🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 11 | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | MCQs Short Question Answer SEBA School |

Chapter 11

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

১। অক্ষিগোলকটোৰ ব্যাস কিমান?

(ক) 2.5 cm

(খ) 2.3 cm

(গ) 2.0 cm

উত্তৰঃ (খ) 2.3 cm

২। চকুৰ লেন্ছে অক্ষিপটত কি প্ৰতিবিম্ব গঠন কৰে?

(ক) সৎ আৰু ওলোটা

(খ) অসৎ আৰু থিয়

(গ) সমান

উত্তৰঃ (ক) সৎ আৰু ওলোটা

৩। চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক কি বোলে?

(ক) উপযোজন ক্ষমতা

(খ) উপবিয়োজন ক্ষমতা

(গ) উৎসেচক

উত্তৰঃ (ক) উপযোজন ক্ষমতা

৪। দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ কেইপ্ৰকাৰ?

(ক) দুইপ্ৰকাৰ

(খ) তিনিপ্ৰকাৰ

(গ) চাৰিপ্ৰকাৰ

উত্তৰঃ (খ) তিনিপ্ৰকাৰ

৫। প্ৰেছবায়’পিয়াৰ আন এটা নাম কি?

(ক) নিকট দৃষ্টিগ্ৰস্ততা

(খ) দূৰ দৃষ্টিগ্ৰস্ততা

(গ) জৰাদৃষ্টি

উত্তৰঃ (গ) জৰাদৃষ্টি

৬। সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ নূন্যতম দৃৰত্ব কি?

(ক) 2.5 cm

(খ) 25 cm

(গ) 0.25 cm

উত্তৰঃ (খ) 25 cm

৭। সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন?

(ক) চাৰ আইজাক নিউটন

(খ) মেণ্ডেলিভ

(গ) হোমী জাহাংগীৰ ভাবা

উত্তৰঃ (ক) চাৰ আইজাক নিউটন

৮। সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত?

(ক) পাঁচটা

(খ) সাতটা

(গ) তিনিটা

উত্তৰঃ (খ) সাতটা

৯। ৰামধেনু ক’ত সৃষ্টি হয়?

(ক) সূৰ্যৰ দিশত

(খ) সূৰ্যৰ বাঁও দিশত

(গ) সূৰ্যৰ বিপৰীত দিশত

উত্তৰঃ (গ) সূৰ্যৰ বিপৰীত দিশত

১০। প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান মিনিটৰ?

(ক) ৫ মিনিটৰ

(খ) ৩ মিনিটৰ

(গ) ২ মিনিটৰ

উত্তৰঃ (গ) ২ মিনিটৰ

১১। ৰঙা পোহৰৰ দৈৰ্ঘ্য নীলা পোহৰতকৈ কিমান গুণ বেছি?

(ক) 1.5 গুণ

(খ) 1.8 গুণ

(গ) 2.0 গুণ

উত্তৰঃ (খ) 1.8 গুণ

১২। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান

(ক) কৰ্ণিয়া

(খ) অক্ষিপট

(গ) চকুৰ পতা

উত্তৰঃ (খ) অক্ষিপট

১৩। বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণক কি বোলে?

(ক) বিয়োজন

(খ) বিচ্ছুৰণ

(গ) ৰামধেনু

উত্তৰঃ (খ) বিচ্ছুৰণ

১৪। চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয়?

(ক) অক্ষিপট

(খ) চিলিয়াৰী

(গ) চকুৰ পতা

উত্তৰঃ (খ) চিলিয়াৰী

১৫। দূৰ দৃষ্টিগ্ৰস্থতাৰ আন এটা নাম কি?

(ক) মায়’পিয়া

(খ) হাইপাৰ মেট্ৰ’পিয়া

(গ) জৰাদৃষ্টি

উত্তৰঃ (খ) হাইপাৰ মেট্ৰ’পিয়া

১৬। মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ কিমান?

(ক) 120°

(খ) 150°

(গ) 180°

উত্তৰঃ (খ) 150°

১৭। মানুহৰ দুটা চকুৰ দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ কিমান?

(ক) 180°

(খ) 200°

(গ) 150°

উত্তৰঃ (ক) 180°

১৮। চকুৰ লেন্ছখন কিহৰে গঠিত?

(ক) এছিডে গঠিত

(খ) আঁহযুক্ত জেলী সদৃশ পদাৰ্থৰে

(গ) দেহত থকা কোষৰে গঠিত

উত্তৰঃ (খ) আঁহযুক্ত জেলী সদৃশ পদাৰ্থৰে

১৯। চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ  দূৰৰ বিন্দুটোক কি বিন্দু বোলে?

(ক) নিকট বিন্দু

(খ) দূৰ বিন্দু

(গ) জৰাদৃষ্টি

উত্তৰঃ (খ) দূৰ বিন্দু

২০। পেশীবোৰ শিথিল অৱস্থাত লেন্ছখন কি হয়?

(ক) ক্ষীন হয়

(খ) শকত হয়

(গ) আগৰ অৱস্থাতে থাকে

উত্তৰঃ (ক) ক্ষীন হয়

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop