🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Logic & Philosophy Book Unit 3 Chapter 2 Short Answer | HS 1st Year Logic & Philosophy Book নিৰপেক্ষ ন্য়ায় Chapter 2 Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 2

নিৰপেক্ষ ন্যায়

১। ন্য়ায় কাক বোলে ?

উত্তৰঃ যি মাধ্য়ম নিগমন অনুমানত সিদ্ধান্ত পৰস্পৰ সম্বন্ধযুক্ত দুটা আশ্ৰয়বাক্য়ৰ সংযুক্ত ফলস্বৰূপে অনুবাৰ্যভাৱে নিঃসৃত হয় তাক ন্য়ায় বোলে।

২। ন্য়ায়ৰ বৈশিষ্ট্য় এটা লিখা।

উত্তৰঃ ন্য়ায় একপ্ৰকাৰৰ নিগমন। নিগমন অনুমানৰ বৈশিষ্ট্য় হৈছে যে সিদ্ধান্ত আশ্ৰয়বাক্য়তকৈ কেতিয়াও বেছি ব্য়াপক হ’ব নোৱাৰে। সিদ্ধান্ত আশ্ৰয়বাক্য়ৰ সমান ব্য়াপক হ’ব পাৰে কিন্তু অধিক ব্য়াপক হ’ব নোৱাৰে।

৩। ন্য়ায়ক কেই ভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ ন্য়ায়ক দুই ভাগত ভগোৱা হৈছে যেনে- ১। অমিশ্ৰ ন্য়ায় আৰু ২। মিশ্ৰ ন্য়ায়।

৪। অমিশ্ৰ নিৰপেক্ষ ন্য়ায় বুলিলে কি বুজা ?

উত্তৰঃ যি ন্য়ায় অনুমানত তিনিটা বচনেই নিৰপেক্ষ বচন তাক অমিশ্ৰ নিৰপেক্ষ ন্য়ায় বুলি কোৱা হয়।

৫। হেতুপদ মানে কি ?

উত্তৰঃ হেতুপদ মানে হ’ল যি পদ ন্য়ায়ৰ দুয়োটা আশ্ৰয়বাক্য়তে উপস্থিত থাকে, কিন্তু সিদ্ধান্তত উপস্থিত নাথাকে তাকে হেতুপদ বোলে।

৬। পক্ষপদটো যদি দুয়োটা আশ্ৰয়বাক্য়ত বেলেগ বেলেগ অৰ্থত ব্য়ৱহাৰ হয় তেতিয়া তাক কি বুলি কোৱা হয় ?

উত্তৰঃ পক্ষপদটো যদি দুয়োটা আশ্ৰয়বাক্য়ত বেলেগ বেলেগ অৰ্থত ব্য়ৱহাৰ হয় তেতিয়া তাক অনোকাৰ্থক পক্ষপদ দোষৰ বুলি কোৱা হয়।

৭। অবৈধ সাধ্য়পদ দোষ কেতিয়া সৃষ্টি হয় ?

উত্তৰঃ যদিহে সাধ্য়পদটো আশ্ৰয়বাক্য়ত ব্য়াপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্য়াপ্ত হয় তেতিয়া অবৈধ সাধ্য়পদ দোষৰ সৃষ্টি হয়।

৮। অবৈধ পক্ষপদ দোষ কেতিয়া সৃষ্টি হয় ?

উত্তৰঃ যদিহে পক্ষপদটো আশ্ৰয়বাক্য়ত ব্য়াপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্য়াপ্ত হয় তেন্তে অবৈধ পক্ষপদ দোষৰ সৃষ্টি হয়।

৯। অবৈধ পক্ষপদ দোষৰ পঞ্চম নিয়ম কি ?

উত্তৰঃ অবৈধ পক্ষপদ দোষৰ পঞ্চম নিয়ম হ’ল ঃ- দুয়োটা আশ্ৰয়বাক্য়ই নঞৰ্থক হ’লে তাৰ পৰা কোনো সিদ্ধান্তই পাব নোৱাৰি।

১০। চতুৰ্থ আকাৰটো কি ?

উত্তৰঃ O আৰু O (O – O) ইয়াত দুয়োটা আশ্ৰয়বাক্য়ই নঞৰ্থক। গতিকে কোনো সিদ্ধান্ত পাব নোৱাৰি।

        গতিকে দেখা গ’ল দুয়োটা আশ্ৰয়বাক্য় বিশেষ বচন হ’লে তাৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।

১১। ন্য়ায়ৰ সংস্থান বুলিলে কি বুজা ?

উত্তৰঃ আশ্ৰয়বাক্য় দুটাত হেতুপদৰ অৱস্থান অনুযায়ী নিৰ্ণয় হোৱা ন্য়ায়ৰ বিভিন্ন প্ৰকাৰৰ আকাৰক ন্য়ায়ৰ সংস্থান বুলি কোৱা হয়।

১২। ন্য়ায়ৰ প্ৰথম সংস্থান কি ?

উত্তৰঃ যি ন্য়ায়ত হেতুপদটো সাধ্য় আশ্ৰয়বাক্য়ত উদ্দেশ্য়পদ আৰু পক্ষ আশ্ৰয়বাক্য়ত বিধেয়পদ হিচাপে ব্য়ৱহাৰ হয় তাক ন্য়ায়ৰ প্ৰথম সংস্থান বোলে।

১৩। ন্য়ায়ৰ মূৰ্তি কাক বোলে ?

উত্তৰঃ ন্য়ায়ৰ সন্নিৱিষ্ট আশ্ৰয়বাক্য় দুটাৰ গুণ আৰু পৰিমাণ অনুযায়ী ন্য়ায়ৰ যি বিভিন্ন প্ৰকাৰৰ আকাৰ বা ৰূপ পোৱা যায় তাকেই ন্য়ায়ৰ বিন্য়াস বা মূৰ্তি বোলে।

১৪। ন্য়ায়ৰ ‘মূৰ্তি’ শব্দটো কেইটা অৰ্থত ব্য়ৱহাৰ কৰা হয় ?

উত্তৰঃ ন্য়ায়ৰ ‘মূতি’ শব্দটো তিনিটা অৰ্থত ব্য়ৱহাৰ কৰা হয় ।

১৫। প্ৰথম সংস্থানৰ বিশেষ নিয়ম কি ?

উত্তৰঃ প্ৰথম সংস্থানৰ বৈধ মূৰ্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে এই চাৰিটাৰেই সাধ্য় আশ্ৰয়বাক্য়টো A বা E অৰ্থাৎ সামান্য় বচন আৰু পক্ষ আশ্ৰয়বাক্য়টো A বা I অৰ্থাৎ সদৰ্থক বচন ।

১৬। তৃতীয় সংস্থাপনৰ বিশেষ নিয়ম কি লিখা।

উত্তৰঃ তৃতীয় সংস্থানৰ এই বৈধ মূৰ্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে এই ছয়টাৰেই পক্ষ আশ্ৰয়বাক্য়টো সদৰ্থক বচন আৰু সিদ্ধান্তটো বিশেষ বচন।

১৭। ‘সকলো মানুহ হয় মৰণশীল’ এই বাক্য়টোক A ৰ পৰা I বচনলৈ নিয়া। বৈধ নে অবৈধ কাৰণ লিখা।

উত্তৰঃ A — সকলো মানু হয় মৰণশীল

            I — কিছুমান মৰণশীল প্ৰাণী হয় চতুষ্পদী

এতেকে I— কিছুমান চতুষ্পদী প্ৰাণী হয় মানুহ।

           A — সকলো P হয় M

          I — কিছমান M হয় S

এতেকে I — কিছুমান S হয় P

        এই ন্য়ায়টো অবৈধ। কাৰণ ইয়াত হেতুপদ দুয়োটা আশ্ৰয়বাক্য়ত এবাৰো ব্য়াপ্ত হোৱা নাই। গতিকে ইয়াত ‘অব্য়াপ্ত হেতুপদ দোষ’ ঘটিছে আৰু ই অবৈধ।

১৮। ন্য়ায় অনুমানৰ আকাৰগত সত্য়তা নিৰ্ণয়ৰ বাবে ন্য়ায়ৰ কেইটা নিয়ম আছে ?

উত্তৰঃ ন্য়ায় অনুমানৰ আকাৰগত সত্য়তা নিৰ্ণয়ৰ বাবে ন্য়ায়ৰ ১০ টা নিয়ম আছে।

১৯। ন্য়ায় অনুমানটো কেতিয়া অবৈধ বুলি কোৱা হয় ?

উত্তৰঃ ন্য়ায় অনুমানৰ সিদ্ধান্ত প্ৰতিষ্ঠা কৰোতে সেই ১০ টা নিয়মৰ কোনো এটা নিয়ম ভংগ হ’লেই ন্য়ায় অনুমানটো অবৈধ হয়।

২০। ন্য়ায়ৰ নিয়ম মতে এটা ন্য়ায়ত কেইটাকৈ পদ থাকিব লাগে ?

উত্তৰঃ ন্য়ায়ৰ নিয়ম মতে এটা ন্য়ায়ত তিনিটাকৈ পদ থাকিব লাগে। তিনিটাতকৈ বেছি পদ থাকিব নোৱাৰিব।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop