🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 General Science Chapter 9 MCQ’s Sankardev School | প্ৰদূষণঃ বায়ু, পানী আৰু মাটি | Class 4 General Science Chapter 9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-9

প্ৰদূষণঃ বায়ু, পানী আৰু মাটি

(১) বায়ু প্ৰদূষণৰ প্ৰধান কাৰক কি কি ?

(ক) যান-বাহন আৰু নদ-নদী

(খ) কল-কাৰখানা আৰু নদ-নদী

(গ) যান-বাহন আৰু কল-কাৰখানা

উত্তৰঃ (গ) যান-বাহন আৰু কল-কাৰখানা।

(২) কি হ’লে মাটি প্ৰদূষিত হ’ব পাৰে?

(ক) ধুমুহা হ’লে

(খ) এছিড বৰষুণ হ’লে

(গ) এটাও নহয়

উত্তৰঃ (খ) এছিড বৰষুণ হ’লে।

(৩) ছালফাৰ-ডাই-আক্সাইডে শৰীৰৰ কি কি ক্ষতি কৰে?

(ক) মূৰৰ বিষ, বমি, মূৰ-ঘূৰণি ইত্যাদি সৃষ্টি কৰে

(খ) হাওঁফাওঁ নষ্ট কৰে

(গ) মগজুত ক্ৰিয়া কৰে

উত্তৰঃ (খ) হাওঁফাওঁ নষ্ট কৰে।

(৪) এছিড বৰষুণে কি কি প্ৰদূষিত কৰে?

(ক) বায়ু আৰু পানী

(খ) পানী আৰু মাটি

(গ) বায়ু আৰু মাটি

উত্তৰঃ (খ) পানী আৰু মাটি।

(৫) ছালফাৰ-ডাই-অক্সাইডৰ মিশ্ৰিত বায়ুৱে মানুহৰ কি কৰিব পাৰে?

(ক) বিভিন্ন বেমাৰ আদিৰো সৃষ্টি কৰিব পাৰে

(খ) চকুৰ দৃষ্টি শক্তিও হ্ৰাস কৰিব পাৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) চকুৰ দৃষ্টি শক্তিও হ্ৰাস কৰিব পাৰে।

(৬) প্ৰদূষণ কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) নানা প্ৰকাৰৰ

উত্তৰঃ (গ) নানা প্ৰকাৰৰ।

(৭) গছ-গছনি ৰুই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৮) জলজ উদ্ভিদ পানীত বেছিকৈ থাকিলে পানী প্ৰদূষিত হয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৯) প্ৰদূষিত মাটিত হোৱা উদ্ভিদৰ পৰা উপযুক্ত পৰিমাণৰ ফচল পোৱা নাযায়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(১০) কল-কাৰখানাত ওখ চিমনি ব্যৱহাৰ কৰিব নালাগে?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop