Class 11 Logic & Philosophy Book Unit 4 Chapter- 1 Short Answer | HS 1st Year Logic & Philosophy Book প্ৰতীকাত্মক তৰ্কবিজ্ঞান Unit 4 Chapter- 1 Short Question Answer | চমু প্ৰশ্ন উত্তৰ ||

Chapter 1

প্ৰতীকাত্মক তৰ্কবিজ্ঞান

১। প্ৰতীকাত্মক তৰ্কবিজ্ঞান কাক বোলে ?

উত্তৰঃ আজিৰ পৰা প্ৰায় দুই হাজাৰ বছৰৰ আগতে গ্ৰীক দাৰ্শনিক আৰু তৰ্কবিদ এৰিষ্ট’টলে প্ৰণয়ন কৰা পৰম্পৰাগত তৰ্কবিজ্ঞানৰ নিগমাত্মক ধাৰাটোত আধুনিক গণিত শাস্ত্ৰৰ পদ্ধতি আৰু নীতি অনুসৰি প্ৰতীকৰ অধিক ব্য়ৱহাৰ কৰাৰ ফলত তৰ্কবিজ্ঞানৰ যি পৰিৱৰ্ধিত ৰূপ পোৱা যায় তাকেই প্ৰতীকাত্মক তৰ্কবিজ্ঞান বোলে।

২। প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ক্ষেত্ৰখনত বাস্তৱিকতে গণিতজ্ঞসকলৰ বৰঙণিৰ দ্বাৰাই সমৃদ্ধি। সেয়েহে ইয়াক কি বুলি কোৱা হয় ?

উত্তৰঃ সেয়েহে প্ৰতীকাত্মক তৰ্কবিজ্ঞানক ‘গাণিতিক তৰ্কবিজ্ঞান’ বুলি কোৱা হয়।

৩। চি আই লুইছ নামৰ এজন প্ৰখ্য়াত তৰ্কবিজ্ঞানীয়ে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ তিনিটা বৈশিষ্ট্য় উল্লেখ কৰিছে। সেইকেইটা কি কি ?

উত্তৰঃ সেইকেইটা হ’ল- (1) ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ, (2) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ, (3) পৰিবৰ্ত্য় বা চল প্ৰতীকৰ প্ৰয়োগ আদি।

৪। ‘+’ ‘-‘ ‘=’ ‘?’ এই প্ৰতীকসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ ধাৰণাজ্ঞাপক চিহ্ন বুলি কোৱা হয়।

৫। নিগমনাত্মক যুক্তি বুলি কাক কোৱা হয় ?

উত্তৰঃ যিবোৰ যুক্তিৰ ক্ষেত্ৰত নিগমনাত্মক পদ্ধতি প্ৰয়োগ কৰা হয় সেইবোৰ যুক্তি ‘নিগমনাত্মক যুক্তি’ বুলি কোৱা হয়।

৬। প্ৰতীক বুলি কাক কোৱা হয় ?

উত্তৰঃ কোনো কথা নিৰ্দেশ কৰিবৰ বাবে বা বুজাবৰ বাবে উদ্দেশ্য়প্ৰণেদিতভাৱে যি লিখিত বা কথিত চিহ্ন ব্য়ৱহাৰ কৰা হয়, তাকেই সাধাৰণতে প্ৰতীক বুলি কোৱা হয়।

৭। প্ৰতীকৰ ব্য়ৱহাৰ জটিল আৰু বিবৃতি বা যুক্তিসমূহ কি কৰাত সহায় কৰে ?

উত্তৰঃ প্ৰতীকৰ ব্য়ৱহাৰ আৰু বিবৃতি বা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্ৰকাশ কৰাত সহায় কৰে।

৮। কাৰ জৰিয়তে মাধ্য়মত বচন আৰু যুক্তিসমূহক সুবিধাজনকভাৱে প্ৰকাশ কৰিব পাৰি ?

উত্তৰঃ প্ৰতীকাত্মক তৰ্কবিদসকলে ভাষাৰ সকলো ধৰণৰ ত্ৰুটি আৰু অসুবিধাৰ পৰা মুক্ত এটা কৃত্ৰিম প্ৰতীকধৰ্মী ভাষা উদ্ভাৱন কৰিছে, ইয়াৰ জৰিয়তে মাধ্য়মত বচন আৰু যুক্তিসমূহ সুবিধাজনকভাৱে প্ৰকাশ কৰিব পাৰি।

৯। অবিকাৰী প্ৰতীক আৰু পৰিবৰ্ত্য় কোনবোৰ ?

উত্তৰঃ প্ৰতীকাত্মক তৰ্কবিজ্ঞানত জটিল বিবৃতি এটাক নিৰ্দেশ কৰিবৰ বাবে দুই ধৰণৰ প্ৰতীক ব্য়ৱহাৰ কৰা হয়। সেইবোৰ হৈছে অবিকাৰী প্ৰতীক আৰু পৰিবৰ্ত্য়।

১০। অবিকাৰী প্ৰতীক হিচাপে সূচীত কৰা দুটা বাক্য় লিখা।

উত্তৰঃ (1) (নঞৰ্থক চিহ্ন, ‘এইটো মিছা যে’ বা ‘নহয়’ বুলি কোৱা হয়)।

(2) (সংযোজক চিহ্ন, ‘আৰু’ বুলি কোৱা হয়)।

১১। প্ৰত্য়েকটো তৰ্কীয় সংযোজকত কেইটা বচন সংযোগ কৰে ?

উত্তৰঃ প্ৰত্য়েকটো তৰ্কীয় সংযোজকত কেৱল দুটা বচনহে সংযোগ কৰে।

১২। চল বা পৰিবৰ্ত্য় কাক বোলা হয় ?

উত্তৰঃ নিৰ্দিষ্ট্য় সীমাৰ ভিতৰত যি প্ৰতীকে পৰিৱৰ্তনশীল মান গ্ৰহণ কৰিব পাৰে তাকেই চল বা পৰিবৰ্ত্য় বোলা হয়।

১৩। বচনাত্মক পৰিবৰ্ত্য় হিচাপে ইংৰাজীত কাক ব্য়ৱহাৰ কৰা হয় ?

উত্তৰঃ p, q, r, s, t আদি বৰ্ণমালাক বচনাত্মক পৰিবৰ্ত্য় হিচাপে ব্য়ৱহাৰ কৰা হয়।

১৪। বচনাত্মক পৰিবৰ্ত্য় হিচাপে অসমীয়াত কাক ব্য়ৱহাৰ কৰা হয় ?

উত্তৰঃ প, ফ, ব, ভ আদি বৰ্ণক বচনাত্মক পৰিবৰ্ত্য় হিচাপে ব্য়ৱহাৰ কৰা হয়।

১৫। a ৰ মান যদি 3 হয় আৰু b ৰ মান যদি 4 হয় তেতিয়া হ’লে ab = ? 

উত্তৰঃ a ৰ মান যদি 3 হয় আৰু b ৰ মান যদি 4 হয় তেতিয়া হ’লে ab = 12 হ’ব।

১৬। বচনাত্মক তৰ্কবিজ্ঞানত কেইটা মৌলিক সত্য়-ফলন আছে।

উত্তৰঃ বচনাত্মক তৰ্কবিজ্ঞানত পাচঁ (৫) টা মৌলিক সত্য়-ফলন আছে।

১৭। এইবোৰক কিয় মৌলিক সত্য়-ফলন বুলি কোৱা হয় ?

উত্তৰঃ কাৰণ মৌলিক সত্য়-ফলনৰ আধাৰতেই অন্য়ান্য় অধিক যৌগিক সত্য়-ফলনমূলক বিবৃতিসমূহ গঠন কৰা হয়। সেইবাবেই মৌলিক সত্য়-ফলন বুলি কোৱা হয়।

১৮। সত্য়-তালিকা কাক বোলে ?

উত্তৰঃ এটা সত্য়-ফলনমূলক বিবৃতি আৰু ইয়াৰ অন্তৰ্গত সৰল উক্তিসমূহৰ মাজত থকা সত্য়-মূল্য়ৰ পাৰস্পৰিক সম্বন্ধ তালিকাৰ দ্বাৰা সুবিধাজনকভাৱে প্ৰকাশ কৰিব পৰা যায়। এই তালিকাকেই সত্য়-তালিকা বোলা হয়।

১৯। বিকল্পাত্মক ফলন মানে কি বুজা ?

উত্তৰঃ দুটা সৰল উক্তিক অবিকাৰী প্ৰতীক ‘নাইবা’ (v) ৰে সংযুক্ত কৰি পোৱা যৌগিক উক্তিটোকে বিকলাত্মক ফলন বোলে।

২০। মৌলিক সত্য়-ফলন মূলক বিবৃতি সমূহৰ সত্য়-তালিকাৰ সংজ্ঞাৰ এটা বাক্য় লিখা ।

উত্তৰঃ (1) এটা সংযোজক ফলন p-q সত্য় হ’ব যেতিয়া p আৰু q দুয়োটাই সঁচা হ’ব। অন্য়ান্য় ক্ষেত্ৰত p-q অসত্য় হ’ব ।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping