🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science Book Chapter 4 | পৃথিৱীৰ এটা প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 4

পৃথিৱীৰ এটা প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা

১। কিন্তু ইয়াৰ আগতো যে ভাৰতত সভ্য়তাৰ বিকাশ হৈছিল এই কথা কিমান চনৰ পাছৰ পৰাহে প্ৰমাণিত হৈছে?

উত্তৰঃ ১৯২২ চনৰ পাছৰ পৰাহে প্ৰমাণিত হৈছে।     

২। মুঠৰ ওপৰত সিন্ধু উপত্য়াকাত যিবিলাক ঘৰ আৱিষ্কৃত হৈছে সেইবিলাকক তিনিটা ভাগত ভাগ কৰিব পাৰি সেই কেইটা কি কি?

উত্তৰঃ মানুহ থকা ঘৰ, ৰাজহুৱা স্নানাগাৰ বা গা-ধোৱা ঘৰ, ডাঙৰ অট্টালিকা।

৩। আলিবাটবোৰ কি মান ফুটৰ পৰা কি মান ফুট পৰ্যন্ত বহল আছিল?

উত্তৰঃ ৯ ফুটৰ পৰা ৩৪ ফুট পৰ্যন্ত বহল আছিল।

৪। সিন্ধু সভ্য়তাত আৱিষ্কৃত ঘৰবোৰত চিমেন্ট হিচাপে জিপচাম ব্য়ৱহাৰ কৰা হৈছিল। জিপচাম হ’ল কি কি?

উত্তৰঃ চূণ আৰু পানীৰে মিহলি এবিধ মচলা।

৫। হৰপ্পাত আৱিষ্কৃত হোৱা ঘৰবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘৰটো হৈছে এটা শস্য়ৰ ভঁৰাল। ই দীঘে কি মান ফুট আৰু বহলে আছিল কি মান ফুট?

উত্তৰঃ ১৬৯ ফুট আৰু বহলে আছিল ১৩৫ ফুট ।

৬।  মাটিৰ তলত পোৱা অনেক মোহৰত কুঁজ থকা বলধৰ কি পোৱা গৈছি?

উত্তৰঃ মূৰ্তি পোৱা গৈছে।

৭। বৰ্তমানলৈকে প্ৰায় কিমান মোহৰ আৱিষ্কৃত হৈছে ?

উত্তৰঃ ২০০০ মোহৰ আৱিষ্কৃত হৈছে।

৮। বেছিভাগ মোহৰেই পোৱা মাটিৰ। ইহঁতৰ গাত কুঁজ থকা বলধ কি আছিল?

উত্তৰঃ বাঘ, ম’হ, ছাগলী, হাতী আদিৰ ছবিৰ লগতে কিছুমান কাল্পনিক জন্তুৰ ছবিও আছিল।

৯। কিছুমান জন্তুৰ ছবিৰ সহায়ত ভাষা লিখিছিল। মোহৰবিলাকত প্ৰায় কি তেনে ছবি পোৱা গৈছে?

উত্তৰঃ ৪০০ তেনে ছবি পোৱা গৈছে।

১০। নানা ধৰণৰ অস্ত্ৰ-শস্ত্ৰ যেনে কি পোৱা গৈছে?

উত্তৰঃ কুঠাৰ, যাঠি, দা, তৰোৱাল পোৱা গৈছে।

১১। তৰোৱালবোৰ দীঘল আৰু কি আছিল?

উত্তৰঃ তৰোৱালবোৰ দীঘল আৰু পাতল আছিল।

১২। আত্মৰক্ষা কৰিবলৈ কি ব্য়ৱহাৰ কৰা হৈছিল?

উত্তৰঃ আত্মৰক্ষা কৰিবলৈ ঢালো ব্য়ৱহাৰ কৰা হৈছিল।

১৩। এই যুদ্ধৰ সা-সঁজুলিসমূহ বগীতামেৰে কি আছিল?

উত্তৰঃ নিৰ্মিত আছিল।

১৪।কিছুমান তাম, দস্তা, সীহ আদি কি আছিল?

উত্তৰঃ  ধাতুৰ আছিল।

১৫। কি প্ৰচলনো আছিল?

উত্তৰঃ কাঁহৰ প্ৰচলনো আছিল।

১৬। ইয়াৰপৰাই অনুমান কৰিব পাৰি যে সেইসময়ৰ পৰাই ভাৰতৰ মানুহে কি ব্য়ৱহাৰ শিকিছিল?

উত্তৰঃ ধাতু ব্য়ৱহাৰ শিকিছিল।

১৭। কিন্তু সিন্ধু উপত্য়কাবাসীয়ে লোৰ ব্য়ৱহাৰ কৰাৰ কি পোৱা নাযায়? 

উত্তৰঃ নিদৰ্শন পোৱা নাযায়।

১৮। সিন্ধু সভ্য়তাৰ ৰাজহুৱা  স্নালাগাৰ’টো কি নগৰত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ হৰপ্পা  নগৰত আৱিষ্কাৰ হৈছিল।

১৯। ইৰাকৰ পুৰণি নামটো কি?

উত্তৰঃ মেছপটোময়া।

২০। কি নদীৰ পাৰত সিন্ধু সভ্য়তা উদ্ভৱ হৈছিল?

উত্তৰঃ সিন্ধু দীৰ পাৰত সিন্ধু সভ্য়তা উদ্ভৱ হৈছিল।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop