Class 9 General Science Book | Chapter 7 | জীৱৰ বিচিত্ৰতা | MCQs Short Question Answer |

Chapter 7

জীৱৰ বিচিত্ৰতা

১) গুপ্তবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?

(ক) বাংলা ভাষাৰ পৰা

(খ) গ্ৰীক ভাষাৰ পৰা

(গ) বৃটিছ ভাষাৰ পৰা

উত্তৰঃ (খ) গ্ৰীক ভাষাৰ পৰা

২) জৈৱ বৈচিত্ৰতাৰ অৰ্থ হ’ল-

(ক) কোষকেন্দ্ৰৰ চাৰিওপাশ আগুৰি ৰখা

(খ) জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতা

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতা

৩) গ্ৰীক ভাষাত Angio ৰ অৰ্থ কি?

(ক) আবৃত

(খ) বীজ

(গ) কোষ

উত্তৰঃ (ক) আবৃত

৪) পেৰিফেৰা শব্দৰ অৰ্থ কি?

(ক) ৰন্ধ্ৰযুক্ত প্ৰাণী

(খ) একনলদেহী প্ৰাণী

(গ) ঘূৰণীয়া কৃমি

উত্তৰঃ (ক) ৰন্ধ্ৰযুক্ত প্ৰাণী

৫) তলৰ কোনবিধ সৰীপসৃপ প্ৰাণী?

(ক) হাইলা

(খ) চুক ভেকুলি

(গ) কাছ

উত্তৰঃ (গ) কাছ

৬) কেৰোলাচ লিনিয়াচ্ ক’ত জন্ম হৈছিল?

(ক) ৰাছিয়া

(খ) ইউৰোপ

(গ) ছুইডেন

উত্তৰঃ (গ) ছুইডেন

৭) কেৰোলাচ লিনিয়াচ্ ৰ জন্ম কিমান চনত হৈছিল?

(ক) 1449

(খ) 1665

(গ) 1707

উত্তৰঃ (গ) 1707

8) তলৰ কোনবিধ মৎস্য় প্ৰাণী?

(ক) পইতাচোৰা

(খ) সৰামুদ্ৰিক আৰ্চিন

(গ) মিছামাছ

উত্তৰঃ (গ) মিছামাছ

৯) পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ কেনেধৰণৰ?

(ক) ৰন্ধ্ৰকণিকা

(খ) উৰণীয়া জীৱ

(গ) উষ্ণৰক্তী

উত্তৰঃ (গ) উষ্ণৰক্তী

১০) প্ৰট’কৰডেটসমূহ কি প্ৰাণী?

(ক) সৰীপসৃপ প্ৰাণী

(খ) উভচৰ প্ৰাণী

(গ) সামুদ্ৰিক প্ৰাণী

উত্তৰঃ (গ) সামুদ্ৰিক প্ৰাণী

১১) তলৰ কোনবিধ প্ৰাণীয়ে পৰিপক্ক পোৱালী জন্ম দিয়ে?

(ক) কাঙ্গাৰো

(খ) তিমি মাছ

(গ) উৰণীয়া মাছ

উত্তৰঃ (ক) কাঙ্গাৰো

১২) একনলদেহী প্ৰাণীসমূহৰ দেহত কেইটা গহ্বৰ থাকে?

(ক) এটা

(খ) দুটা

(গ) এটাও নাথাকে

উত্তৰঃ (ক) এটা

১৩) নগ্নবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?

(ক) অসমীয়া ভাষাৰ পৰা

(খ) বৃটিছ ভাষাৰ পৰা

(গ) গ্ৰীক ভাষাৰ পৰা

উত্তৰঃ (গ) গ্ৰীক ভাষাৰ পৰা

১৪) সমাঙ্গদেহী উদ্ভিদখিনিক সাধাৰণতে কি বুলি কোৱা হয়?

(ক) ভেঁকুৰ

(খ) শেলাই

(গ) উদ্ভিদ

উত্তৰঃ (খ) শেলাই

১৫) গ্ৰীক ভাষাত Sperma ৰ অৰ্থ কি?

(ক) নগ্ন

(খ) বীজ

(গ) এটাও নহয়

উত্তৰঃ (খ) বীজ

১৬) তলৰ কোনবিধ মচ জাতীয় উদ্ভিদ?

(ক) শেলাই

(খ) ভেঁকুৰ

(গ) মাৰ্কেনশ্বিয়া

উত্তৰঃ (গ) মাৰ্কেনশ্বিয়া

১৭) যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি কি শ্ৰেণীত অন্তৰ্ভুক্ত?

(ক) সমাঙ্গদেহী উদ্ভিদ

(খ) গুপ্তবীজী উদ্ভিদ

(গ) নগ্নবীজী উদ্ভিদ

উত্তৰঃ (ক) সমাঙ্গদেহী উদ্ভিদ

১৮) জীৱবিলাকক কিহৰ কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়?

(ক) সিহঁতৰ দেহৰ অৱয়ব আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি

(খ) সিহঁতৰ আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) সিহঁতৰ আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়

১৯) 1859 চনত কোনজন মহান বিজ্ঞানীয়ে নিজৰ গ্ৰন্থত ক্ৰমবিকাশৰ ধাৰণাৰ বিষয়ে অৱতাৰণা কৰিছিল?

(ক) গ্ৰীক দাৰ্শনিক এৰিষ্ট’ট’ল

(খ) চাৰ্লচ ডাৰউইন

(গ) কেৰোলাচ লিনিয়াচ্

উত্তৰঃ (খ) চাৰ্লচ ডাৰউইন

২০) 1859 চনত ক্ৰমবিকাশৰ বিষয়ে অৱতাৰণা কৰা গ্ৰন্থখনৰ নাম কি?

(ক) অৰিজিন অফ স্পেচিছ্

(খ) হেনৰী ফিল্ডিংৰ টম জোনছ

(গ) এখনো নহয়

উত্তৰঃ (ক) অৰিজিন অফ স্পেচিছ্

0
    0
    Your Cart
    Your cart is emptyReturn to Shop