Class 10 General Science Chapter 12 | বিদ্যুৎ | MCQs Short Question Answer SEBA School |

Chapter 12

বিদ্যুৎ

১। ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্টনবোৰ কি আধান?

(ক) প্ৰবাহী আধান

(খ) অপ্ৰবাহী আধান

(গ) নিৰবাহী আধান

উত্তৰঃ (ক) প্ৰবাহী আধান

২। বিদ্যুৎ আধানৰ SI একক কি?

(ক) ডায়’প্টাৰ

(খ) কুলম্ব

(গ) মিলিএম্পিয়াৰ

উত্তৰঃ (খ) কুলম্ব

৩। কি সঁজুলিৰ সহায়েৰে এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা হয়?

(ক) এমিটাৰ

(খ) ভল্টমিটাৰ

(গ) মাইক্ৰ’এম্পিয়াৰ

উত্তৰঃ (ক) এমিটাৰ

৪। পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলী এটাৰ নাম কি?

(ক) বিদ্যুৎ প্ৰবাহ

(খ) বিদ্যুৎ শক্তি

(গ) বিদ্যুৎ কোষ

উত্তৰঃ (গ) বিদ্যুৎ কোষ

৫। বিভৱভেদৰ SI একক কি?

(ক) এমিটাৰ

(খ) ভল্ট

(গ) কুলম্ব

উত্তৰঃ (খ) ভল্ট

৬। ভল্ট শব্দটো কোন ৰাষ্টৰ পৰা আহিছে?

(ক) জাৰ্মানীৰ পৰা

(খ) জাপানৰ পৰা

(গ) ইটালীৰ পৰা

উত্তৰঃ (গ) ইটালীৰ পৰা

৭। ৰোধৰ SI একক কি?

(ক) এম্পিয়াৰ

(খ) প্লাগ

(গ) ওম

উত্তৰঃ (গ) ওম

৮। আকাৰ বেছি ৰোধযুক্ত পৰিবাহীক কি বুলি কোৱা হয়?

(ক) সু-পৰিবাহী

(খ) কু-পৰিবাহী

(গ) ইয়াৰ এটাও নহয়

উত্তৰঃ (খ) কু-পৰিবাহী

৯। পৰিৱাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) পৰিৱাহীৰ দৈৰ্ঘ্য

(খ) পৰিৱাহীৰ প্ৰস্থচ্ছেদ

(গ) পৰিৱাহীৰ উষ্ণতা

উত্তৰঃ (ক) পৰিৱাহীৰ দৈৰ্ঘ্য

১০। বেটাৰী বা কোষ কাৰ এটা উৎস?

(ক) বৈদ্যুতিক কোষৰ

(খ) বৈদ্যুতিক শক্তিৰ

(গ) বৈদ্যুতিক প্ৰবাহৰ

উত্তৰঃ (খ) বৈদ্যুতিক শক্তিৰ

১১। প্ৰদত্ত আকাৰৰ উপাদান এটা ৰোধ হ’লে তাক কি বোলে?

(ক) কু-পৰিবাহী

(খ) সু-পৰিবাহী

(গ) পৰিবাহী

উত্তৰঃ (খ) সু-পৰিবাহী

১২। বৈদ্যুতিক ক্ষমতাৰ এচ আই একক কি?১২। বৈদ্যুতিক ক্ষমতাৰ এচ আই একক কি?

(ক) ঘন্টা

(খ) ৱাট

(গ) ভল্ট

উত্তৰঃ (খ) ৱাট

১৩। কাৰ্য কৰাৰ হাৰক কি বোলে?

(ক) একক

(খ) ব্যয়

(গ) ক্ষমতা

উত্তৰঃ (গ) ক্ষমতা

১৪। টাংষ্টেনৰ গলনাংক কিমান?

(ক) 3050°C

(খ) 3350°C

(গ) 3380°C

উত্তৰঃ (গ) 3380°C

১৫। গলনাংক কোনো এটা ধাতু বা সংকৰ ধাতুৰ তাঁৰৰ টুকুৰা এটাৰ পৰা কি তৈয়াৰ কৰা হয়?

(ক) লাইট

(খ) ফিউজ

(গ) মোটা তাঁৰ

উত্তৰঃ (খ) ফিউজ

১৬। তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে?

(ক) I²R

(খ) IR²

(গ) V²/R

উত্তৰঃ(খ) IR²

১৭। একে আকাৰৰ বেছি ৰোধযুক্ত পৰিবাহীক কি পৰিবাহী বোলে?

(ক) কু-পৰিবাহী

(খ) সু-পৰিবাহী

(গ) এটাও নহয়

উত্তৰঃ (ক) কু-পৰিবাহী

১৮। বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন  আৰু বন্ধ পথক কি বোলে?

(ক) ইলেক্টন

(খ) বৰ্তনী

(গ) বিদ্যুৎ

উত্তৰঃ (খ) বৰ্তনী

১৯। বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি?

(ক) ৱাট

(খ) ঘন্টা

(গ) কিলোৱাট ঘন্টা

উত্তৰঃ (গ) কিলোৱাট ঘন্টা

২০। কিলোৱাত ঘন্টাক সাধাৰণতে কি বুলি কোৱা হয়?

(ক) বৰ্তনী

(খ) একক

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) একক

0
    0
    Your Cart
    Your cart is emptyReturn to Shop