Class 4 General Science Chapter 15 MCQ’s Sankardev School | বস্তু আৰু পদাৰ্থ | Class 4 General Science Chapter 15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 15

বস্তু আৰু পদাৰ্থ

(১) যিবোৰ বস্তুৰ মাজেৰে পোহৰ সহজে পাৰ হৈ যাব পাৰে সেইবোৰ বস্তুক কি বোলে?

(ক) অস্বচ্ছ বস্তু

(খ) স্বচ্ছ বস্তু

(গ) ঈষৎ স্বচ্ছ বস্তু

উত্তৰঃ (খ) স্বচ্ছ বস্তু।

(২) পদাৰ্থ কেইটা অৱস্থাত পোৱা যায়?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা।

(৩) পানী এবিধ কি পদাৰ্থ?

(ক) নমনীয় পদাৰ্থ

(খ) তৰল পদাৰ্থ

(গ) এটাও নহয়

উত্তৰঃ (খ) তৰল পদাৰ্থ।

(৪) গেছীয় পদাৰ্থত তাপ দিলে আয়তন কি হয়?

(ক) বাঢ়ে

(খ) কমে

(গ) এটাও নহয়

উত্তৰঃ (ক) বাঢ়ে।

(৫) তাপৰ পৰিবাহীতা গুণৰ বাবে ভাত ৰন্ধা সঁজুলি লো, এলুমিনিয়াম আদিৰে তৈয়াৰ কৰা হয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৬) যিবোৰ বস্তুৰ মাজেৰে পোহৰ সামান্য পৰিমাণেহে পাৰ হৈ যাব পাৰে সেইবোৰক কি বোলে?

(ক) স্বচ্ছ পদাৰ্থ

(খ) পৰিবাহী

(গ) ঈষৎ স্বচ্ছ পদাৰ্থ

উত্তৰঃ (গ) ঈষৎ স্বচ্ছ পদাৰ্থ।

(৭) কিছুমান বস্তুক মাজেৰে তাপ সহজে প্ৰবাহিত নহয় সেইবোৰক তাপৰ কি বোলা হয়?

(ক) অস্বচ্ছ পদাৰ্থ

(খ) অপৰিবাহী

(গ) পৰিবাহী

উত্তৰঃ (খ) অপৰিবাহী।

(৮) খাদ্য বস্তু বহুদিনলৈ ভালে ৰাখিবলৈ বৰখৰ মাজত ৰখা হয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৯) পানীক গেছীয় অৱস্থালৈ নিব পাৰি?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(১০) গোটা কাৰ্বন-ডাই-অক্সাইডক শুকান বৰফ বোলে?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop