🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 Social Science Chapter 7 MCQ’s Sankardev School | পৰিৱেশ আৰু প্ৰদূষণ | Class 4 Social Science Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-7

পৰিৱেশ আৰু প্ৰদূষণ

১। প্ৰতিটো জীৱকে জীয়াই থাকিবলৈ কি প্ৰয়োজন?

(ক) ভাত

(খ) ফল-মূল

(গ) সূৰ্যৰ তাপ আৰু পোহৰ, বায়ু, পানী আৰু মাটি

উত্তৰঃ (গ) সূৰ্যৰ তাপ আৰু পোহৰ, বায়ু, পানী আৰু মাটি।

২। বায়ু, পানী আৰু মাটিৰে আৱৰি থকা আমাৰ চৌপাশক কি বোলা হয়?

(ক) প্ৰদূষণ

(খ) পৰিৱেশ

(গ) গ্ৰহ

উত্তৰঃ (খ) পৰিৱেশ।

৩। প্ৰতিটো জীৱৰে নিজা নিজা কি আছে?

(ক) ঘৰ-দুৱা

(খ) গছ-গছনি

(গ) পৰিৱেশ

উত্তৰঃ (গ) পৰিৱেশ।

৪। বিভিন্ন জাতৰ প্ৰাণীৰ বাসস্থান কেনে কোৱা?

(ক) বিভিন্ন

(খ) একে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বিভিন্ন।

৫। বিভিন্ন পৰিস্থিতিৰ লগত খাপ খুৱাই জীয়াই থাকিবলৈ সিহঁতৰ অংগ-প্ৰত্য়ংগবোৰ কেনেদৰে গঠিত?

(ক) বিভিন্নধৰণৰ

(খ) একেধৰণৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বিভিন্নধৰণৰ।

৬। কোনো অঞ্চলত বাস কৰা জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-গছনি আদিয়ে সেই অঞ্চলৰ পৰিৱেশ কেনেধৰণে গঠন কৰে?

(ক) অজৈৱিক পৰিৱেশ

(খ) জৈৱিক পৰিৱেশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) জৈৱিক পৰিৱেশ।

৭। প্ৰতিটো প্ৰজাতিৰে নিজস্ব কি আছে?

(ক) নিয়ম

(খ) কাম

(গ) গুৰুত্ব

উত্তৰঃ (গ) গুৰুত্ব।

৮। এন্দুৰ, নিগনিৰ সংখ্য়া বাঢ়ি গ’লে কি হ’ব?

(ক) একো নহয়

(খ) খেতি-পথাৰ নষ্ট হ’ব

(গ) ফল-মূল নষ্ট হ’ব

উত্তৰঃ (খ) খেতি-পথাৰ নষ্ট হ’ব।

৯। প্ৰকৃতিয়ে সদায় বিভিন্ন প্ৰজাতিৰ মাজত এক কি ৰক্ষা কৰি চলি থাকে?

(ক) সমতা

(খ) বিনষ্ট

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) সমতা।

১০। গছ-গছনিয়ে কি বায়ু এৰি দিয়ে?

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অক্সিজেন।

১১। গছ-গছনিয়ে কি বায়ু গ্ৰহণ কৰে?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড।

১৩। গছে আমাক কি কৰে?

(ক) ক্ষতি

(খ) সহায়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) সহায়।

১৪। পৰিৱেশ প্ৰদূষণ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰঃ (খ) চাৰিটা।

১৫। যানবাহনৰপৰা ওলোৱা ধোঁৱাই কি কৰে?

(ক) ক্ষতি

(খ) সহায়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ক্ষতি।

১৬। কাৰ্বন-ডাই-অক্সাইডে বায়ুক প্ৰদূষিত কৰেনে নকৰে?

(ক) নকৰে

(খ) ইয়াৰ ভিতৰত এটাও নহয়

(গ) কৰে

উত্তৰঃ (গ) কৰে।

১৭। এডৰা মাটি বহুদিন ধৰি পানীত ডুব গৈ থাকিলে মাটিডৰা কি হ’ব?

(ক) প্ৰদূষিত হ’ব

(খ) প্ৰদূষিত নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) প্ৰদূষিত হ’ব।

১৮। পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা এখন আঁচনিৰ নাম?

(ক) সামাজিক

(খ) বনানিকৰণ

(গ) সামাজিক বনানিকৰণ

উত্তৰঃ (গ) সামাজিক বনানিকৰণ।

১৯। মাটি কি পৰিৱেশ?

(ক) অজৈৱিক পৰিৱেশ

(খ) জৈৱিক পৰিৱেশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) অজৈৱিক পৰিৱেশ।

২০। গছ-গছনি, চৰাই-চিৰিকটি আদি কি পৰিৱেশ?

(ক) অজৈৱিক পৰিৱেশ

(খ) জৈৱিক পৰিৱেশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) জৈৱিক পৰিৱেশ।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop