Class 5 History AJB | Chapter 3 | প্ৰাগ্জ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল | Assam Jatiya Bidalay | অসম জাতিয় বিদ্যালয় | পঞ্চম শ্ৰেণী ইতিহাসৰ প্ৰশ্ন উত্তৰ |

Chapter 3

প্ৰাগ্জ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল

1. মহীৰংগ দানৱৰ সময়ত অসমৰ নাম কি আছিল? 

উত্তৰঃ- মহীৰংগ দানৱৰ সময়ত অসমৰ নাম প্ৰাগ্জ্য়োতিষ আছিল।

2. কিৰাতসকল কি জাতিৰ লােক আছিল? 

উত্তৰঃ- কিৰাতসকল অনাৰ্য জাতিৰ লোক আছিল।

3. কিৰাতসকলক কি নামেৰে জনা গৈছিল? 

উত্তৰঃ- কিৰাতসকলক ম্লেচ্ছ নামেৰে জনা গৈছিল।

4. পৌৰাণিক আখ্যান মতে নৰকৰ পিতৃ কোন আছিল? 

 উত্তৰঃ- পৌৰাণিক আখ্য়ানৰ মতে নৰকৰ পিতৃ বিষ্ণু আছিল।

5. ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল? 

উত্তৰঃ- ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱ ৰজা দুৰ্য্য়োধনে বিয়া কৰাইছিল।

6. বর্তমান অসমৰ কোনখন জিলাক কেন্দ্ৰ কৰি বাণৰজাৰ ৰাজ্য আছিল? 

উত্তৰঃ- বৰ্তমান অসমৰ শোণিতপুৰ জিলাক কেন্দ্ৰ কৰি দৰং জিলা আশে-পাশে থকা কিছুমান ঠাই বাণৰজাৰ ৰাজ্য় আছিল।

7. বাণৰজাৰ জীয়েক ঊষাৰ বান্ধৱীগৰাকীৰ নাম কি আছিল? 

উত্তৰঃ- বাণৰজাৰ জীয়েক ঊষাৰ বান্ধৱীগৰাকীৰ নাম চিত্ৰলেখা আছিল।

8. অনিৰুদ্ধ কোঁৱৰ কাৰ নাতিয়েক আছিল? 

উত্তৰঃ- অনিৰুদ্ধ কোঁৱৰ ভগৱান শ্ৰীকৃষ্ণৰ নাতি আছিল।

9. ঘটোৎকচ কোন ৰাজ্যৰ ৰজা আছিল?  

উত্তৰঃ- ঘটোৎকচ প্ৰাচীন হিড়িম্বাপুৰৰ ৰাজ্য়ৰ ৰজা আছিল।

10. বভ্রুবাহন কাৰ পুত্ৰ আছিল? 

উত্তৰঃ- বভ্ৰুবাহন তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ আছিল।

11. ৰজা ভগদত্তই কি কাৰণত দীঘলীপুখুৰী খন্দাইছিল? 

উত্তৰঃ- ৰজা ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰ উপলক্ষে দীঘলীপুখুৰী খন্দাইছিল।

12. পৃথিৱীৰ চাৰিটা প্রাচীন সভ্যতাৰ নাম লিখা। 

উত্তৰঃ- পৃথিৱীৰ চাৰিটা  প্ৰাচীন সভ্য়তাৰ নাম হৈছে- সিন্ধু সভ্য়তা, হৰপ্পা সভ্য়তা, মায়া সভ্য়তা, ইন্কা সভ্য়তা।

13. নৰকাসুৰ আৰু ভগদত্তৰ ৰাজত্ব কালত অসমৰ সীমা কি আছিল লিখাঁ।  

উত্তৰঃ- নৰকাসুৰ আৰু ভগদত্তৰ ৰাজত্ব কালত অসমৰ সীমা এয়াই আছিল যে- পশ্চিম সীমা কৰতোৱা নৈ আছিল। উত্তৰ সীমা তিব্বত আছিল।   

14. ৰজা ভগদত্তৰ বিষয়ে চমুৱাই লিখাঁ।

 উত্তৰঃ- নৰক ৰজাৰ পুতেক ভগদত্ত ভাৰতৰ ভিতৰত এজন বিখ্য়াত ৰজা আছিল। ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱ ৰজা দুৰ্য্য়োধনলৈ বিয়া দিয়ে। দুৰ্য্য়োধনে তেওঁক পাটৰাণী পাতে। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই জোঁৱায়েক দুৰ্য্য়োধনৰ ফলীয়া হৈ ৰণ কৰে। তেওঁ চীন আৰু কিৰাত সৈন্য় আৰু বহুত হাতী লৈ এই যুদ্ধত যোগ দিয়ে। সেই সময়ত ৰজা ভগদত্ত বুঢ়া। তেওঁৰ চকুৰ ভ্ৰূ ওলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্দি লৈ তেওঁ হাতীৰ ওপৰৰ পৰা ৰণ কৰিছিল। ভগদত্তৰ ৰণ-নৈপুণ্য় আৰু বীৰত্বত পাণ্ডৱ সেনা বৰ বিমোৰত পৰে। অৱশেষত শ্ৰীকৃষ্ণৰ ইংগিত মতে অৰ্জুনে কাঁড় মাৰি তেওঁৰ ভ্ৰূৰ পটি কাটি দিয়ে আৰু ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে। বৰ্তমান গুৱাহাটীৰ দীঘলী পুখুৰীটো ৰজা ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰ উপলক্ষে খন্দাইছিল।

5. ঊষা আৰু অনিৰুদ্ধৰ বিবাহৰ কাহিনীটো নিজৰ ভাষাৰে লিখাঁ।

 উত্তৰঃ-

16. চমুটোকা লিখা: 

(a) ঘটোৎকচ

উত্তৰঃ- প্ৰাচীন হিড়িম্বাপুৰৰ ৰজা আছিল ঘটোৎকচ। হিড়িম্বাপুৰৰ বৰ্তমান নাম ডিমাপুৰ। দ্বিতীয় পাণ্ডৱ ভীমে প্ৰাচীন অসমৰ এগৰাকী কন্য়া হিড়িম্বাক বিয়া কৰাইছিল। ঘটোৎকচ এই হিড়িম্বা আৰি বীমৰ পুত্ৰ। ঘটোৎকচ এজন বীৰ আছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰাইছিল। যুদ্ধক তেওঁক কোনোমতে বলে নোৱাৰি বীৰ শ্ৰেষ্ট কৰ্ণই শেষত একাঘ্নি বাণ (অৰ্জুনক বধ কৰিবৰ কাৰণে কৰ্ণই দেৱৰাজ ইন্দ্ৰৰ পৰা এই মহাস্ত্ৰ লাভ কৰিচিল) মাৰি ঘটোৎকচক বধ কৰে। বড়োসকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি কয়।

 (b) বভ্রুবাহন ।

উত্তৰঃ- বভ্ৰুবাহন তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ আছিল। এবাৰ কিবা কাৰণত নিৰ্বাসিত হৈ থাকিব লগা হওঁতে অৰ্জুন ঘূৰি-ফুৰি আহি মণিপুৰ ওলাইছিলহি। তেতিয়া তেওঁ মণিপুৰৰ ৰাজকুমাৰী চিত্ৰাংগদাক বিয়া কৰায়। অৰ্জুন আৰু চিত্ৰাংগদাৰ সন্তানৰ নাম বভ্ৰূবাহন। এবাৰ পাণ্ডৱে অশ্বমেধ যজ্ঞ কৰি মেলি দিয়া ঘোঁৰাটো বভ্ৰুবাহনে ধৰি ৰাখিছিল। ঘোঁৰাটোৰ ৰক্ষক হৈ লগে লগে অহা অৰ্জুনে ঘোঁৰা মোকালাবলৈ বভ্ৰুবাহনৰ সৈতে যুঁজ দিলে। পিতা-পুত্ৰৰ এই ৰণত বভ্ৰুবাহনে অৰ্জুনক পৰাজিত কৰিছিল। শৰবিদ্ধ হৈ অৰ্জুনৰ মৃত্য়ু হোৱাত বভ্ৰুবাহনে দেউতাকৰ বুকুত মৃত-সঞ্জীৱনী মণি থৈ পুনৰ জীয়াই তুলিছিল।

17. ৰজা নৰকৰ ৰাজত্বকালৰ বিষয়ে বুজাই লিখাঁ। 

উত্তৰঃ- নৰক বৰ প্ৰখ্য়াত আৰু বিক্ৰমী ৰজা আছিল। প্ৰাগ্জ্যোতিষপুৰ নগৰখন এওঁ সুৰক্ষিত কৰি সজাই লৈছিল। নীলাচল পাহাৰৰ ওপৰত কামাখ্যা দেৱীৰ মন্দিৰ এৱেঁই প্ৰথমে নিৰ্মাণ কৰিছিল। বৰ্তমান গুৱাহাটীৰ নৰকাসুৰ পৰ্বত আৰু কামাখ্যা পৰ্বতলৈ উটি যোৱা ‘নৰকাসুপপ আলি’য়ে নৰকাসুৰ নামটি মনত পেলায় দিয়ে। এই আলি নিৰ্মাণ কৰা বিষয়ত এটা কিংবদন্তি আছে বুলি জানিব পৰা যায়। 

 কামাখ্যা দেৱীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈ নৰক অত্য়াচাৰী হৈ পৰিছিল। তেওঁ এবাৰ দেৱৰাজ ইন্দ্ৰৰ মাতৃৰ কাণৰ অলংকাৰো চুৰ কৰি প্ৰাগজ্য়োতিষপুৰলৈ লৈ আহিল।

এনেদৰে সু আৰু কু কৰ্মৰ মাজেদিয়েই ৰজা নকৰৰ ৰাজত্বকাল পাৰ হৈ গৈছিল।

18. ভীষ্মক ৰজাৰ ৰাজত্বকালত হােৱা শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী দেৱীৰ বিবাহৰ কাহিনীটো বহলাই লিখাঁ। 

উত্তৰঃ- কুণ্ডিল ৰাজ্য়ৰ ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিনীীৰ দ্বাৰকাৰ পতি শ্ৰীকৃষ্ণৰ ৰূপ-লাৱণ্য আৰু মহিমাৰ কথা শুনি ৰুক্মিনীয়ে তেওঁক স্বামী হিচাবে পাবলৈ ইচ্ছা কৰিছিল। কিন্তু ককায়েক ৰুক্মবীৰে তেওঁক ৰজা শিশুপালতহে বিদা দিবলৈ স্থিৰ কৰিছিল। ৰুক্মিনীয়ে সকলো কথা জনাই বেদনিধি নামৰ ব্ৰাহ্মণ এজনক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াই দিলে। শ্ৰীকৃ,্ণই ৰথ লৈ ততালিকে কুণ্ডিল নগৰ পালে আৰু ছেগ চাই কুক্মিনীক ৰথত তুলি লৈ দ্বাৰকাৰ ফালে যাত্ৰা কৰিলে। মদগৰ্বী ৰুক্মবীৰ আৰু শিশুপালে আগচি তেওঁৰ লগত যুদ্ধ কৰিলে; কিন্তু যুদ্ধত তেওঁলোক পৰাস্ত হ’ল। শ্ৰীকৃষ্ণ আৰু ৰুক্মিনী দেৱী দ্বাৰকা পালেগৈ আৰু তাত তেওঁলোকৰ বিবাহ কাৰ্য্য সম্পন্ন হ’ল।

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping