🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Geography Book Chapter 5 (Part 1) | পঞ্চম অধ্যায় | প্ৰাথমিক বৃত্তি | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 5

প্ৰাথমিক বৃত্তি

1. তলৰ কোনবিধ ৰোপন শস্য় নহয় ঃ

(ক) ৰবৰ

(খ) কুঁহিয়াৰ

(গ) গম্

উত্তৰঃ (গ) গম্

2. এচিয়া মহাদেশৰ ঘন বসতিযুক্ত অঞ্চল সমূহত কি কৃষি বিস্তৃত ভাবে কৰা হয় ? 

(ক) আদিম পোষণ কৃষি

(খ) গহন পোষণ কৃষি

(গ) পোষণ কৃষি

উত্তৰঃ (খ) গহন পোষণ কৃষি

3. ক্ৰান্তীয় আফ্ৰিকাত, গৰু-ম’হ বোৰ হ’ল আটাইতকৈ প্ৰয়োজনীয় পশুধন। 

(ক) সত্য়

(খ) অসত্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য়

4. পোষণ কৃষি কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ২ টা

উত্তৰঃ (গ) ২ টা

5. কৃষক সকলে হাবি বননি কাটি পৰিষ্কাৰ কৰি লোৱা কৃষিক কি বুলি কোৱা হয় ?

(ক) গহন পোষণ কৃষি

(খ) আদিম পোষণ কৃষি

(গ) এটাও নহয়

উত্তৰঃ (খ) আদিম পোষণ কৃষি

6. অঘৰী পশুপালক সকলে গ্ৰীষ্মৰ সময়ছোৱাত দক্ষিণৰ পৰা উত্তৰৰ দিশলৈ আৰু শীত কালত উত্তৰৰ পৰা দক্ষিণৰ ফালে প্ৰবজন কৰি থাকে ।

(ক) মিচা

(খ) সঁচা

(গ) এটাও নহয়

উত্তৰঃ (খ) সঁচা

7. মধ্য় অক্ষাংশীয়, অৰ্ধশুষ্ক আভ্য়ন্তৰীন অঞ্চলবোৰত বানিজ্য়ক শস্য়ৰ কৃষিৰ ভিতৰত কোন বিধ শস্য় আটাইতকৈ প্ৰধান ? 

(ক) মাহ

(খ) কুঁহিয়াৰ

(গ) ঘেঁহু

উত্তৰঃ (গ) ঘেঁহু

8. পৃথিৱীৰ মুখ্য়ত কেইটা বাণ্যিজিক দুগ্ধশালা পাম থকা অঞ্চল আছে ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৫ টা

উত্তৰঃ (খ) ৩ টা

9. খনন প্ৰক্ৰিয়াক দুটা ভাগত বিভক্ত কৰিব পাৰি যেনে ঃ

(ক) পৃষ্ঠ খনন

(খ) ভূমিগত খনন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

10. ভূমধ্য়সাগৰীয় অঞ্চলৰ প্ৰধান বিশেষত্ব হ’ল ঃ

(ক) ঘেঁহু খেতি কৰা

(খ) ভিটিকালচাৰ বা আঙুৰৰ খেতি কৰা

(গ) মাকৈ আৰু ওট্চ খেতি কৰা

উত্তৰঃ (খ) ভিটিকালচাৰ বা আঙুৰৰ খেতি কৰা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop