AJB Class 7 Science। Chapter 4। প্ৰাণী আৰু উদ্ভিদৰ দ্ৰব্য়ৰ পৰিবহন । Short Question Answer

Chapter 4

প্ৰাণী আৰু উদ্ভিদৰ দ্ৰব্য়ৰ পৰিবহন

১)  ৰক্তবাহিকা কেই ধৰণৰ ?

উত্তৰঃ ৰক্তবাহিকা তিনি ধৰণৰ।

২)  মানুহৰ ক্ষেত্ৰত প্ৰধান ৰেচনদ্ৰব্য হ’ল ?

উত্তৰঃ মানুহৰ ক্ষেত্ৰত প্ৰধান ৰেচনদ্ৰব্য় হ’ল ইউৰিয়া।

৩) উদ্ভিদে সালোক-সংশ্লেষণৰ কৰা অংগটো কি?

উত্তৰঃ উদ্ভিদে সালোক-সংশ্লেষণ কৰা অংগটো হ’ল পাত।

৪) ধমনীৰ ভিতৰত কোনে অশুদ্ধ তেজ কঢ়িয়াই?

উত্তৰঃ ধমনীৰ ভিতৰত ক্লোমধমনীয়ে অশুদ্ধ তেজ কঢ়িয়াই।

৫) তেজৰ প্ৰধান অংশ কেইটা?

উত্তৰঃ তেজৰ প্ৰধান অংশ দুটা।

৬) মানুহৰ প্ৰধান ৰেচন অংগ কি?

উত্তৰঃ মানুহৰ প্ৰধান ৰেচন অংগ বৃক্ক।

৭) আমাৰ দেহৰ পৰিবহণ তন্ত্ৰৰ প্ৰধান উপাদান কেইটা ?

উত্তৰঃ আমাৰ দেহৰ পৰিবহণ তন্ত্ৰৰ প্ৰধান উপাদান তিনিটা।

৮) তেজৰ জুলীয়া দ্ৰৱক কি বোলে ?

উত্তৰঃ তেজৰ জুলীয়া দ্ৰৱক প্লাজমা বোলে।

৯)  এজন সুস্থ মানুহৰ প্ৰতি মিনিটত প্ৰায় কিমান বাৰ হৃদস্পন্দন হয় ?

উত্তৰঃ এজন সুস্থ মানুহৰ প্ৰতি মিনিটত প্ৰায় ৭২ বাৰ হৃদস্পন্দন হয়।

১০) চৰাই এবিধ কি প্ৰাণী?

উত্তৰঃ চৰাই এবিধ জলচৰ প্ৰাণী।

১১) গছৰ শিপাই মাটিৰ পৰা কি শোষণ কৰে?

উত্তৰঃ গছৰ শিপাই মাটিৰ পৰা পানী শোষণ কৰে।

১২)  উচ্চস্তৰৰ প্ৰাণীসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিশেষ কি থাকে ?

উত্তৰঃ উচ্চস্তৰৰ প্ৰাণীসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিশেষ পৰিবহন তন্ত্ৰ থাকে।

১৩) পৰিবহন তন্ত্ৰ কাক বোলে?

উত্তৰঃ  যি তন্ত্ৰৰ জৰিয়তে বৰ্জিত দ্ৰব্যসমূহ শৰীৰৰ বিভিন্ন অংশলৈ যায়। সেই তন্ত্ৰডালক পৰিবহন তন্ত্ৰ বোলে।

১৫) স্তন্যপায়ী প্ৰাণীৰ বৃক্ক দুটাই প্ৰতি 24 ঘন্টাত প্ৰায় কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰুত কৰে?

উত্তৰঃ স্তন্য়পায়ী প্ৰাণীৰ বৃক্ক দুটাই প্ৰতি 24 ঘন্টাত প্ৰায় 180 লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰুত কৰে।ট

১৬) বিদ্যুৎ কোনে পৰিবহন কৰে?

উত্তৰঃ বিদ্যুৎ তাৰেঁ পৰিবহন কৰে।

১৭) এবিধ এককোষী প্ৰাণীৰ নাম?

উত্তৰঃ এমিবা এবিধ এককোষী প্ৰাণী।

১৮) তেজৰ ‘ৰক্তকণিকা’বোৰ ক’ত ওপঙি থাকে ?

উত্তৰঃ তেজৰ কণিকাবোৰ প্লাজমাত ওপঙি থাকে।

১৯) হৃদযন্ত্ৰৰ  স্পন্দন কিহৰ দ্বাৰা জোখা হয়।

উত্তৰঃ হৃদযন্ত্ৰৰ স্পন্দন ষ্টেথ’স্ক’পৰ দ্বাৰা জোখা হয়।

২০) অপোহন কাক বোলে?

উত্তৰঃ  আঘাত পালে ব্য়ক্তিৰ বৃক্কত কাৰ্যক্ষমতা লোপ পাই বৰ্জিত দ্ৰব্য়সমূহ তেজত জমা হোৱাৰ ফলত বৃক্কৰ পৰা সময়ে-সময়ে তেজৰ পৰিশোধন কৰা প্ৰক্ৰিয়াটোক অপোহন বোলা হয়।

২১)ৰসোত্তোলন কাক বোলে?

উত্তৰঃ জাইলেমে পানী আৰু দ্ৰৱীভূত হৈ থকা দ্ৰব্য়সমূহ প্ৰেৰণ কৰা ৰসৰ ঊৰ্দ্ধমুখী গতিক ৰসোত্তোলন বোলে।

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping