🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 2 | এছিড, ক্ষাৰক আৰু লৱণ | MCQs Short Question Answer SEBA School |

Chapter 2

এছিড, ক্ষাৰক আৰু লৱণ

১। এছিডবোৰৰ সোৱাদ কেনে কোৱা?

(ক) টেঙা

(খ) টিতা

(গ) মিঠা

উত্তৰঃ (ক) টেঙা

২। এছিডবোৰে নীলা লিটমাছক কি কৰে?

(ক) বগা

(খ) ৰঙা

(গ) সেউজীয়া

উত্তৰঃ (খ) ৰঙা

৩। লিটমাছ এবিধ কি?

(ক) ছাড়া সূচক

(খ) প্ৰাকৃতিক সূচক

(গ) মানৱ সূচক

উত্তৰঃ (খ) প্ৰাকৃতিক সূচক

৪। লিটমাছৰ দ্ৰৱটো প্ৰশমাৱস্থাত কি ৰঙৰ হয়?

(ক) ৰঙা

(খ) নীলা

(গ) বেঙুনীয়া

উত্তৰঃ (গ) বেঙুনীয়া

৫। এছিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয়?

(ক) হাইড্ৰজেন

(খ) নাইট্রোজেন

(গ) কার্বন ডাই অক্সাইড

উত্তৰঃ (ক) হাইড্ৰজেন

৬। এছিডে পানীৰ লগত বিক্ৰিয়া কৰি কি আয়ন প্ৰস্তুত কৰে?

(ক) H+

(খ) CO₂

(গ) CaCO₃(s)

উত্তৰঃ (ক) H+

৭। পানী এছিডত যোগ কৰাৰ ফলত কিহৰ উদ্ভৱ হয়?

(ক) পানী

(খ) তাপৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) তাপৰ

৮। যৌগ Caocl₂ ৰ সাধাৰণ নামটো কি?

(ক) ৱাছিং ছ’ডা

(খ) পোৰা চূণ

(গ) ব্লিচিং পাউডাৰ

উত্তৰঃ (গ) ব্লিচিং পাউডাৰ

৯। ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা?

(ক) কেলছিয়াম হাইড্ৰ’ক্সাইড

(খ) কার্বন ডাই অক্সাইড

(গ) নাইট্রোজেন

উত্তৰঃ (ক) কেলছিয়াম হাইড্ৰ’ক্সাইড

১০। কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি?

(ক) কার্বন ডাই অক্সাইড

(খ) ছ’ডিয়াম কাৰ্ব’নেট

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ছ’ডিয়াম কাৰ্ব’নেট

১১। কিছুমান পদাৰ্থ আছে যিবোৰৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে তাক কি সূচক বোলে?

(ক) প্ৰাকৃতিক সূচক

(খ) ঘ্ৰানেন্দ্ৰিক সূচক

(গ) মানৱ সূচক

উত্তৰঃ (খ) ঘ্ৰানেন্দ্ৰিক সূচক

১২। বিক্ৰিয়াবোৰত ধাতুৱে এছিডৰ পৰা হাইড্ৰ’জেন কি কৰে?

(ক) জাৰিত

(খ) উৎপন্ন

(গ) অপসাৰিত

উত্তৰঃ (গ) অপসাৰিত

১৩। ধাতৱীয় অক্সাইডবোৰক কি অক্সাইড বোলা হয়?

(ক) এছীডিয় অক্সাইড

(খ) ক্ষাৰকীয় অক্সাইড

(গ) অক্ষাৰকীয় অক্সাইড

উত্তৰঃ (খ) ক্ষাৰকীয় অক্সাইড

১৪। কমকৈ H+ আয়ন উৎপন্ন কৰা এছিডবোৰক কি বুলি কয়?

(ক) তীব্ৰ এছিড

(খ) ক্ষাৰকীয় এছিড

(গ) মৃদু এছিড

উত্তৰঃ (গ) মৃদু এছিড

১৫। চোৰাত এবিধ কি উদ্ভিদ?

(ক) ঘাঁহজাতীয় উদ্ভিদ

(খ) লতাজাতীয় উদ্ভিদ

(গ) বৃক্ষ জাতীয় উদ্ভিদ

উত্তৰঃ (ক) ঘাঁহজাতীয় উদ্ভিদ

১৬। খনিজ লৱন কি কৰি আহৰণ কৰা হয়?

(ক) কয়লাৰ দৰে উৎপত্তি কৰি

(খ) কয়লাৰ দৰে খনি খান্দি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কয়লাৰ দৰে খনি খান্দি

১৭। হাইড্ৰ’ক্লৰিক এছিড  আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড লগ লাগি গঠন হোৱা লৱণটোক কি বুলি কয়?

(ক) হাইড্ৰ’ক্সাইড

(খ) ছ’ডিয়াম হাইড্ৰ’ক্লৰিক এছিড

(গ) ছ’ডিয়াম ক্ল’ৰাইড

উত্তৰঃ (গ) ছ’ডিয়াম ক্ল’ৰাইড

১৮। তীব্ৰ এছিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ কি?

(ক) আম্লিক

(খ) ক্ষাৰকীয়

(গ) এছিড

উত্তৰঃ (ক) আম্লিক

১৯। ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱৰ বিদ্যুৎ বিশ্লেষণ ঘটোতে কি উৎপন্ন হয়?

(ক) লৱণ

(খ) ক্ল’ৰিণ

(গ) পানী

উত্তৰঃ (খ) ক্ল’ৰিণ

২০। অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(ক) এণ্টিবায়টিক

(খ) বেদনানাশক

(গ) অম্লনাশক

উত্তৰঃ (গ) অম্লনাশক

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop