SVN Class 4 Enviroment Chapter 11 MCQ Answer | পৃথিৱীৰ জলৰাশি | MCQ

Chapter 11

পৃথিৱীৰ জলৰাশি

১। পৃথিৱীৰ কিমান অংশ পানীয়ে আগুৰি আছে ?

(ক) চাৰিভাগৰ তিনিভাগ

(খ) চাৰিভাগৰ একভাগ

(গ) চাৰিভাগৰ দুইভাগ

উত্তৰঃ (ক) চাৰিভাগৰ তিনিভাগ

২। নদীবোৰৰ উৎস কি ?

(ক) নিজৰা

(খ) পুখুৰী

(গ) পৰ্বতৰ শিখৰৰ বৰফবোৰ

উত্তৰঃ (গ) পৰ্বতৰ শিখৰৰ বৰফবোৰ

৩। ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?

(ক) চেমা-য়ুং-দুং

(খ) তিব্বত

(গ) উচ্চভূমি

উত্তৰঃ (ক) চেমা-য়ুং-দুং

৪। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?

(ক) ১,৯০৬ কিল’মিটাৰ

(খ) ২,৯০৬ কিল’মিটাৰ

(গ) ৩,৯০৬ কিল’মিটাৰ

উত্তৰঃ (খ) ২,৯০৬ কিল’মিটাৰ

৫। ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?

(ক) চীন

(খ) ভাৰত

(গ) তিব্বত

উত্তৰঃ (ক) চীন

৬। উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?

(ক) ইংৰাজী V

(খ) ইংৰাজী Y

(গ) ইংৰাজী U

উত্তৰঃ (গ) ইংৰাজী U

৭। নৈৰ গুম্ফিত ৰূপ সাধাৰণতে ক’ত দেখা যায়।

(ক) পর্বত

(খ) সমভূমি

(গ) মালভূমিত

উত্তৰঃ (খ) সমভূমি

৮। প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ কেনেকুৱা ফলত সৃষ্টি হয়।

(ক) খনন

(খ) পৰিবহণ

(গ) অৱক্ষেপণ

উত্তৰঃ (গ) অৱক্ষেপণ

৯। বৰাক নৈ অসমৰ কিমান খন জিলাৰ মাজেৰে বৈ গৈছে ।

(ক) ৩ খন

(খ) ৪ খন

(গ) ৫ খন

উত্তৰঃ (ক) ৩ খন

১০। গিৰিখাত কেনেকুৱা অঞ্চলৰ ভূ – আকৃতি দেখা যায় ।

(ক) নিম্নভূমি

(খ) মোহনা

(গ) উচ্চভূমি

উত্তৰঃ (গ) উচ্চভূমি

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping