AJB Class 5 Social Science Book Chapter 10 | আমাৰ বজাৰ ব্যৱস্থা | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 10

আমাৰ বজাৰ ব্যৱস্থা

১। সাধৰণতে য’ত বস্তু কিনা-বেচা কৰা হয় তাকে কি বোলা?

  উত্তৰঃ বজাৰ বোলে। 

২। বজাৰৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।

৩। যিবোৰ বজাৰ সকলো সময়তে চলি থাকে তেলে বজাৰকে কি বোলে?

উত্তৰঃ স্থায়ী বজাৰ বোলে ।

৪। সকলো সময়তে চলি থকা বজাৰক স্থায়ী বজাৰ বোলে। স্থায়ী বজাৰৰ দুটা ভাগ দুটা কি কি?

উত্তৰঃ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ।

৫। যি বজাৰত একেলগে অধিক পৰিমাণৰ বস্তু কিনা-বেচা কৰা হয় তাকে কি বোলে?

উত্তৰঃ পাইকাৰী বজাৰ বোলে। 

৬।  যি বজাৰত কম পৰিমাণে বস্তু কিনা -বেচা কৰা হয় তাকে কি বোলা হয়?

উত্তৰঃ খুচুৰা বজাৰ বোলা হয়।

৭। সপ্তাহৰ বা মাহৰ কোনো এটা দিনত অস্থায়ীভাৱে বহা বজাৰক অস্থায়ী বজাৰ বোলে অস্থায়ী বজাৰক কি বোলাও হয়?

উত্তৰঃ হাট বোলাও হয়।

৮। সপ্তাহৰ এটা নিৰ্দষ্ট দিনত বহা বজাৰক কি বজাৰ বোলে? 

উত্তৰঃ সাপ্তাহিক বজাৰ বোলে।

৯। ১৫ দিনৰ অন্তৰালত বহা হাটক কি হাট বোলে? 

উত্তৰঃ পষেকীয়া হাট বোলে ।

১০। প্ৰতিদিনে বহা হাটক কি হাট বোলে?                                       

উত্তৰঃ দৈনিক হাট বোলে।

১১। গ্ৰাহক বা ক্ৰেতাৰ দুটা ভাগ ভাগ কেইটা কি কি?  

উত্তৰঃ পাইকাৰী গ্ৰাহক আৰু খুচুৰা গ্ৰহক । 

১২। বিক্ৰেতা বা বেচোঁতাৰ দুটা ভাগ ভাগ কেইটা কি কি?

উত্তৰঃ উৎপাদনকাৰী আৰু বেপাৰী।

১৩। বজাৰত মানুহে কি অনুযায়ী বস্তু কিনিব পাৰে?

উত্তৰঃ পছন্দ অনুযায়ী বস্তু কিনিব পাৰে।

১৪। উৎপাদকসকলে নিজৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি কি কৰিব পাৰে?

উত্তৰঃ উপাৰ্জন কৰিব পাৰে।

১৫। বজাৰক কেন্দ্ৰ কৰি বহু মানুহে কি কৰে?

উত্তৰঃজীৱিকা অৰ্জন কৰে।

১৬। হাট-বজাৰবোৰ খবৰৰ কি?

উত্তৰঃ কেন্দ্ৰ।

১৭। তদুপৰি কি ঘটা বিভন্ন ঘটনা বজাৰত আলোচনা হয়?

উত্তৰঃ দেশ-বিদেশত ঘটা বিভিন্ন ঘটনা বজাৰত আলোচনা হয়।

১৮। ইয়াৰ ফলত বহুতো কি কথা বজাৰত গম পাব পাৰি?

উত্তৰঃ নজনা কথা বজাৰত গম পাব পাৰি।

১৯। হাট-বজাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক কি কৰে?

উত্তৰঃ উপকৃত কৰে।

২০। হাট-বজাৰৰ ওপৰত নিৰ্ভৰ কৰি সমাজৰ এক শ্ৰেণীৰ মানুহে কি কৰিবলৈ সক্ষম হৈছে?

উত্তৰঃ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।   

0
    0
    Your Cart
    Your cart is emptyReturn to Shop