Class 5 Environment Chapter 5 | সম্পদৰ সংৰক্ষণ | MCQs Short Question Answer SCERT School |

Chapter 5

সম্পদৰ সংৰক্ষণ

 1.সম্পদৰ সংৰক্ষণ মানে কি ?

(ক)ভৱিষ্য়তৰ বাবে আচঁনি নকৰি সম্পদৰ যথাযোগ্য় ব্য়ৱহাৰ আৰু সঞ্চয় নকৰাই হৈছে সম্পদৰ সংৰক্ষণ।

(খ)ভৱিষ্য়তৰ বাবে আচঁনি কৰি সম্পদৰ যথাযোগ্য় ব্য়ৱহাৰ আৰু সঞ্চয় নকৰাই হৈছে সম্পবদৰ সংৰক্ষণ।

(গ)ভৱিষ্য়তৰ বাবে আচঁনি কৰি সম্পদৰ যথাযোগ্য় ব্য়ৱহাৰ আৰু সঞ্চয় কৰাই হৈছে সম্পদৰ সংৰক্ষণ।

উত্তৰঃ (গ)ভৱিষ্য়তৰ বাবে আচঁনি কৰি সম্পদৰ যথাযোগ্য় ব্য়ৱহাৰ আৰু সঞ্চয় কৰাই হৈছে সম্পদৰ সংৰক্ষণ।

2.মৰিছাছ দ্বীপত কি চৰাই আছিল ?

(ক)বালিমাহী।

(খ)দ’দ’।

(গ)দেওহাঁহ।

উত্তৰঃ (খ)দ’দ’।

3.দ’দ’ চৰাই নাইকিয়া হোৱাৰ লগতে কি গছ নাইকিয়া হ’ল ?

(ক)কেকটাছ ।

(খ)কেলভেৰিয়া-মেজ’ৰ।

(গ)আঁহত।

উত্তৰঃ (খ)কেলভেৰিয়া-মেজ’ৰ।

4.1600 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ কিমান বিধ প্ৰাণী বিলুপ্ত হৈছে ?

(ক)270 বিধ।

(খ)356 বিধ।

(গ)358বিধ।

উত্তৰঃ (ক)270 বিধ।

5. ময়ূৰ চৰাই কিয় কমি আহিছে ?

(ক)দাঁত বধ কৰাৰ বাবে।

(খ)পাখি বধ কৰাৰ বাবে।

(গ)ছাল বধ কৰাৰ বাবে।

উত্তৰঃ (খ)পাখি বধ কৰাৰ বাবে।

6. কোনো এটা অঞ্চল বন্য়প্ৰাণীৰ আৱাস্থলী হিচাপে বিবেচিত হ’বলৈ হ’লে কি তিনিটা উপাদান থাকিব লাগিব ?

(ক) পানী, খাদ্য় আৰু বাসস্থান।

(খ) উদ্য়ান, খাদ্য়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) পানী, খাদ্য় আৰু বাসস্থান।

7. অভয়াৰণ্য়ত কাক বিশেষভাৱে গুৰুত্ব দিয়া হয় ?

(ক)পৰ্যটকক।

(খ)পৰ্যটকক আৰু উদ্ভিদক।

(গ)বন্য়প্ৰাণীক আৰু উদ্ভিদক।

উত্তৰঃ (গ)বন্য়প্ৰাণীক আৰু উদ্ভিদক।

8. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানক কিয় বিশেষভাৱে গুৰুত্ব দিয়া হয় ?

(ক)সিংহৰ সংৰক্ষণৰ বাবে।

(খ)ময়ূৰ সংৰক্ষণৰ বাবে।

(গ)এশিঙিয়া গড়ৰ বাবে।

উত্তৰঃ (গ)এশিঙিয়া গড়ৰ বাবে।

9. মানাহ, নামেৰী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানক কিয় ব্য়াঘ প্ৰকল্প হাতত লোৱা হৈছে ?

(ক)বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে।

(খ)এশিঙিয়া গড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে।

(গ)সিংহৰ সুৰক্ষা আৰু সংৰক্ষণ বাবে।

উত্তৰঃ (ক)বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে।

 10. ৰাষ্ট্ৰীয় উদ্য়ানসমূহক কেইটা ভাগত ভগোৱা হৈছে ?

(ক)তিনিটা।

(খ)পাঁচটা।

(গ)দুটা।

উত্তৰঃ (গ)দুটা।

11. ৰাষ্ট্ৰীয় উদ্য়ানৰ কোনটো অঞ্চলত পৰ্যটকসকলৰ দৰ্শনৰ সুবিধা থাকে ?

(ক) ভিতৰ অঞ্চলৰ।

(খ) দাঁতিকাষৰীয়া অঞ্চলৰ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) দাঁতিকাষৰীয়া অঞ্চলৰ।

12. গুৱাহাটীৰ চিৰিয়াখানা চৌহদত কি আছে ?

(ক) ৰাষ্ট্ৰীয় উদ্য়ান

(খ) উদ্ভিদ উদ্য়ান।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) উদ্ভিদ উদ্য়ান।

13. হ’লক গিবন প্ৰাণীবিধ কোনখন অভয়াৰণ্য়ত আছে ?

(ক)লাওখোৱা অভয়াৰণ্য়ত।

(খ)পবিতৰা অভয়াৰণ্য়ত।

(গ)গৰমপানী অভয়াৰণ্য়ত।

উত্তৰঃ (গ)গৰমপানী অভয়াৰণ্য়ত।

14. অসমৰ কোন কেইখন ৰাষ্ট্ৰীয় উদ্য়ানে বিশ্ব ঐতিহ্য়ৰ স্থান ৰূপে স্বীকৃতি পাইছে ?

(ক)নামেৰী আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ানে।

(খ)ওৰাং আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্য়ানে।

(গ)কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্য়ানে।

উত্তৰঃ (গ)কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্য়ানে।

15. ‘বিশ্ব জলাহ দিৱস’কোন তাৰিখে পালন কৰা হয় ।

(ক)15 ফেব্ৰুৱাৰী।

(খ)2 ফেব্ৰুৱাৰী।

(গ)8 ফেব্ৰুৱাৰী।

উত্তৰঃ (খ)2 ফেব্ৰুৱাৰী।

16. বন্য়প্ৰাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয় ?

(ক)অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত।

(খ)ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত।

(গ)ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত।

উত্তৰঃ (ক)অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত।

17. জৈৱ-বৈচিত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয় ?

(ক)25 মাৰ্চ।

(খ)22 মে’।

(গ)3 অক্টোবৰ।

উত্তৰঃ (খ)22 মে’।

18. ডিব্ৰু-চৈখোৱা এখন কি ?

(ক) ৰাষ্ট্ৰীয় উদ্য়ান।

(খ) অভয়াৰণ্য়।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (ক) ৰাষ্ট্ৰীয় উদ্য়ান।

19. 3 অক্টোবৰত কি দিৱস পালন কৰা হয় ?

(ক)বিশ্ব বন দিৱস।

(খ)বিশ্ব জলাহ দিৱস।

(গ)বিশ্ব বাসস্থান দিৱস।

উত্তৰঃ (গ)বিশ্ব বাসস্থান দিৱস।

20. পাহাৰৰ হাবি-বন কাটি কি খেতি কৰা হয় ?

(ক)জুম খেতি।

(খ)ঘেহুঁ খেতি।

(গ)ধান খেতি।

উত্তৰঃ (ক)জুম খেতি।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop