ কৰে সেয়ে পদটোৰ লক্ষণাৰ্থ।

১০। পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থয়ে কাক কাক নিৰ্দেশ কৰে ?

উত্তৰঃ পদৰ বাচ্য়াৰ্থই বস্তুক নিৰ্দেশ কৰে আৰু লক্ষণাৰ্থই গুণক নিৰ্দেশ কৰে।

১১। পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ কি ?

উত্তৰঃ পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থ একেটা পদৰেই দুটা দিশ। গতিকে দুয়োৰে মাজত সম্বন্ধ অতি ঘনিষ্ঠ। এই সম্বন্ধক তৰ্কবিদসকলে বিপৰীতমুখী বুলি উল্লেখ কৰে।

১২। গণিতৰ শাস্ত্ৰ মতে পৰিৱৰ্তন কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ গণিতৰ শাস্ত্ৰ মতে পৰিৱৰ্তন দুই প্ৰকাৰৰ যেনে — (1) একেমুখী পৰিৱৰ্তন (Direct Variation) আৰু (2) বিপৰীতমুখী পৰিৱৰ্তন (Inverse Variation)।

১৩। একেমুখী পৰিৱৰ্তন কাক বোলে ?

উত্তৰঃ কোনো কাৰণবশতঃ যদি দুটা বস্তু একে দিশত পৰিৱৰ্তিত হয়, তেনেহ’লে বস্তু দুটাৰ মাজৰ সম্বন্ধক একেমুখী পৰিৱৰ্তন বোলে।

১৪। বিপৰীতমুখী পৰিৱৰ্তন কাক বোলে ?

উত্তৰঃ যদি বস্তু দুটা পৰস্পৰ বিপৰীত দিশত পৰিৱৰ্তিত হয়, তেনেহ’লে বস্তু দুটাৰ মাজৰ সম্বন্ধক বিপৰীতমুখী পৰিৱৰ্তন বোলে।

১৫। পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থৰ মাজৰ বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধক তৰ্কশাস্ত্ৰবিদসকলে চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিছে । সেই নিয়ম কেইটা কি?

উত্তৰঃ নিয়ম কেইটা হ’ল — 

১। পদৰ বাচ্য়াৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে।

২। পদৰ বাচ্য়াৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়ে।

৩। পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্য়াৰ্থ কমে।

৪। পদৰ লক্ষণাৰ্থ কমিলে বাচ্য়াৰ্থ বাঢ়ে।

১৬। বিশিষ্ট পদ  কাক বোলে ?

উত্তৰঃ যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে।

১৭। সামান্য় পদ কাক বোলে ?

উত্তৰঃ যি পদে একে অৰ্থ কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্য়ক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে, তাক সামান্য় পদ বোলে।

১৮। নিৰপেক্ষ পদ কাক বোলে ?

উত্তৰঃ যি পদৰ অৰ্থ বুজিবলৈ হ’লে আন পদৰ সহায় ল’বলগীয়া নহয় তাক নিৰপেক্ষ পদ বোলে।

১৯। অলক্ষণাৰ্থক পদ কাক বোলে ?

উত্তৰঃ যি পদে অকল বস্তুকহে নিৰ্দেশ কৰে নাইবা অকন গুণ বা লক্ষণহে বুজায়; কিন্তু বস্তু আৰু গুণ উভয়কে নুবুজায়, তাক অলক্ষণাৰ্থক পদ বোলে।

২০। মিলে উল্লেখ কৰা এই চাৰি প্ৰকাৰৰ লক্ষণাৰ্থক পদক আন আন তৰ্কবিজ্ঞানীসকলে মাথোন দুই প্ৰকাৰতে সামৰি লয়। সেই লক্ষণাৰ্থক কেইটা কি কি?

উত্তৰঃ লক্ষণাৰ্থক কেইটা হ’ল — 

(1) সকলো সামান্য় পদ।

(2) অৰ্থযুক্ত বিশিষ্ট পদ।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping