🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 3 | ধাতু আৰু অধাতু | MCQs Short Question Answer SEBA School |

Chapter 3

ধাতু আৰু অধাতু

১। কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচতা বনাব পৰাটো কাৰ ধৰ্ম?

(ক) ঘাতসহনীয়তাৰ

(খ) নমনীয়তাৰ

(গ) ধাতৱ দ্যুতিৰ

উত্তৰঃ (ক) ঘাতসহনীয়তাৰ

২। এটা আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম কি?

(ক) ছডিয়াম

(খ) ৰূপ

(গ) মেগনেছিয়াম

উত্তৰঃ(খ) ৰূপ

৩। এটা আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম কি?

(ক) পাৰা

(খ) জিংক

(গ) সোণ

উত্তৰঃ(গ) সোণ

৪। আটাইতকৈ নমনীয় ধাতূুটোৰ নাম কি?

(ক) কপাৰ

(খ) মাৰকিউৰি

(গ) সোণ

উত্তৰঃ(গ) সোণ

৫। তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?

(ক) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু

(খ) MgCl₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু

(গ) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু

উত্তৰঃ(গ) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু

৬। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কাৰণ

(ক) যিংকৰ গলনাংক টিনতকৈ বেছি

(খ) যিংক টিনতকৈ অধিক সক্ৰিয়

(গ) যিংক টিনতকৈ কম সক্ৰিয়

উত্তৰঃ(খ) যিংক টিনতকৈ অধিক সক্ৰিয়

৭। ধাতৱ অক্সাইডবোৰ কি?

(ক) আম্লিক

(খ) ক্ষাৰকীয়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ(খ) ক্ষাৰকীয়

৮। আটাইতকৈ সক্ৰিয় ধাতু বিধৰ নাম কি?

(ক) পটাছিয়াম

(খ) যিংক

(গ) সোণ

উত্তৰঃ(ক) পটাছিয়াম

৯। অম্লৰাজ কিমান অনুপাতত গাঢ় HCI আৰু গাঢ় HNO₃ ৰ সদ্যপ্ৰস্তুত মিশ্ৰণ?

(ক) 5ঃ1

(খ) 2ঃ1

(গ) 3ঃ1

উত্তৰঃ(গ) 3ঃ1

১০। অম্লৰাজ অতিকৈ ক্ষয়কাৰক আৰু ধূমায়মান কি পদাৰ্থ?

(ক) কঠিন পদাৰ্থ

(খ) জুলীয়া পদাৰ্থ

(গ) গেছীয় পদাৰ্থ

উত্তৰঃ(খ) জুলীয়া পদাৰ্থ

১১। ইলেক্ট’যোজী যৌগৰ আন এটা নাম কি?

(ক) আয়নীয় যৌগ

(খ) কেটায়ন যৌগ

(গ) এনায়ন যৌগ

উত্তৰঃ(ক) আয়নীয় যৌগ

১২। পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক কি বুলি কোৱা হয়?

(ক) খনিজ পদাৰ্থ

(খ) খনিজ লৱণ

(গ) ধাতু

উত্তৰঃ(ক) খনিজ পদাৰ্থ

১৩। কোনবোৰ ধাতুক মুক্ত অৱস্থাত পোৱা যায়?

(ক) আটাইতকৈ বেছি সক্ৰিয়

(খ) আটাইতকৈ কম সক্ৰিয়

(গ) কম সক্ৰিয়

উত্তৰঃ(খ) আটাইতকৈ কম সক্ৰিয়

১৪। সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি ধাতু বোৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) পাঁচটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ(খ) তিনিটা ভাগত

১৫। অশুদ্ধি বা অপদ্ৰৱ্যবোৰক কি বুলি কোৱা হয়?

(ক) খনিজ পদাৰ্থ

(খ) খনিজ মল

(গ) খনিজ দ্ৰৱণ

উত্তৰঃ(খ) খনিজ মল

১৬। ধাতৱ যৌগৰ পৰা ধাতুলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াক কি বুলি কয়?

(ক) জাৰণ

(খ) বিজাৰণ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) বিজাৰণ

১৭। দিল্লীৰ কুটুম মিনাৰৰ ওচৰত থকা লোৰ স্তম্ভ কিমান বছৰতকৈ বেছি পুৰণি?

(ক) ১৫০০ বছৰতকৈ

(খ) ১৯০০ বছৰতকৈ

(গ) ১৬০০ বছৰতকৈ

উত্তৰঃ(গ) ১৬০০ বছৰতকৈ

১৮। আকাৰৰ পৰা ধাতু নিষ্কাষণ আৰু পিছত তাৰ শোধন কৰা প্ৰক্ৰিয়াক কি বোলে?

(ক)থাৰ্মিট বিক্ৰিয়া

(খ) ধাতুবিদ্যা

(গ) ৰেডক্স বিক্ৰিয়া

উত্তৰঃ(খ) ধাতুবিদ্যা

১৯। সংকৰ ধাতু এটা পাৰা হ’লে তাক কি বুলি কয়?

(ক) মাৰাকিউৰী

(খ) নমনীয়তা

(গ) এমালগাম

উত্তৰঃ(গ) এমালগাম

২০। অধাতুৰ ধৰ্ম ধাতুৰ ধৰ্মৰ –

(ক) বিপৰীত

(খ) সৈতে একে

(গ) সৈতে নিমিলে

উত্তৰঃ(ক) বিপৰীত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop