🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science Book Chapter 14 | পৃথিৱীৰ আকৃতি | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 14

পৃথিৱীৰ আকৃতি

১। গোলক বা বৃত্ত এটাৰ চাৰিওফালৰ সীমাক কি বোলা হয়?

উত্তৰঃ বেৰ বা পৰিধি বোলে।

২। পৃথিৱীৰ একেবাৰে উত্তৰৰ বিন্দুটোক  কি মেৰু বোলে?

উত্তৰঃ উত্তৰ মেৰু বোলে।

৩। পৃথিৱীৰ একেবাৰে দক্ষিণৰ বিন্দুটোক কি মেৰু বোলে?

উত্তৰঃ দক্ষিণ মেৰু বোলে।

৪। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাডালকে কি বোলে? 

উত্তৰঃ মেৰুদণ্ড বোলে।

৫। পৃথিৱীৰ দুই মেৰুৰপৰা সমান দূৰত্বত পূবা-পশ্চিমাকৈ পৃথিৱাৰ মাজেদি কল্পনা কৰা ৰেখাডালক কি ৰেখা বোলে?

উত্তৰঃ বিষুব ৰেখা বোলে।

৬। উত্তৰ গোলাৰ্দ্ধ কাক বোলা হয়?

উত্তৰঃ বিষুবৰেখাৰ উত্তৰৰ ভাগটোক উত্তৰ গোলাৰ্দ্ধ বোলা হয়।

৭। দক্ষিণৰ ভাগটোক কি বোলা হয়? 

উত্তৰঃ দক্ষিণ গোলাৰ্দ্ধ বোলা হয়।

৮। অসমত দিন হলে আমেৰিকাত কি হয়?

উত্তৰঃ ৰাতি হয়।

৯। পৃথিৱীখন গোলাকাৰ হোৱাৰ বাবে ইয়াৰ এফালত যেতিয়া পোহৰ পৰে, আনফালে কি হয়?

উত্তৰঃ আন্ধাৰ হৈ থাকে।

১০।  মুখ্য় দ্ৰাঘিমাৰেখাৰ পূৰ্বত ১৮০ ডাল আৰু পশ্চিমত ১৮০ ডাল; মুঠ কিমান ডাল দ্ৰাঘিমাৰেখা পৃথিৱীত কল্পনা কৰা হৈছে?

উত্তৰঃ ৩৬০ ডাল দ্ৰাঘিমাৰেখা পৃথিৱীত কল্পনা কৰা হৈছে।

১১।পৃথিৱীৰ আৰ্হি বা মডেল হিচাপে আমি এটা কি হব পৰো? 

উত্তৰঃ গোলৰ ল’ব পাৰোঁ।

১২। আহিলা-পাতিও আছিল নে নাছিল?

উত্তৰঃ নাছিল।

১৩। কিতাপ-পত্ৰও আছিল নে নাছিল?

উত্তৰঃ নাছিল।

১৪। পৃথিৱীৰ আয়তন জানিবলৈ হ’লে আমি পৃথিৱীৰ কি কি জোখ ল’ব লাগিব?

উত্তৰঃ বেৰ বা পৰিধিৰ জোখ ল’ব লাগিব।

১৫। বেৰ বা পৰিধি মানে কি কি?

উত্তৰঃ গোলক বা বৃত্ত এটাৰ চাৰিওফালৰ সীমা।

১৬। আমি এটা গোলাকাৰ আকৃতিৰ বস্তু বা এটা কি  ল’ব লাগিব?

উত্তৰঃ বল ল’ব লাগিব।

১৭।তাৰ পাছত বলটোৰ উপৰিভাগত যিকোনো এটা কি কৰিব লাগিব?

উত্তৰঃ বিন্দু চিহিত কৰিব লাগিব।

১৮। এতিয়া এডাল ৰছী লৈ ৰছীডালৰ এটা মূৰ বিন্দুটোৰ ওপৰত ধৰি আনটো মূৰ বলটোৰ চাৰিওফালে এপাক ঘূৰাই পুনৰ সেই কি আনিব লাগিব?

উত্তৰঃ বিন্দুলৈকে আনিব লাগিব।

১৯। পৃথিৱীৰ কি জুখি উলিওৱা হৈছে।

উত্তৰঃ পৰিধিও জুখি উলিওৱা হৈছে।

২০। পৃথিৱীৰ একেবাবে উত্তৰৰ বিন্দুটোক উত্তৰ মেৰু বিন্দু আৰু একেবাৰে দক্ষিণৰ বিন্দুটোক কি বুলি কয়?

উত্তৰঃ দক্ষিণ মেৰু বিন্দু বুলি কয়।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop